নীৰজ কাবি এজন ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেতা, পৰিচালক আৰু প্ৰশিক্ষক। আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ, হিন্দী চলচ্চিত্ৰ, থিয়েটাৰ আৰু টেলিভিশ্যনৰ কামৰ বাবে তেওঁক জনা যায়।১২ এক সুকীয়া অভিনয়শৈলী তেওঁৰ অভিনয়ত দেখিবলৈ পোৱা যায়।
প্ৰাথমিক জীৱন
১৯৬৮ চনৰ ১২ মাৰ্চত বিহাৰৰ জামছেদপুৰত নীৰজ কাবিৰৰ জন্ম। জমছেদপুৰৰ লয়লা স্কুলৰ পৰাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। পিছলৈ তেওঁ পুনেৰ চিম্বায়’ছিছ কলেজৰ পৰা কম্পিউটাৰ বিজ্ঞানত ডিপ্লমা লাভ কৰে।
ব্যক্তিগত জীৱন
পিতৃৰ নাম তুষাৰ কাবি, আৰু মাকৰ নাম জাৰিন কাবি। তেওঁৰ এজন ভাতৃ পাৰ্থ কাবি আৰু ভগ্নী ৰাধিকা বিৰ্দি। ফেশ্বন ডিজাইনাৰ দীপালী কোষ্টাৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা এই দম্পতীয়ে শতক্ষী কাবি নামৰ কন্যা সন্তানৰ আশীৰ্বাদ লাভ কৰিছে। দেউতাকৰ ফালৰ পৰা তেওঁ ওডি়য়া।
কেৰিয়াৰ
নীৰজ কাবি এজন স্ব-শিক্ষিত অভিনেতা, পৰিচালক, প্ৰশিক্ষক যিয়ে অভিনয়, পৰিচালনা, প্ৰশিক্ষণ আৰু গৱেষণাৰ সৈতে জড়িত থিয়েটাৰ আৰু ফিল্ম ৰেচিডেন্সি গঢ়াৰ দিশত কাম কৰি আছে।৩ তেওঁ ব্যৱহাৰ কৰা কৌশলসমূহ তেওঁৰ নিজৰ আৱিষ্কাৰ আৰু পৰীক্ষা যিবোৰৰ ওপৰত তেওঁ বহু বছৰ ধৰি ছবি আৰু থিয়েটাৰত অভিনয়ৰ দক্ষতা বিকাশৰ বাবে কাম কৰি আহিছে।৪
যোৱা দুটা দশকৰ পৰা তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰখ্যাত থিয়েটাৰ আৰু চলচ্চিত্ৰ পৰিচালকৰ সৈতে পেছাদাৰী অভিনেতা হিচাপে কাম কৰি আহিছে। নাট্য পৰিচালক হিচাপে তেওঁ ভাৰতীয় আৰু গ্ল’বেল নাট্য গ্ৰন্থৰ ব্যাখ্যাৰ বাবে নগৰীয়া অভিনেতাৰ সৈতে ভাৰতীয় পৰম্পৰাগত শিল্পীসকলক সহযোগিতা কৰাৰ ধাৰণাটো অন্বেষণ কৰি আহিছে। নীৰজে ১৯৯৬ চনৰ পৰা দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰি অভিনেতা, শিশু আৰু অন্যান্য উদ্যোগৰ বাবে নাট্য আৰু অভিনয় কৰ্মশালা পৰিচালনা কৰি আহিছে। যিহেতু নাট্য আৰু চলচ্চিত্ৰই জীৱন পৰিৱৰ্তন কৰিব পৰা উন্নত স্তৰৰ আচৰণ বিজ্ঞানৰ সৈতে জড়িত, সেয়েহে এই কৰ্মশালাসমূহ নাট্য দৰ্শন, নাট্য বিজ্ঞান আৰু নাট্য কলাৰ গভীৰ অন্বেষণৰ ভেটিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
থিয়েটাৰ
১৯৯৮ চনত মুম্বাইত পেছাদাৰী নাট্য অভিনেতা হিচাপে কাম আৰম্ভ কৰিছিল নীৰজে। শ্বেক্সপীয়েৰৰ (বেংকোৰ চৰিত্ৰত), টম ষ্টপাৰ্ড (হেমলেটৰ চৰিত্ৰত), মলিয়েৰ (স্গানাৰেলৰ চৰিত্ৰত), মাৰিভক্স (হাৰ্লেকুইনৰ চৰিত্ৰত), চেকভ (গুৰভ এণ্ড চেকভৰ চৰিত্ৰত), অস্কাৰ ৱাইল্ড (ৰজা হেৰোডৰ চৰিত্ৰত) নাটকত তেওঁ ডাঙৰ বা মুখ্য চৰিত্ৰত অভিনয় কৰিছে ), ইবচেন (টেছমেন হিচাপে), মাৰ্গুৰাইট ডুৰাছ (পিটাৰ মৰ্গানৰ চৰিত্ৰত), ফ্লৰিয়ান জেলাৰ (পিয়েৰৰ চৰিত্ৰত) আদিৰ লগতে আন্তঃৰাষ্ট্ৰীয় আৰু ভাৰতীয় পৰিচালক যেনে ফ্ৰান্সৰ জিন জেক বেলট আৰু এৰিক ভিগনাৰ, ইজৰাইলৰ গিল এলন, আমেৰিকাৰ ৰেনে মিগ্লিয়াচিঅ’ আৰু অতুল কুমাৰ, ৰেহান ইঞ্জিনিয়া আৰু ভাৰতৰ পৰা নাছিৰুদ্দিন শ্বাহৰ সৈতে কাম কৰিছে।
চিনেমা
১৯৯৭ চনত নীৰজৰ চিনেমাৰ কাম আৰম্ভ হয় "The Last Vision"৫ ছবিখনৰ জৰিয়তে, যাৰ পৰিচালক মিষ্টাৰ এ.কে. বীৰ আৰু এন এফ ডি চিৰ দ্বাৰা প্ৰযোজিত যিয়ে ১৯৯৮ চনত ৰাষ্ট্ৰীয় বঁটা লাভ কৰি কায়ৰো আৰু ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতা শাখাত স্থান লাভ কৰে।৫ ইয়াৰ পিছত আনন্দ গান্ধীৰ বিপুল প্ৰশংসিত আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী বৈশিষ্ট্যপূৰ্ণ ছবি "শ্বিপ অৱ থিছিয়াছ"ত ভাৰতীয় সন্ন্যাসী হিচাপে মুখ্য চৰিত্ৰত অভিনয় কৰে। (শ্ৰেষ্ঠ অভিনেতা - চতুৰ্থ জাগৰণ চলচ্চিত্ৰ মহোৎসৱ, ২০১৩ত জুৰীৰ বিশেষ উল্লেখ)৬
শ্যাম বেনেগালৰ টেলিভিছন ধাৰাবাহিক 'সমবিধান'ত মহাত্মা গান্ধীৰ চৰিত্ৰত অভিনয় কৰাৰ পৰা আৰম্ভ কৰি দিবাকৰ বেনাৰ্জীৰ "ডিটেক্টিভ ব্যুমকেশ বক্সী" (য়েশ ৰাজ ফিল্মছ)ত এজন ভিলেইন আৰু "তলৱাৰ"ত দোষী সাব্যস্ত হোৱা পিতৃৰ চৰিত্ৰত অভিনয় কৰিছিল, এইখন মেঘনা গুলজাৰৰ পৰিচালনা আৰু বিশাল ভৰদ্বাজ প্ৰযোজনাৰে এক সত্য জীৱন কাহিনীৰ আধাৰত নিৰ্মিত।
তথ্যসূত্ৰ
- ↑ Neeraj Kabi. IMDb
- ↑ (6 September 2015). I am hungry for good work: 'Talvar' actor Neeraj Kabi. The Indian Express
- ↑ Ghosal, Sharmistha. (12 July 2019). Actor Neeraj Kabi on living his dream in Goutam Ghose's Hindi film, Raahgir. Indulge Express
- ↑ 4 underrated theatre actors you'd love to watch on stage!. Blogbuster Tata Sky
- ↑ Khan, Murtaza Ali. (4 September 2018). Neeraj Kabi and his art of transformation. The Hindu
- ↑ Dundoo, Sangeetha Devi. (3 August 2013). The monk and the producer. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীৰজ কাবি” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৩৪ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।