নিউম'নিয়া হৈছে একপ্ৰকাৰৰ অস্বাস্থ্যকৰ শাৰীৰিক অৱস্থা। প্ৰাথমিকভাৱে হাঁওফাঁওৰ আনুবীক্ষণিক বায়ুকোষবোৰৰ ক্ষতিসাধনৰ ফলত নিউম'নিয়া হয়।১২ ভাইৰাছ বা বেক্টেৰিয়া আৰু অন্য কিছুমান বীজাণুৰ সংক্ৰমণ, কিছুমান দৰৱ, আৰু অন্য কিছুমান ৰোগৰ ফলত উদ্ভৱহোৱা পৰিস্থিতিৰ বাবে নিউম'নিয়া দেখা দিয়ে।১৩ নিউম'নিয়াৰ সাধাৰণ লক্ষণবোৰ হৈছে, কাহ, বুকু বিষ, জ্বৰ আৰু শ্বাস-প্ৰশ্বাসৰ কঠিনতা।৪ ৰঞ্জন ৰশ্মি আৰু খেকাৰ পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়। কিছুমান নিউম'নিয়াৰ বাবে প্ৰতিষেধক ছিটাও উপলব্ধ। ৰোগৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা পদ্ধতিও ভিন্ন হয়। বেক্টেৰিয়াজনিত নিউম'নিয়াৰ বাবে বেক্টেৰিয়া প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰা হয়। সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় ৪৫০ নিযুত লোক (জনসংখ্যাৰ ৭%) নিউম'নিয়াত আক্ৰান্ত হয় আৰু প্ৰায় ৪ নিযুত লোকৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ McLuckie. (2009). Respiratory disease and its management. Springer. পৃ. 51. ISBN 978-1-84882-094-4
- ↑ Leach, Richard E. (2009). Acute and Critical Care Medicine at a Glance. Wiley-Blackwell. ISBN 1-4051-6139-6
- ↑ Jeffrey C. Pommerville. (2010). Alcamo's Fundamentals of Microbiology. Jones & Bartlett. পৃ. 323. ISBN 0-7637-6258-X
- ↑ Ashby, Bonnie; Turkington, Carol. (2007). The encyclopedia of infectious diseases. Facts on File. পৃ. 242. ISBN 0-8160-6397-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিউম'নিয়া” প্ৰবন্ধৰ সংশোধন ৬৩২২৮২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।