অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাহিদ ইছলাম

মো. নাহিদ ইছলাম বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অসহযোগ কাৰ্যসূচীত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগৰ এক দফা দাবী ঘোষণা কৰি সফল হয়।

হালনাগাদ: ৪ মে’ ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মো. নাহিদ ইছলাম বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ অসহযোগ কাৰ্যসূচীত প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাৰ পদত্যাগৰ এক দফা দাবী ঘোষণা কৰি সফল হয়।১

কৰ্মজীৱন

২০২৪ চনৰ ৮ আগষ্টত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰি ৯ আগষ্টত ডাক, দূৰসংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে নিযুক্তি লাভ কৰে। ২০২৪ চনৰ ১৬ আগষ্টত তেওঁক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উপদেষ্টা হিচাপে নিযুক্তি দিয়া হয়।

প্ৰাথমিক জীৱন আৰু শিক্ষা

নাহিদ ইছলামৰ ডাকনাম ফাহিম। ১৯৯৮ চনত ঢাকাত জন্মগ্ৰহণ কৰিছিল। পিতৃ শিক্ষক আৰু মা গৃহিণী। তেওঁৰ সৰু ভাইটি আছে। ২০১৪ চনত ঢাকাৰ দক্ষিণ বনশ্ৰী মডেল হাইস্কুলৰ পৰা এছ এছ চি উত্তীৰ্ণ হয়। ২০১৬ চনত চৰকাৰী বিজ্ঞান মহাবিদ্যালয়ৰ পৰা এইচএসছি উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ সমাজবিজ্ঞান বিভাগত ভৰ্তি হয়। ২০২২ চনত তেওঁ সন্মানত উত্তীৰ্ণ হয়। বৰ্তমান তেওঁ একেটা বিভাগতে স্নাতকোত্তৰ ছাত্ৰ। নাহিদৰ বিয়া হৈ গৈছে। আন্দোলনকাৰী হোৱাৰ উপৰিও তেওঁৰ ৰাজনৈতিক পৰিচয় আছে। তেওঁ গণতান্ত্ৰিক ছাত্ৰ শক্তিৰ কেন্দ্ৰীয় নেতা।

তথ্যসূত্ৰ

  1. ↑ শৰ্মা, বৰাশা. (৬ আগষ্ট ২০২৪). নাহিদ ইছলাম কোন? যাৰ নেতৃত্বত বাংলাদেশত ভংগ হ’ল শ্বেখ হাছিনাৰ চৰকাৰ…. টিভি ৯ অসমীয়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহিদ ইছলাম” প্ৰবন্ধৰ সংশোধন ৬০৪৩৪২ (৪ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।