অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

দাৰ্জিলিং ৰ'পৱে

দাৰ্জিলিং ৰ'পৱে (Darjeeling Ropeway ) পশ্চিমবংগৰ দাৰ্জিলিঙত আছে। ই ৰঞ্জিত ভেলী ৰ'পৱে নামেৰেও জনাজাত। ই ভাৰতবৰ্ষৰ আটাইতকৈ পুৰণি আৰু এছিয়াৰ আটাইতকৈ দীঘল ৰ'পৱে। এই ৰ'পৱেটো দাৰ্জিলিং চহৰৰ উত্তৰ দিশৰপৰা ৰম্মন নদীৰ পাৰত অৱস্থিত চিংলা বজাৰলৈ বিস্তৃত। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৫ কি: মি:।

হালনাগাদ: ৩ মে’ ২০২১ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

দাৰ্জিলিং ৰ'পৱে (Darjeeling Ropeway ) পশ্চিমবংগৰ দাৰ্জিলিঙত আছে।১ ই ৰঞ্জিত ভেলী ৰ'পৱে নামেৰেও জনাজাত। ই ভাৰতৰ আটাইতকৈ পুৰণি আৰু এছিয়াৰ আটাইতকৈ দীঘল ৰ'পৱে। এই ৰ'পৱেটো দাৰ্জিলিং চহৰৰ উত্তৰ দিশৰপৰা ৰম্মন নদীৰ পাৰত অৱস্থিত চিংলা বজাৰলৈ বিস্তৃত। ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৫ কি: মি:। ই দাৰ্জিলিঙৰ এক উৎকৃষ্ট পৰ্যটনথলী যদিও যোৱা প্ৰায় ন বছৰ এই ৰ'পৱেটো বন্ধ হৈ আছিল।

দাৰ্জিলিং ৰ'পৱেটো ১৯৬৮চনৰপৰা আৰম্ভ হয় আৰু ১৯৮৮ চনত ইয়াক নতুনকৈ নিৰ্মাণ কৰা হয়। কিন্তু ২০০৩ চনত ৰছী ছিগি চাৰিজন পৰ্যটকৰ কৰুণ মৃত্যু হোৱা পাছত এই ৰ'পৱেটো বন্ধ কৰি দিয়া হয়। ২০০৫ চনত ৰাজ্যিক বনবিভাগ আৰু গড়কপ্তানি বিভাগে এখন তিনিজনীয়া কমিটি গঠন কৰি ইয়াৰ সুৰক্ষা সম্পৰ্কীয় বিচাৰৰ দায়িত্ব দিয়ে। এই কমিটিত এজন গড়কপ্তানি বিভাগৰ অভিযন্তা আৰু কল্যাণী চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ দুজন অধ্যাপক আছিল। তেওঁলোকে পূৰ্ব পৰীক্ষণৰ পিছত এই ৰ'পৱে অসুৰক্ষিত বুলি ঘোষণা কৰে।২ পুনৰ নবীকৰণৰ পিছত এই ৰ'পৱেটো ২০১২ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে পৰ্যটকৰ বাবে আকৌ মুকলি কৰি দিয়া হয়।১

ৰঞ্জিত ভেলী ৰ'পৱে

দাৰ্জিলিং ৰ'পৱে
দাৰ্জিলিং ৰ'পৱেছবি: JyotiPN · CC BY-SA 4.0

১৯৬৮ চনত এই ৰ'পৱেটো আৰম্ভ কৰোঁতে একেটা পথত চলা মাত্ৰ এখন যাত্ৰীবাহী কে'বল গাড়ীৰে আৰম্ভ কৰা হৈছিল। পিছলৈ এই পথত ষোল্লখন গাড়ী চলা হ'ল।৩

দাৰ্জিলিং ৰ'পৱেত চলা ৰছীযুক্ত ডবাবোৰ। একোটা ডবাত ছজন যাত্ৰী বহিব পাৰে
দাৰ্জিলিং ৰ'পৱেত চলা ৰছীযুক্ত ডবাবোৰ। একোটা ডবাত ছজন যাত্ৰী বহিব পাৰেছবি: JyotiPN · CC BY-SA 4.0

দাৰ্জিলিঙৰ উত্তৰ দিশৰ ৭০০০ফুট উচ্চতাৰ পৰা গাড়ীবোৰ ৰছীৰে ৰম্মন নদীৰ পাৰৰ চিংলা বজাৰলৈ নামি আহে, যি মাত্ৰ ৮০১ ফুট উচ্চতাত অৱস্থিত। এই যাত্ৰা মুঠ ৪৫ মিনিটৰ। ঘন অৰণ্য, ওখ পাহাৰ, পাহাৰৰ গাতে লগা জলপ্ৰপাত আৰু চাহ বাগিচাৰ ওপৰেৰে কে'বল গাড়ীৰে কৰা এই যাত্ৰাত পৰ্যটকসকল অভিভূত হৈ পৰে।৪

ৰঞ্জিত নৈখন হ'ল তীস্তা নদীৰ উপনৈ। ই দুভাগ হৈছে, ডাঙৰ আৰু বহলভাগ কাব্ৰু পাহাৰৰ উচ্চতাৰপৰা কাঞ্চনজংঘাৰ তললৈ নামি আহিছে আৰু ইয়াতে প্ৰথমে ই ৰম্মন নৈৰ সৈতে আৰু পিছত ৰঞ্জিত নৈৰ আনটো ভাগ ঠেক ৰঞ্জিতৰ সৈতে মিলিছে। চিংলা এই দুয়োখন নৈৰ উপত্যকাভাগ। সৰু অৰ্থাৎ ঠেক ৰঞ্জিত নৈ বিজনবাৰী উপত্যকাৰে বৈ গৈছে। দাৰ্জিলিং ৰ'পৱেক সেয়ে ৰঞ্জিত ভেলী ৰ'পৱেও বোলা হয়।

ৰঞ্জিত ভেলী ৰ'পৱে বা দাৰ্জিলিং ৰ'পৱেটো পশ্চিম বংগ চৰকাৰৰ বনবিভাগ আৰু কনভেয়ৰ আৰু ৰ'পৱে ছাৰ্ভিচ প্ৰাইভেট লিমিটেদৰ সংযুক্ত প্ৰচেষ্টাত সক্ৰিয় হৈ আছে। ১৯৮৮ চনত ইয়াক নৱীকৰণ কৰা হৈছিল।৫

তথ্যসূত্ৰ

  1. ↑ Banerjee, Amitava. (2 February 2012). Darjeeling ropeway reopens after more than 8 yrs. Hindustan Times
  2. ↑ Mookerjee, Soma. Darjeeling Ropeway to open again. Bengal. The Statesman, 22 June 2007
  3. ↑ Horror in the hills. Editorial. The Statesman, 24 October 2003
  4. ↑ Agarwala, A.P. (editor), Guide to Darjeeling Area, 27th edition, pp. 81-82
  5. ↑ Chhetri, Vivek. (2003-10-20). Tourists die in cable car plunge. The Telegraph, 20 October 2003

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবংগভাৰতৰ পৰ্যটনস্থলীপৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাৰ্জিলিং ৰ'পৱে” প্ৰবন্ধৰ সংশোধন ২৭২৯৬৫ (৩ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।