দিল্লী
৭ প্ৰবন্ধ
-
দিল্লী বিশ্ববিদ্যালয়
দিল্লী বিশ্ববিদ্যালয় (Delhi University) চমুকৈ ডিইউ ভাৰতৰ দিল্লীত অৱস্থিত এখন কলেজীয়া গৱেষণা কেন্দ্ৰীয় বিশ্ববিদ্যালয়। ১৯২২ চনত কেন্দ্ৰীয় বিধানসভাৰ এক আইনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল। ভাৰতৰ উপৰাষ্ট্ৰপতি বিশ্ববিদ্যালয়ৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।
-
ইণ্ডিয়া গেট
ইণ্ডিয়া গেট (India Gate; পূৰ্বতে সৰ্বভাৰতীয় যুদ্ধ স্মাৰক নামেৰে জনাজাত) নতুন দিল্লীৰ "আনুষ্ঠানিক অক্ষ"ৰ পূব প্ৰান্তত ৰাজপথ (অফিচিয়েলভাৱে কাৰ্তব্য পথ বুলি কোৱা হয়)ৰ ওচৰত অৱস্থিত এখন যুদ্ধ স্মৃতিসৌধ।
-
যন্তৰ মন্তৰ, নতুন দিল্লী
নতুন দিল্লীৰ যন্তৰ মন্তৰ (Jantar Mantar) হৈছে খালি চকুৰে পৰ্যবেক্ষণৰ উদ্দেশ্যে নিৰ্মাণ কৰা এটি মান-মণ্ডপ বা মানমন্দিৰ। ভাৰতৰ পাঁচটা যন্তৰ মন্তৰৰ ভিতৰত ই অন্যতম। "যন্তৰ মন্তৰ"ৰ অৰ্থ হʼল "স্বৰ্গৰ সামঞ্জস্য জুখিব পৰা যন্ত্ৰ।" ইয়াত সৰ্বমুঠ ১৩টা স্থাপত্য জ্যোতিৰ্বিজ্ঞানৰ যন্ত্ৰ আছে।
-
অমৰ জোৱান জ্যোতি
অমৰ জোৱান জ্যোতি ( Amar Jawan Jyoti; অৰ্থাৎ অমৰ সৈনিক শিখা বা পোহৰ ) ১৯৭১ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ পিছত নিৰ্মাণ কৰা আৰু ১৯৭২ চনৰ ২৬ জানুৱাৰীত উদ্বোধন কৰা ভাৰতীয় স্মাৰক।
-
দিল্লী গলফ ক্লাব
দিল্লী গলফ ক্লাব (DGC) ভাৰতৰ দিল্লীত অৱস্থিত এটা প্ৰখ্যাত গলফ ক্লাব। সদস্যপদ পোৱাটো অতি কঠিন, নতুন সদস্যৰ বাবে ৫০ বছৰৰো অধিক অপেক্ষাৰ সময়। ই দিল্লীৰ শীৰ্ষ পৰ্যটনস্থলী যেনে ইণ্ডিয়া গেট, হুমায়ুনৰ সমাধিক্ষেত্ৰ, দিল্লী চিৰিয়াখানা আৰু লোধি উদ্যানৰ ওচৰত।
-
দিল্লী মেট্ৰ ৰে'ল নিগম
দিল্লী মেট্ৰ' ৰেল নিগম (ডিএমআৰচি) হৈছে কেন্দ্ৰ-ৰাজ্যৰ যৌথ উদ্যোগ যিয়ে দিল্লী মেট্ৰ' আৰু নয়ডা মেট্ৰ' পৰিচালনা কৰে। ভাৰত আৰু বিদেশত মেট্ৰ' ৰে'ল, মনোৰেল, আৰু দ্ৰুতবেগী ৰে'ল প্ৰকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰতো ডিএমআৰচি জড়িত।
-
পদুম মন্দিৰ
পদুম মন্দিৰ (Lotus Temple), লোটাছ মন্দিৰ বা লোটাছ টেম্পল হৈছে ভাৰতৰ দিল্লীৰ নতুন দিল্লীৰ কলকাজীত অৱস্থিত বাহাই উপাসনা গৃহ। ১৯৮৬ চনৰ ডিচেম্বৰ মাহত সম্পূৰ্ণ হোৱা এই উপাসনা গৃহটো পদুমৰ দৰে আকৃতিৰ বাবে ই চহৰখনৰ এক বিশিষ্ট আকৰ্ষণৰ কেন্দ্ৰবিন্দুত পৰিণত হৈছে।