নন্দিতা শ্বাহ (: Nandita Shah জন্ম ১৯৫৯); এগৰাকী ভাৰতীয় হোমিঅ'পেথ আৰু লেখিকা। ১৯৮১ চনত চিকিৎসালয় আৰম্ভ কৰি ২০০৫ চনত বেচৰকাৰী সংস্থা চেঞ্চুৰী ফৰ হেল্থ এণ্ড ৰিকনেকচন টু এনিমেলছ এণ্ড নেচাৰ (SHARAN) প্ৰতিষ্ঠা কৰে। নন্দিতাই ২০১৬ চনত নাৰী শক্তিৰ সন্মান লাভ কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৫৯ চনৰ ১৫ ফেব্ৰুৱাৰীত মুম্বাইত নন্দিতা শ্বাহৰ জন্ম হৈছিল।১ মুম্বাইৰ চিএমপি হোমিঅ'পেথিক মেডিকেল কলেজৰ পৰা হোমিঅ'পেথিত বিশেষজ্ঞ চিকিৎসা চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰে আৰু ১৯৮১ চনৰ পৰা চিকিৎসা কৰি আহিছে।২ ১৯৮৫ চনৰ পৰা শ্বাহ নিৰামিষভোজী হয়।৩ ১৯৯৯ চনত অ'ৰ'ভিললৈ যোৱাৰ আগতে তেওঁ নিউয়ৰ্কৰ ৱাটকিন্স গ্লেনৰ এটা পশু আশ্ৰয় শিবিৰ ফাৰ্ম চেঞ্চুৰীত ইন্টাৰ্ণ হিচাপে কাম কৰিছিল।২
কৰ্ম জীৱন
২০০৫ চনত শ্বাহে স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ প্ৰসাৰৰ বাবে বেচৰকাৰী সংস্থা চেঞ্চুৰী ফৰ হেল্থ এণ্ড ৰিকানেকচন টু এনিমেলছ এণ্ড নেচাৰ (SHARAN) প্ৰতিষ্ঠা কৰে।২ তেওঁৰ মতে নিৰামিষ খাদ্য আৰু কেঁচা খাদ্য গ্ৰহণে হতাশা, ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হৃদৰোগৰ দৰে সমস্যাসমূহ প্ৰতিৰোধ কৰিব পাৰে।৩ ভাৰতত ক'ভিড-১৯ মহামাৰীৰ সময়ত শৰণে বিনামূলীয়া অনলাইন ৰন্ধন কৰ্মশালাৰ ব্যৱস্থা কৰিছিল।৪
ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণব মুখাৰ্জীয়ে নতুন দিল্লীত ৰাষ্ট্ৰপতি ভৱনত উপস্থাপন কৰা ২০১৬ চনৰ নাৰী শক্তিৰ সন্মান লাভ কৰা তামিলনাডুৰ চাৰিগৰাকী মহিলাৰ ভিতৰত শ্বাহ অন্যতম।৫ শ্বাহ ৰিভাৰ্ছিং ডায়েবেটিছ ইন ২১ ডেজ নামৰ গ্ৰন্থখনৰ লেখক।৪ তেওঁৰ মতে গাখীৰত থকা প্ৰটিন ডায়েবেটিছৰ কাৰণ হ’ব পাৰে।৬ ২০২০ চনৰ হিচাপত তেওঁ অৰ'ভিলত বাস কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ Nandita Shah. www.wholehealthnow.com
- ↑ Dr. Nandita Shah. SHARAN
- ↑ Dadhwal, Sheetal. (18 February 2020). 'Everything that is advertised is not healthy'. Tribune India
- ↑ Anantharam, Chitra Deepa. (31 March 2020). SHARAN offers free online classes for building immunity using plant-based food. The Hindu
- ↑ Special correspondent. (9 March 2017). Four from State receive Nari Shakti awards. The Hindu
- ↑ Dundoo, Sangeetha Devi. (16 November 2014). Against the norm. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নন্দিতা শ্বাহ” প্ৰবন্ধৰ সংশোধন ৪৯৪৭৯২ (২০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।