অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

নাৰীবাদী ধৰ্মতত্ত্ব

নাৰীবাদী ধৰ্মতত্ত্ব (Feminist theology)হৈছে বৌদ্ধ, হিন্দু, শিখ, নব্য পৌত্তলিক, বাহাই বিশ্বাস, ইহুদী, ইছলাম, খ্ৰীষ্টান ধৰ্ম আৰু নতুন চিন্তাকে ধৰি কেইবাটাও ধৰ্মত দৃষ্টিগোচৰ হোৱা আন্দোলন, যাৰ দ্বাৰা সেই ধৰ্মসমূহৰ পৰম্পৰা, আচাৰ-ব্যৱহাৰ, শাস্ত্ৰ আৰু ধৰ্মতত্ত্বসমূহ নাৰীবাদী দৃষ্টিকোণৰ পৰা পুনৰ বিবেচনা…

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৮২ শব্দ · ৩ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

নাৰীবাদী ধৰ্মতত্ত্ব (Feminist theology)হৈছে বৌদ্ধ, হিন্দু, শিখ, নব্য পৌত্তলিক, বাহাই বিশ্বাস, ইহুদী, ইছলাম, খ্ৰীষ্টধৰ্ম আৰু নতুন চিন্তাকে ধৰি কেইবাটাও ধৰ্মত দৃষ্টিগোচৰ হোৱা আন্দোলন, যাৰ দ্বাৰা সেই ধৰ্মসমূহৰ পৰম্পৰা, আচাৰ-ব্যৱহাৰ, শাস্ত্ৰ আৰু ধৰ্মতত্ত্বসমূহ নাৰীবাদী দৃষ্টিকোণৰ পৰা পুনৰ বিবেচনা কৰা হয়। নাৰীবাদী ধৰ্মতত্ত্বৰ দুটামান লক্ষ্য হ'ল ধৰ্মগুৰু আৰু ধৰ্মীয় কৰ্তৃপক্ষৰ মাজত নাৰীৰ ভূমিকা বৃদ্ধি কৰা, পিতৃতান্ত্ৰিক (পুৰুষ প্ৰধান) চিত্ৰকল্প আৰু ঈশ্বৰৰ বিষয়ে পুনৰ ব্যাখ্যা কৰা, কেৰিয়াৰ আৰু মাতৃত্বৰ সম্পৰ্কত নাৰীৰ স্থান নিৰ্ণয় কৰা, ধৰ্মসমূহত নাৰীৰ প্ৰতিচ্ছবি অধ্যয়ন কৰা ইত্যাদি।১

পদ্ধতি

নাৰীবাদী ধৰ্মতত্ত্বৰ বিকাশ

এই আন্দোলনৰ আৰম্ভণিৰ কোনো নিৰ্দিষ্ট তাৰিখ নাই যদিও ইয়াৰ উৎপত্তি ১৯৬০ চনৰ ভেলেৰী চেভিং (গোল্ডষ্টেইন)ৰ দ্বাৰা লিখা "দ্য হিউমেন চিচুৱেচন: এ ফেমিনাইন ভিউ" নামৰ প্ৰবন্ধটোৰ পৰা অনুসন্ধান কৰিব পাৰি।২ তেওঁৰ ৰচনাখনে আধুনিক দৃষ্টিভংগীৰে পুৰুষৰ বাবে পুৰুষে লিখা ধৰ্মতত্ত্বক প্ৰশ্ন কৰিছিল যাতে তাৰ পিছৰ বছৰসমূহত সৃষ্টি হোৱা, নাৰীক অত্যাচাৰ কৰা পিতৃতান্ত্ৰিক ব্যৱস্থাক ভাঙি পেলাব পৰা যায়। চেভিঙৰ গ্ৰন্থ প্ৰকাশ পোৱাৰ পিছত বহু পণ্ডিতে তেওঁৰ ধাৰণাসমূহ গ্ৰহণ কৰি সেইবোৰৰ ওপৰত বিশদভাৱে আলোচনা কৰিছিল, যিয়ে নাৰীবাদী ধৰ্মতত্ত্ব আন্দোলনক আৰু অধিক গাঢ় কৰি তুলিছিল। গ্ৰেঞ্জ আৰু অলছনে নাৰীবাদী ধৰ্মতত্ত্বৰ পদক্ষেপসমূহক তিনিধৰণে ভাবে৷ প্ৰথমতে, নাৰীবাদী ধৰ্মতত্ত্ববিদসকলে অতীতত নাৰীৰ ব্যৱহাৰৰ সমালোচনা কৰে৷ দ্বিতীয়তে, তেওঁলোকে নাৰীবাদী মতাদৰ্শক সমৰ্থন কৰা বিকল্প বাইবেল/ধৰ্মীয় গ্ৰন্থ নিৰ্ধাৰণ কৰে আৰু তৃতীয়তে, তেওঁলোকে মান, পুনৰুদ্ধাৰ, বিলুপ্তি আৰু/বা পুনৰীক্ষণৰ জৰিয়তে নতুন ধৰ্মতত্ত্বৰ দাবী কৰে।৩গ্ৰেঞ্জ আৰু অলচনে এইটোও উল্লেখ কৰিছে যে সকলো নাৰীবাদীয়ে ব্যৱস্থাটোত এটা ত্ৰুটি আছে বুলি একমত হ'লেও বাইবেল আৰু খ্ৰীষ্টান পৰম্পৰাৰ বাহিৰত কিমান দূৰলৈকে মহিলাসকলে নিজৰ আদৰ্শৰ সমৰ্থন বিচাৰিবলৈ ইচ্ছুক সেই সম্পৰ্কে মতানৈক্য আছে।৪ নাৰীবাদী ধৰ্মতত্ত্ব খ্ৰীষ্টান ধৰ্মৰ বাহিৰৰ অন্য ধৰ্ম বা আধ্যাত্মিক সংযোগৰ সৈতে জড়িত হ’লেও এই ধাৰণাটো গুৰুত্বপূৰ্ণ।

প্ৰাগঐতিহাসিক ধৰ্ম আৰু পুৰাতত্ত্ব

একশ্বৰবাদী বা প্ৰায় একশ্বৰবাদী "মহান দেৱী"ৰ প্ৰাধান্যক কিছুমান আধুনিক মাতৃতন্ত্ৰবাদীয়ে ভূমধ্যসাগৰীয় অক্ষ যুগত একশ্বৰবাদৰ ঐতিহাসিক উত্থানৰ সৈতে জড়িত আব্ৰাহামী ঈশ্বৰৰ নাৰী সংস্কৰণ, পূৰ্বৰ বা অনুৰূপ হিচাপে পোষকতা কৰে।

মাতৃ প্ৰকৃতি (কেতিয়াবা পৃথিৱী মাতৃ বুলিও জনা যায়) হৈছে প্ৰকৃতিৰ এক সাধাৰণ প্ৰতিনিধিত্ব যিয়ে প্ৰকৃতিক মাতৃৰ ৰূপত মূৰ্ত কৰি প্ৰকৃতিৰ জীৱনদায়ক আৰু লালন-পালনকাৰী বৈশিষ্ট্যসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৃথিৱী মাতৃক প্ৰতিনিধিত্ব কৰা নাৰীৰ প্ৰতিচ্ছবি, আৰু মাতৃ প্ৰকৃতিক কালজয়ী বুলি ভবা হয়। প্ৰাগঐতিহাসিক যুগত দেৱীসকলক উৰ্বৰতা আৰু কৃষি দানৰ সৈতে সংযুক্ততাৰ বাবে পূজা কৰা হৈছিল। পিতৃতান্ত্ৰিক ধৰ্ম আৰম্ভ হোৱাৰ আগৰ সহস্ৰাব্দবোৰত ইনকান, অচূৰিয়ান, বেবিলনিয়ান, স্লাভনিক, ৰোমান, গ্ৰীক, ভাৰতীয় আৰু ইৰ’ক’ইয়ান ধৰ্মৰ কিছুমান দিশৰ ওপৰত পুৰোহিতসকলে আধিপত্য বিস্তাৰ কৰিছিল।

লিংগ আৰু ঈশ্বৰ

নাৰীবাদী আধ্যাত্মিকতা চৰ্চা কৰা আন কিছুমানে হয়তো ইয়াৰ পৰিৱৰ্তে পশ্চিমীয়া একশ্বৰবাদী পৰম্পৰাৰ নাৰীবাদী পুনৰ ব্যাখ্যাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব পাৰে। সেই ক্ষেত্ৰত ঈশ্বৰক পুৰুষ লিংগ থকা বুলি গণ্য কৰা ধাৰণাটো নাকচ কৰা হয়, আৰু পুৰুষৰ সৰ্বনাম ব্যৱহাৰ কৰা বুলি ঈশ্বৰক উল্লেখ কৰা নহয়। নাৰীবাদী আধ্যাত্মিকতাই ঈশ্বৰৰ প্ৰতিচ্ছবিৰ প্ৰতিও আপত্তি কৰিব পাৰে যিবোৰক তেওঁলোকে স্বৈৰাচাৰী, পিতৃ-মাতৃ বা অনুশাসনমূলক বুলি অনুভৱ কৰে৷ ইয়াৰ পৰিৱৰ্তে "মাতৃত্বৰ" বৈশিষ্ট্য যেনে:লালন-পালন, গ্ৰহণযোগ্যতা আৰু সৃষ্টিশীলতাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰে।৫

নতুন চিন্তাৰ আন্দোলন

আন্দোলন হিচাপে নতুন চিন্তাৰ কোনো একক উৎপত্তি নাছিল, বৰঞ্চ ইয়াক কেইবাজনো আধ্যাত্মিক চিন্তাবিদ আৰু দাৰ্শনিকে আগুৱাই লৈ গৈছিল আৰু বিভিন্ন ধৰ্মীয় ধৰ্মগোষ্ঠী আৰু গীৰ্জাৰ জৰিয়তে বিশেষকৈ ইউনিটি চাৰ্চ, ৰিলিজিয়াছ ছায়েন্স আৰু চাৰ্চ অৱ ডিভাইন ছায়েন্সৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। ৬ ই আছিল নাৰীবাদী আন্দোলন কাৰণ ইয়াৰ বেছিভাগ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী আছিল মহিলা৷ আন্দোলনৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত উল্লেখযোগ্য আছিল এমা কাৰ্টিছ হপকিন্স৬, মাৰ্টিল ফিলম'ৰ, মালিণ্ডা ক্ৰেমাৰ আৰু নোনা এল ব্ৰুকছ৷ ইয়াৰ বেছিভাগ গীৰ্জা আৰু কমিউনিটি চেণ্টাৰসমূহ ১৮৮০ চনৰ পৰা আজি পৰ্যন্ত মহিলাৰ নেতৃত্বত আছিল।৭৮

তথ্যসূত্ৰ

  1. ↑ (2008-12-18). What Is Feminist Theology?. Voices of Sophia
  2. ↑ Saiving, Valerie. (1960). The Human Situation: A Feminine View. Journal of Feminist Studies in Religion. পৃ. 75–78
  3. ↑ Grenz and Olson, p. 227
  4. ↑ Grenz and Olson, p. 229
  5. ↑ Moder, Ally. (2019-09-01). Women, Personhood, and the Male God: A Feminist Critique of Patriarchal Concepts of God in View of Domestic Abuse. Feminist Theology. পৃ. 85–103
  6. ↑ Lewis, James R. (1992). Perspectives on the New Age. SUNY Press. পৃ. 16–18. ISBN 978-0-7914-1213-8
  7. ↑ Harley, Gail M.; Danny L. Jorgensen. (2002). Emma Curtis Hopkins: Forgotten Founder of New Thought. Syracuse University Press. পৃ. 79. ISBN 978-0-8156-2933-7
  8. ↑ Bednarowski, Mary Farrell. (1999). The Religious Imagination of American Women. Indiana University Press. পৃ. 81. ISBN 978-0-253-21338-9

সম্পৰ্কিত শ্ৰেণী

নাৰীবাদী তত্ত্ব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাৰীবাদী ধৰ্মতত্ত্ব” প্ৰবন্ধৰ সংশোধন ৬৩০৯০২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।