দিব্যা জৈন: Divya Jain এগৰাকী ভাৰতীয় চফটৱেৰ ইঞ্জিনিয়াৰ আৰু উদ্যোগী। জৈনক ফৰ্চুনে "ডাটা ডয়েন" বুলি অভিহিত কৰিছে।১ বৰ্তমান গুগলৰ এম এলৰ সঞ্চালিকা। ইয়াৰ পূৰ্বে তেওঁ এড'বত এম এলৰ সঞ্চালিকা আছিল আৰু তাৰ আগতে বক্স ডাটাত ডাটা এনালাইছিছ ইঞ্জিনিয়াৰ আছিল।২
প্ৰাথমি ক জীৱন
জৈন ভাৰতৰ ৰুৰকীত শিক্ষা আৰু প্ৰযুক্তি বিজ্ঞানক গুৰুত্ব দিয়া পৰিয়ালত ডাঙৰ-দীঘল হৈছিল।৩ জৈনে আলিগড় বিশ্ববিদ্যালয় ৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ছান জোছ ষ্টেট বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ অভিযান্ত্ৰিকীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।২ ২০০৩ চনত তেওঁ ছান মাইক্ৰ'চিষ্টেমছৰ বাবে আৰু ২০০৫ চনত কাজিয়ন চিষ্টেমছ নামৰ এটা ষ্টাৰ্টআপত কাম কৰিবলৈ আৰম্ভ কৰে।৩ জৈন আছিল dLoop নামৰ এটা ডাটা-এনালাইটিক্স কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক।৪ পিছলৈ তেওঁ বক্সত যোগদান কৰে, ২০১৩ চনত dLoop অধিগ্ৰহণ কৰাৰ পিছত।৫ বক্সত তেওঁ মেচিন লাৰ্নিং প্ৰযুক্তি, তথ্য শ্ৰেণীবিভাজন আৰু বিষয়বস্তু বিশ্লেষণৰ কাম কৰে।৬
পৰিয়াল আৰু সংস্কৃতি
দিব্যাৰ জন্মগ্ৰহণ কৰিছিল ভাৰতৰ ইউ পিৰ ৰূৰকী নামেৰে জনাজাত এখন সৰু বিশ্ববিদ্যালয় চহৰত। কলেজ স্নাতক হোৱাৰ পিছত তাই নিজৰ পচণ্ড মতে এজন চিনাকি মানুহৰ লগত মাত্ৰ ৩০ মিনিটৰ বাবে বিয়া হৈছিল। কেইদিনমানৰ পিছত তাই বিদেশলৈ গুচি যায় এখন অচিনাকি দেশলৈ য'ত তাই কেৱল স্বামীক চিনি পায়।৭
শিক্ষা
জৈনে আলিগড় বিশ্ববিদ্যালয়ৰ পৰা বৈদ্যুতিক অভিযান্ত্ৰিক বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। এবছৰৰ পিছত তেওঁ আমেৰিকালৈ স্থানান্তৰিত হয় আৰু অতি সোনকালেই ছান জোছ ষ্টেট ইউনিভাৰ্চিটিৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৭
কৰ্ম জীৱন
২০০৩ চনত দিব্যাই ছান মাইক্ৰ’চিষ্টেমছত কাম কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰে, তাৰ পিছত ২০০৫ চনত কাজিয়ন চিষ্টেমছ নামৰ এটা ষ্টাৰ্ট-আপলৈ গুচি যায়। পিছলৈ ২০০৯ চনত কাজিয়ন চিষ্টেমছ ইএমচিয়ে গ্ৰহণ কৰে। ২০০৯ চনত বিগ ডাটা আৰু হাডুপৰ বজাৰ অংশীদাৰিত্ব আৰু জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাবলৈ আৰম্ভ কৰে। অন্তৰ্নিহিত প্ৰযুক্তিৰ প্ৰতি আকৰ্ষিত আৰু আগ্ৰহী জৈনে একেটাতে কিছু আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় আৰু ষ্টেনফৰ্ডৰ পৰা ডাটা মাইনিং আৰু বিশ্লেষণৰ এবছৰীয়া স্নাতক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ২০১১ চনত জৈনে ইএমচি এৰি সেই বছৰৰ ছেপ্টেম্বৰ মাহলৈকে আন এটা ষ্টাৰ্টআপত কাম কৰে আৰু তাৰ পিছত dLoop Inc প্ৰতিষ্ঠা কৰে।
তথ্যসূত্ৰ
- ↑ Lev-Ram, Michal. (23 October 2015). These Three Women Are Box's Big Data Triple Threat. Fortune
- ↑ Matham, Adarsh. (12 January 2014). Tech Guru: Divya Jain. The New Indian Express
- ↑ Forrest, Conner. (1 December 2015). Divya Jain: Machine Learning Maven. Startup Founder. Women in Tech Advocate. Tech Republic
- ↑ Ravindranath, Mohana. (27 November 2013). Box Acquires Analytics Start-Up dLoop. The Washington Post
- ↑ Williams, Alex. (26 November 2013). Box Acquires dLoop To Enhance Security With Fine-Grained Data Analytics Technology. Tech Crunch
- ↑ Harris, Derrick. (6 December 2013). This Woman and Her Machine Learning Tech Could Make Box a Whole Lot Smarter. Gigaom
- ↑ Forrest, Conner. (1 December 2015). Divya Jain: Machine learning maven. Startup founder. Women in tech advocate.. TechRepublic
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিব্যা জৈন” প্ৰবন্ধৰ সংশোধন ৫৬৯১৩৩ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।