অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দিল্লী মেট্ৰ ৰে'ল নিগম

দিল্লী মেট্ৰ' ৰেল নিগম (ডিএমআৰচি) হৈছে কেন্দ্ৰ-ৰাজ্যৰ যৌথ উদ্যোগ যিয়ে দিল্লী মেট্ৰ' আৰু নয়ডা মেট্ৰ' পৰিচালনা কৰে। ভাৰত আৰু বিদেশত মেট্ৰ' ৰে'ল, মনোৰেল, আৰু দ্ৰুতবেগী ৰে'ল প্ৰকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰতো ডিএমআৰচি জড়িত।

হালনাগাদ: ১৯ ডিচেম্বৰ ২০২৫ ৫৫২ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

দিল্লী মেট্ৰ' ৰেল নিগম (ডিএমআৰচি) হৈছে কেন্দ্ৰ-ৰাজ্যৰ যৌথ উদ্যোগ যিয়ে দিল্লী মেট্ৰ' আৰু নয়ডা মেট্ৰ' পৰিচালনা কৰে। ১২ ভাৰত আৰু বিদেশত মেট্ৰ' ৰে'ল, মনোৰেল, আৰু দ্ৰুতবেগী ৰে'ল প্ৰকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰতো ডিএমআৰচি জড়িত।৩ ডি এম আৰ চিৰ কাম বিভিন্ন অংশত বিভক্ত যিবোৰ পৰিচালন সঞ্চালকৰ নিৰ্দেশনাত পৰিচালকৰদ্বাৰা নিয়ন্ত্ৰিত হয়।

ইতিহাস

১৯৯৫ চনৰ ৩ মে'ত দিল্লী মেট্ৰ' ৰেল কৰ্প'ৰেশ্যন লিমিটেড প্ৰতিষ্ঠা কৰা হয়, ইয়াৰ প্ৰথম পৰিচালন সঞ্চালক হিচাপে ই. শ্ৰীধৰণে ২০১১ চনৰ ৩১ ডিচেম্বৰত ডি এম আৰ চিৰ পৰিচালন সঞ্চালকৰ দায়িত্ব মাংগু সিঙক অৰ্পণ কৰে।৪

২০১০ চনত দশম বৰ্ষপূৰ্তি উদ্‌যাপনৰ বাবে দিল্লী মেট্ৰ’ই প্ৰথমখন ৮ কোচযুক্ত ৰে’ল প্ৰৱৰ্তন কৰে। "দিল্লী মেট্ৰ': এ ডেকেড অৱ ডেডিকেচন, ১০ য়েৰছ অৱ মেট্ৰ' অপাৰেচন" শীৰ্ষক এখন স্মৃতিগ্ৰন্থ পুস্তিকাও মুকলি কৰা হয়। সংগীত পৰিচালক বৈভৱ সক্সেনাৰদ্বাৰা ৰচিত এটি বিশেষ "মেট্ৰ' গীত - জিন্দগী হায় দিল্লী মেট্ৰ'"ও মুক্তি লাভ কৰি মেট্ৰ' ষ্টেচন আৰু এফ এম ষ্টেচনত বজাই দিয়া হয়। ৫৬৭৮

নীতি আৰু বঁটা

নিৰ্মাণ স্থানত নিৰাপত্তাৰক্ষীৰ হেলমেট পৰিধান কৰাটো বাধ্যতামূলক কৰিছে ডিএমআৰচিয়ে। ইয়াৰ উপৰি ই মেট্ৰ' ষ্টেচনত বৰষুণৰ পানী সংগ্ৰহ কৰি কাৰ্বন ক্ৰেডিট আদায় কৰে আৰু কৰ্মচাৰীসকলৰ বাবে এইচ আই ভি/এইডছ কাৰ্যসূচী চলায়।৯

ডিএমআৰচিয়ে অল ইণ্ডিয়া মেনেজমেণ্ট এছ’চিয়েশ্যনৰপৰা ‘আউটষ্টেণ্ডিং পিএছইউ অৱ দ্য য়েৰ’ (২০১৬) বঁটা (২০১৬) লাভ কৰে। নগৰীয়া পৰিবহণত বিশ্বমানৰ সেৱাৰ প্ৰসাৰ আৰু প্ৰকল্প পৰিচালনাৰ উত্তম পদ্ধতি গ্ৰহণৰ ক্ষেত্ৰত "অসাধাৰণ অৱদান"ৰ বাবেও ডিএমআৰচিক সন্মান জনোৱা হয়।

অন্য প্ৰকল্পসমূহ

পৰামৰ্শদাতা

ডি এম আৰ চিৰ পৰামৰ্শদাতা সেৱাৰ বাবে ব্যাৱসায়িক উন্নয়ন বিভাগ আছে।১০ ডি এম আৰ চিয়ে প্ৰকল্প পৰামৰ্শদাতা হিচাপে কাম কৰি ভাৰতৰ প্ৰতিটো মেট্ৰ' আৰু মনোৰেল প্ৰকল্পৰ বাবে প্ৰত্যক্ষ প্ৰকল্প প্ৰতিৱেদন (ডি পি আৰ) প্ৰস্তুত কৰিছে, ডি এম আৰ চি গঠনৰ পূৰ্বে স্থাপিত হোৱা কলকাতা মেট্ৰ' আৰু চেন্নাই এম আৰ টি এছৰ বাহিৰে। DMRC.১১ ডি এম আৰ চিয়ে লঘু পৰামৰ্শদাতা সেৱাও প্ৰদান কৰে, যেনে ৰায়পুৰ, অমৃতসৰ আৰু নাগপুৰৰ দৰে ঠাইত প্ৰস্তাৱিত ব্যৱস্থাৰ বাবে ডি পি আৰ আৰু সম্ভাৱনীয়তা প্ৰতিৱেদন প্ৰস্তুত কৰা।১২ ডিএমআৰচিয়ে পৰামৰ্শদাতা হিচাপেও কাম কৰি প্ৰস্তাৱিত তিৰুৱনন্তপুৰম–মংগালুৰুৰ তীব্ৰবেগী যাত্ৰী কৰিডৰৰ ডিপিআৰ প্ৰস্তুত কৰিছিল।

২০১২ চনৰ ছেপ্টেম্বৰ মাহত ডি এম আৰ চিয়ে জাকাৰ্টা মাছ ৰেপিড ট্ৰেনজিট চিষ্টেমৰ বাবে মেনেজমেণ্ট কনচালটিঙৰ বাবে আন আঠটা আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰে অংশীদাৰিত্ব কৰে। ভাৰতৰ বাহিৰত এইটোৱেই আছিল ডি এম আৰ চিৰ প্ৰথম প্ৰকল্প।১৩১৪ ডি এম আৰ চিয়ে কয় যে জেভিত তেওঁলোকৰ মূল দায়িত্ব আছিল "জাকাৰ্টা মেট্ৰ'ৰ সাংগঠনিক গাঁথনি চূড়ান্ত কৰা, কৰ্মচাৰী নিযুক্তি দিয়া, প্ৰশিক্ষণৰ সুবিধা বিকশিত কৰা আৰু কাৰ্য্যকলাপ আৰম্ভ কৰাৰ বাবে প্ৰয়োজনীয় বিভিন্ন শ্ৰেণীৰ কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া।" ১৫

২০১৪ চনৰ ফেব্ৰুৱাৰী মাহত কুৱেইট চৰকাৰে ডি এম আৰ চিক কুৱেইটৰ কুৱেইট চহৰত প্ৰস্তাৱিত মেট্ৰ’ ব্যৱস্থাৰ বাবে পৰামৰ্শদাতা হিচাপে কাম কৰিবলৈ আমন্ত্ৰণ জনায়। ১২

প্ৰণয়ন

ডি এম আৰ চি কোচি মেট্ৰ’, জয়পুৰ মেট্ৰ’, লক্ষ্ণৌ মেট্ৰ’, হাইদৰাবাদ মেট্ৰ’ আৰু পাটনা মেট্ৰ’ ৰূপায়ণ আৰু/বা নিৰ্মাণৰ সৈতে জড়িত। ১৬১৭১৮১৯

দিল্লী মেট্ৰ’ ৰেল একাডেমী

দিল্লী মেট্ৰ' ৰেল একাডেমী (পূৰ্বতে ডি এম আৰ চি প্ৰশিক্ষণ প্ৰতিষ্ঠান; ২০১৯ চনৰ ১৮ ছেপ্টেম্বৰত বৃহৎ উন্নীতকৰণৰ পিছত ডি এম আৰ এ নামেৰে নামকৰণ কৰা হয়) হৈছে ২০০২ চনৰ ১৯ জুলাইত ডি এম আৰ চিৰ শাস্ত্ৰী পাৰ্ক ডিপোত স্থাপন আৰু উদ্বোধন কৰা এটা বিশেষ প্ৰশিক্ষণ প্ৰতিষ্ঠান।২০ দক্ষিণ এছিয়াৰ একমাত্ৰ মেট্ৰ' ৰেল প্ৰশিক্ষণ প্ৰতিষ্ঠান। ২১ ইয়াৰ ইতিহাসত ডি এম আৰ চিয়ে ভাৰত আৰু বিদেশৰ বিভিন্ন সংস্থা বিশেষকৈ মেট্ৰ' ৰেলৰপৰা ৬৩,০০০ৰো অধিক প্ৰশিক্ষাৰ্থী আৰু ২০০০ৰো অধিক কৰ্মচাৰীক প্ৰশিক্ষণ দিছে। Asia.২২ ডিএমআৰএৰ আন্তঃৰাষ্ট্ৰীয় ক্লায়েণ্টসমূহৰ ভিতৰত আছে জাকাৰ্টা এমআৰটি, ইণ্ডোনেছিয়া আৰু বাংলাদেশৰ ঢাকা মেট্ৰ' ৰেল, আনহাতে ইয়াৰ ভাৰতীয় ক্লায়েণ্টসমূহৰ ভিতৰত আছে নাম্মা মেট্ৰ', কোচি মেট্ৰ', চেন্নাই মেট্ৰ', জয়পুৰ মেট্ৰ', মুম্বাই মেট্ৰ' আৰু আন কেইবাটাও মেট্ৰ' আৰু সংস্থা।২৩ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি দিল্লীৰ সহযোগত ডি এম আৰ চিয়ে মেট্ৰ’ টেকন’লজিৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আগবঢ়ায়। এই পাঠ্যক্ৰমটোৱে প্ৰতি বছৰে বিভিন্ন ধাৰা, যেনে বৈদ্যুতিক, অসামৰিক, স্থাপত্য, সংকেত, আৰু দূৰসংযোগৰপৰা ২৫ জন কাৰ্যবাহীক উৎপন্ন কৰে, যিসকলে সমগ্ৰ ভাৰতৰ মেট্ৰ’সমূহত কাম কৰে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি মাদ্ৰাজেও চেন্নাই মেট্ৰ’ৰ বাবে একেধৰণৰ পাঠ্যক্ৰম আগবঢ়ায়। ২৪

তথ্যসূত্ৰ

  1. ↑ (29 October 2018). DMRC to join the global club of metro networks having a span of over 300 km. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (20 December 2018). Delhi Metro is now officially on Twitter Follow them @officialDMRC
  3. ↑ Delhi Metro Rail Corporation Ltd. – ABOUT US. Delhimetrorail.com
  4. ↑ Structure of Delhi Metro. DMRC
  5. ↑ Dayal, Anuj. To mark the 10th anniversary of operations, Delhi metro to induct the first eight coach train tomorrow; celebrations to continue for a week.. delhi metro official site. DMRC
  6. ↑ Staff Reporter. (23 December 2012). Metro to celebrate 10 years with eight-coach car. The Hindu. the hindu
  7. ↑ metro, delhi. Delhi Metro Official Anthem. youtube. delhi metro
  8. ↑ tyagi, avantika. (31 January 2015). blending music to create heady re(mix). the times of india. Times Of India
  9. ↑ Delhi to Jakarta: how to do a metro. Financial Times
  10. ↑ (29 January 2013). Set up sister firm for consultancy: MoUD to Delhi Metro. The Indian Express
  11. ↑ (24 September 2012). city anchor: Delhi on track, now Metro offers expertise to Jakarta – Indian Express. Indianexpress.com
  12. ↑ (6 February 2014). Come, be our consultant: Kuwait to Delhi Metro. Indianexpress.com
  13. ↑ (23 September 2012). Delhi Metro bags contract in Indonesia. Business Standard India. Business Standard
  14. ↑ Delhi Metro Rail Corporation goes global with Indonesian Metro job. Indiatoday.intoday.in
  15. ↑ Delhi metro bags crucial role in Jakarta project | the Asian Age
  16. ↑ Hyd metro phase 1 DPR
  17. ↑ Complete tracks by June 30, govt tells DMRC - Times of India
  18. ↑ (10 September 2013). DMRC named interim consultant for Lucknow Metro project. Business Standard India. Business Standard
  19. ↑ Delhi Metro Rail Corporation Ltd. – Latest Tender. Delhimetrorail.com
  20. ↑ Delhi Metro Rail Academy - Brochure. dmra.delhimetrorail.com. Delhi Metro Rail Academy
  21. ↑ (2 August 2009). Metro training school gets ISO certification. Deccan Herald
  22. ↑ (2 August 2009). Metro training school gets ISO certification. Deccan Herald
  23. ↑ == 19 September 2019 |title=Delhi Metro Training Institute now DMRA |url=https://timesofindia.indiatimes.com/city/delhi/delhi-metro-training-body-now-rail-academy/articleshow/71192420.cms |work= Times of India |location= New Delhi |access-date == 16 November 2023}}
  24. ↑ Shortage of experts plagues Kochi Metro - Times of India

সম্পৰ্কিত শ্ৰেণী

দিল্লীঅনুষ্ঠান প্ৰতিষ্ঠানভাৰত চৰকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিল্লী মেট্ৰ ৰে'ল নিগম” প্ৰবন্ধৰ সংশোধন ৫৬৫২৬৬ (১৯ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।