দাপ'ৰিজ উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন চহৰ। এই চহৰ অৰুণাচল প্ৰদেশৰ উজনি সোৱনশিৰি জিলাৰ সদৰ ঠাই। চহৰখনৰ নামৰ Dapo-ৰ অৰ্থ প্ৰতিৰক্ষা আৰু Rijo-ৰ অৰ্থ উপত্যকা- অৰ্থাৎ অপশক্তিৰ পৰা প্ৰতিৰক্ষিত উপত্যকা অঞ্চল।
ভৌগোলিক অৱস্থান
দাপ'ৰিজ' সোৱণশিৰি নৈৰ পাৰত সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৬০০ মিটাৰ উচ্চতাত অৱস্থিত। দাপ'ৰিজ' উপত্যকা পাহাৰেৰে আগুৰি আছে। এই চহৰৰ উল্লেখযোগ্য ঠাইসমূহ হৈছে মেংগা (Menga) মন্দিৰ, চিপি (Sippi) ইত্যাদি।
জনসংখ্যা
২০০১ চনৰ লোকপিয়ল অনুসৰি দাপ'ৰিজ'ৰ জনসংখ্যা ১৫,৪৬৮ জন। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। দাপ'ৰিজ'ৰ গড় সাক্ষৰতাৰ হাৰ ৫৯%; পুৰুষৰ ৬৬% আৰু মহিলাৰ ৫১%। দাপ'ৰিজ'ৰ মুঠ জনসংখ্যাৰ ১৯% ছবছৰ বয়সৰ অনূৰ্ধ্বৰ।১
দাপ'ৰিজ'ত বসবাস কৰা সংখ্যাগিৰষ্ঠ লোক টাগিন (Tagin), গাল’ (Galo) আৰু নিচি (Nyishi) জনাজতিৰ।
উৎসৱ
এই চহৰত ছি-দঞি উৎসৱ, মোপিন উত্সৱ, bori yullo, ন্যোকুম আদি উৎসৱ উদযাপন কৰা হয়।
তথ্যসূত্ৰ
- ↑ Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional). Census Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাপ'ৰিজ'” প্ৰবন্ধৰ সংশোধন ২৫৩৫০১ (৭ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।