অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

নাওমি অ'ছাকা

নাওমি অ'ছাকা (Naomi Osaka), জন্ম ১৬ অক্টোবৰ, ১৯৯৭) হৈছে এগৰাকী জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷ মহিলা টেনিছ সন্থাৰ দ্বাৰা তালিকাভুক্ত তেখেত হৈছে ডব্লিউ টি এ শীৰ্ষ স্থানত থকা খেলুৱৈ৷ শীৰ্ষস্থান লাভ কৰা জাপানী পুৰুষ আৰু মহিলা খেলুৱৈৰ ভিতৰত অ'ছাকাই প্ৰথম৷ নাওমিয়ে গ্ৰেণ্ড শ্লেমৰ একক খিতাপ চাৰিবাৰ জয়…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৭০৯ শব্দ · ৪ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

নাওমি অ'ছাকা (Naomi Osaka), জন্ম ১৬ অক্টোবৰ, ১৯৯৭) হৈছে এগৰাকী জাপানী পেছাদাৰী টেনিছ খেলুৱৈ৷ মহিলা টেনিছ সন্থাৰ দ্বাৰা তালিকাভুক্ত তেখেত হৈছে ডব্লিউ টি এ শীৰ্ষ স্থানত থকা খেলুৱৈ৷ শীৰ্ষস্থান লাভ কৰা জাপানী পুৰুষ আৰু মহিলা খেলুৱৈৰ ভিতৰত অ'ছাকাই প্ৰথম৷১ নাওমিয়ে গ্ৰেণ্ড শ্লেমৰ একক খিতাপ চাৰিবাৰ জয় কৰিছে আৰু ২০২১ বৰ্ষৰ অষ্ট্ৰেলিয়ান অপেনত আধিপত্য বিস্তাৰ কৰিছে৷ ২০১৮ চনৰ ইউ এছ অপেনৰ মহিলা একক শাখা আৰু ২০১৯ চনৰ অষ্ট্ৰেলিয়ান অপেনৰ মহিলা-একক শাখাত নাওমিয়ে প্ৰথম দুটা গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰে৷ ২০০১ চনত জেনিফাৰ কেপ্ৰিয়াটিৰ পিছতেই ক্ৰমাগতভাৱে দুটা গ্ৰেণ্ড শ্লেম অৰ্জন কৰা নাওমি প্ৰথমগৰাকী খেলুৱৈ৷ ইয়াৰ লগতে ছেৰেনা উইলিয়ামছৰ (২০১৫) পিছত ক্ৰমাগতভাৱে গ্ৰেণ্ড শ্লেম একক খিতাপ জয় কৰা নাওমি প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৯৭ চনৰ ১৬ অক্টোবৰত নাওমি অ'ছাকাৰ জন্ম লৈছিল৷ জন্মস্থান আছিল জাপানৰ ছো-কু, অ'ছাকা৷ নাওমিৰ পিতৃ-মাতৃ হৈছে টামাকি অ'ছাকা আৰু লিঅ'নাৰ্ড ফ্ৰাংকয়ছ৷২ নাওমিৰ মাতৃ হকাইড'ৰ নেমুৰুৰ আৰু পিতৃ হৈছে হাইটিৰ জেকমেলৰ৷ নাওমিৰ জ্যেষ্ঠা ভগ্নী মেৰী অ'ছাকা হৈছে এগৰাকী প্ৰাক্তন পেছাদাৰী টেনিছ খেলুৱৈ৷ জাপানত থকাৰ সময়তে দুয়োগৰাকী কন্যাকে মাতৃৰ পাৰিবাৰিক নামটো দিয়া হয় কেৱল ব্যৱহাৰিক কাৰণতে৷ ৩৪

তিনি বছৰ বয়সত অ'ছাকা আৰু তেওঁৰ পৰিয়ালটো জাপানৰ পৰা নিউ ইয়ৰ্কৰ এলমণ্টলৈ আহে আৰু তেওঁলোকৰ পিতৃৰ লগত থাকিবলৈ লয়৷ ১৯৯৯ চনৰ ফ্ৰেন্স অপেনত উইলিয়ামছ ভগ্নীৰ খেল দেখি তেওঁলোকৰ পিতৃ প্ৰভাৱিত হৈছিল আৰু নিজৰ জীয়েক দুগৰাকীকো টেনিছ শিকাবলৈ অনুপ্ৰাণিত হৈছিল৷ উইলিয়ামছ ভগ্নীদ্বয়ৰ পিতৃ ৰিচাৰ্ড উইলিয়ামছে কিদৰে টেনিছৰ সামান্য অভিজ্ঞতা থকা সত্ত্বেও নিজৰ কন্যা দুগৰাকীক বিশ্বৰ শ্ৰেষ্ঠ টেনিছ খেলুৱৈৰ আসনত বহুৱাবলৈ সক্ষম হৈছিল৷ ফ্ৰাংকয়ছে কৈছিল যে-"the blueprint was already there. I just had to follow it."(৷) আমেৰিকা যুক্তৰাষ্ট্ৰত থিতাপি লোৱাৰ পাছতেই তেওঁ নাওমি আৰু মেৰিক প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰে৷ ৩ ২০০৬ চনত তেওঁলোকৰ পৰিয়ালটো ফ্লৰিডালৈ আহে৷ সেইসময়ত নাওমিৰ বয়স আছিল আঠ বা ন ৷ ফ্লৰিডালৈ অহাৰ উদ্দেশ্য আছিল তেওঁলোকৰ বাবে প্ৰশিক্ষণৰ সুবিধাবোৰ উন্নততৰ কৰা৷ দিনৰ ভাগত নাওমিয়ে পেমব্ৰক পাইনছৰ ৰাজহুৱা কৰ্টত প্ৰশিক্ষিত হৈছিল আৰু নিশাৰ ভাগত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ঘৰুৱাভাৱে (Homeschooling) বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছিল৷ ৩ ১৫ বছৰ বয়সত নাওমিয়ে আইএছপি একাডেমিৰ পেট্ৰিক ট'মাৰ লগত জড়িত হয়৷ ৫ ২০১৪ চনত নাওমি হেৰল্ড ছ'ল'ম'ন টেনিছ একাডেমীলৈ স্থানান্তৰিত হয়৷ ৬পৰৱৰ্তী সময়ত নাওমিয়ে প্ৰ'ৱৰ্ল্ড টেনিছ একাডেমীত প্ৰশিক্ষণ গ্ৰহণ কৰে৷ ৭

অ'ছাকা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰত লালিত-পালিত হৈছিল, অভিভাৱকে সিদ্ধান্ত লৈছিল যে- কন্যা দুগৰাকীয়ে জাপানক প্ৰতিনিধিত্ব কৰিব৷ তেওঁলোকে কৈছিল, "We made the decision that Naomi would represent Japan at an early age. She was born in Osaka and was brought up in a household of Japanese and Haitian culture. Quite simply, Naomi and her sister Mari have always felt Japanese so that was our only rationale. It was never a financially motivated decision nor were we ever swayed either way by any national federation."৭ অৱশ্যে এই সিদ্ধান্তটো আমেৰিকা যুক্তৰাষ্ট্ৰ টেনিছ সন্থাৰ অৱহেলাসূচক মনোভংগীৰ দ্বাৰাও প্ৰভাৱিত হ'ব পাৰে; যি সময়ত নাওমি এগৰাকী যুৱ খেলুৱৈ আছিল৷ ৩ ১৬ বছৰ বয়সত আমেৰিকান টেনিছ সন্থাই নাওমিক ফ্লৰিডাস্থিত বোকা ৰেটনত ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লোৱাৰ এটা সুযোগ প্ৰদান কৰিছিল; পিছে তেওঁ সেই অনুৰোধ নাকচ কৰে৷ ৭

ব্যক্তিগত জীৱন

চাৰ্ভ কৰাৰ মুহূৰ্তত অ'ছাকা
চাৰ্ভ কৰাৰ মুহূৰ্তত অ'ছাকাছবি: Peter Menzel · CC BY-SA 2.0

অ'ছাকা ডব্লিউটিএ ট্যুৰৰ আৰম্ভণিৰ সময়ছোৱাত এটি লজ্জাশীল আৰু সংৰক্ষিত ব্যক্তিত্বৰ গৰাকী আছিল৷৮ নাওমিৰ প্ৰাক্তন প্ৰশিক্ষক চাছ্ছা বাজিন নাওমিৰ এনে ব্যক্তিত্বক লৈ প্ৰায়েই খেলিমেলিত ভুগিছিল৷ তেওঁ কৈছিল- "I thought she was a little bit more of a diva because she didn't talk much. She doesn't really look at someone's eyes, but that's just because she was always so shy ... Back then I didn't know for what reason."৯ অ'ছাকা বৰ মুকলিমূৰীয়া৷ আৰু তেওঁৰ ৰসবোধক সততে শুকান বুলি অভিহিত কৰা হয়৷ ২০১৮ চনৰ ইণ্ডিয়ান ৱেলছ অপেনৰ বিজয়ী অনুষ্ঠানত অ'ছাকাই ক'বলৈ আৰম্ভ কৰিছিল- "Um, hello ... I'm Naom ... oh never mind" আৰু পাছলৈ কৈছিল, "This is probably going to be the worst acceptance speech of all time"৷ নাওমিয়ে নিজৰ স্পনছ'ৰকে প্ৰমুখ্য কৰি একাধিক লোকৰ নাম ক'বলৈ পাহৰি গৈছিল৷১০১১

আমেৰিকান ৰেপাৰ কৰ্ডিৰ সৈতে অ'ছাকাৰ সম্পৰ্ক গঢ়ি উঠিছে৷ ১২১৩

২০২১ চনত অ'ছাকাই আমেৰিকাৰ শীৰ্ষস্থানীয় মহিলা ফুটবল সন্থা, ৰাষ্ট্ৰীয় মহিলা ছকাৰ লীগত নৰ্থ কেৰোলিনা কাৰেজ দলৰ সহ-স্বত্বাধিকাৰী হৈ পৰে৷ ১৪১৫

বিজ্ঞাপনৰ জগতত

পৃথিৱীৰ সাবতোকৈ বিপণনযোগ্য ক্ৰীড়াবিদসকলৰ ভিতৰত অ'ছাকা অন্যতম৷ ২০১৯ চনত অ'ছাকাই প্ৰায় ১৬ মিলিয়ন ডলাৰ বিজ্ঞাপন/এণ্ডৰ্ছমেণ্টৰ জৰিয়তে আহৰণ কৰিছে৷ ২৫ মিলিয়ন ডলাৰ অৰ্জন কৰা ছেৰেনা উইলিয়ামছৰ পিছতেই অ'ছাকাই মহিলা এথলিটৰ তালিকাত স্থান পায়৷১৬ পৰৱৰ্তী বৰ্ষত ৩৭.৪ মিলিয়ন ডলাৰ অৰ্জন কৰি অ'ছাকা হৈ পৰে সৰ্বকালৰ মহিলা এথলিটৰ ভিতৰত সৰ্বাধিক উপাৰ্জনকাৰী৷ ইয়াৰে ৩৪মিলিয়ন ডলাৰ তেওঁ বিজ্ঞাপনৰ জৰিয়তে আহৰণ কৰে৷ ১৭১৮

২০২১ বৰ্ষৰ জানুৱাৰী মাহত অ'ছাকাক টেগ হিউৰ ঘড়ী আৰু লুইছ ভুইট্টনৰ ব্ৰেণ্ড এম্বাছাদৰ হিচাপে নিয়োগ কৰা হয়৷১৯

সামাজিক দিশত সক্ৰিয়তা

পেছাদাৰী টেনিছত অ'ছাকা এগৰাকী শীৰ্ষতম সক্ৰিয় সমাজকৰ্মী হিচাপে পৰিগণিত হৈছে৷ পুলিচৰ হাতত প্ৰাণ হেৰুওৱা জেকব ব্লেইকৰ ঘটনাটোৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে ২০২০ চনৰ নিউ ইয়ৰ্কত হোৱা ছিনছিনাটি অপেনৰ পৰা অ'ছাকাই নিজৰ নাম প্ৰত্যাহাৰ কৰে৷ পৰিণতিস্বৰূপে টুৰ্ণামেণ্টখনে এদিনৰ বাবে ডব্লিউটিএ আৰু এটিপি পৰ্যায়ৰ সকলো খেল অ'ছাকাৰ সমৰ্থনত বাতিল কৰিবলগীয়াত পৰে৷ ২০২১ ২০২০ চনৰ পৰৱৰ্তী সপ্তাহটোতে অনুষ্ঠিত হোৱা ইউএছ অপেনত অ'ছাকাই প্ৰতিদিনে কৰ্টত নমাৰ পূৰ্বে পৰিধান কৰা মাস্কবোৰত আফ্ৰিকীয় আমেৰিকান মূলৰ আৰক্ষীৰ হাতত মৃত্যু হোৱা ব্যক্তিকেইগৰাকীৰ নাম লিখা আছিল৷ সেইসকল হৈছে ব্ৰেৰোনা টেয়লৰ, এলিজাহ মেকলেইন, আহমাউদ আৰবেৰি, ট্ৰেভেয়ন মাৰ্টিন, জৰ্জ ফ্লয়ড, ফিলাণ্ডো কেষ্টাইল আৰু টামিৰ ৰাইচ৷ অ'ছাকাৰ এই নিদৰ্শনক মাৰ্টিন আৰু আৰ্বেৰিৰ পিতৃ-মাতৃৃয়ে পোনপটীয়াকৈ প্ৰশংসা কৰে৷ ২২২৩ অ'ছাকাই ব্লেক লাইভছ মেটাৰ আন্দোলনক সমৰ্থন কৰা আৰু আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ ব্যক্তিগত কাৰণবোৰ এস্কুয়াৰ আলোচনীৰ এক অ'প-এডত উল্লেখ কৰিছিল৷২৪

সামাজিক সজাগতাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে ২০২০ বৰ্ষত অ'ছাকাক Sports Illustrated Sportsperson of the Year'' হিচাপে ঘোষণা কৰা হয়৷ ২৫

তথ্যসূত্ৰ

  1. ↑ Naomi Osaka ascends to No.1
  2. ↑ Naomi Osaka. WTA Tennis
  3. ↑ Larmer, Brook. (August 23, 2018). Naomi Osaka's Breakthrough Game. The New York Times
  4. ↑ Noori Farzan, Antonia. (September 10, 2018). Japanese, Haitian, and now a Grand Slam winner: Naomi Osaka's historic journey to the U.S. Open. Washington Post
  5. ↑ Naomi Osaka Tennis Biography. Patrick Tauma
  6. ↑ Downs, Tom. Naomi Osaka: Japanese Firepower. Tennis View Magazine
  7. ↑ Perrota, Tom. (September 12, 2018). Naomi Osaka: The Tennis Star Who Was Overlooked by Everyone. Wall Street Journal
  8. ↑ Santhanam, Anuradha. (September 7, 2018). US Open 2018: Naomi Osaka, the new face of tennis, gears up for another battle against 'biggest idol' Serena Williams. First Post
  9. ↑ Osborn, Richard. Naomi Osaka's coach Sascha Bajin juggles coach, peacemaker roles. US Open
  10. ↑ (March 18, 2018). 'Worst acceptance speech of all time': Nervous Osaka claims victory. Sydney Morning Herald
  11. ↑ Get used to more speeches – Naomi Osaka has all the attributes to reach the very top. The National
  12. ↑ YBN Cordae Discusses Girlfriend Naomi Osaka's U.S. Open Success. Complex
  13. ↑ (August 26, 2020). Top 5 Photos 8/26: Osaka wishes Cordae a happy birthday. Baseline Tennis
  14. ↑ Naomi Osaka debuted a new kit at the Australian Open for the NWSL team she now owns. Insider
  15. ↑ Ownership. North Carolina Courage
  16. ↑ The Highest-Paid Female Athletes 2019: Serena And Osaka Dominate. Forbes
  17. ↑ Badenhausen, Kurt. (May 22, 2020). Naomi Osaka Is The Highest-Paid Female Athlete Ever, Topping Serena Williams. Forbes
  18. ↑ (May 23, 2020). Osaka Naomi highest-paid female athlete ever. NHK World-Japan
  19. ↑ Oscar Holland. Naomi Osaka revealed as the new face of Louis Vuitton. CNN
  20. ↑ Macfarlane, Christina. 'I have a lot of regrets.' Tennis champion Naomi Osaka opens up about her crippling shyness. CNN
  21. ↑ (August 27, 2020). Naomi Osaka stops playing at Cincy Open as part of social justice protest. Kyodo News
  22. ↑ Ramsay, George. (September 14, 2020). These are the Black victims Naomi Osaka is honoring on face masks at the US Open. CNN
  23. ↑ Holcombe, Madeline; Martin, Jill. (September 9, 2020). Naomi Osaka nearly moved to tears by messages from families of Ahmaud Arbery and Trayvon Martin. CNN
  24. ↑ Osaka, Naomi. (July 1, 2020). I Never Would've Imagined Writing This Two Years Ago. Esquire
  25. ↑ (2020-12-06). SI's 2020 Sportsperson of the Year: The Activist Athlete. Sports Illustrated

সম্পৰ্কিত শ্ৰেণী

টেনিছ খেলুৱৈখেলুৱৈ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাওমি অ'ছাকা” প্ৰবন্ধৰ সংশোধন ৬৩৭২৬৯ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।