দয়া বাই(মাৰ্চি মেথিউ) কেৰালাৰ এগৰাকী সমাজকৰ্মী। তেওঁ মধ্য ভাৰতৰ জনজাতীয় লোকসকলৰ মাজত কাম কৰে। তেওঁ বৰ্তমান মধ্য প্ৰদেশৰ ছিন্দৱাৰা জিলাৰ বাৰুল গাঁৱত বাস কৰে।
প্ৰাৰম্ভিক জীৱন
১৯৪০ চনত জন্মগ্ৰহণ কৰা মাৰ্চি মেথিউ কেৰালাৰ পালাৰ এক সমৃদ্ধ খ্ৰীষ্টান পৰিয়ালৰ সদস্য।১ ঈশ্বৰৰ ওপৰত দৃঢ় বিশ্বাস ৰখা মাৰ্চি মেথিউৰ শৈশৱকাল সুখৰ আছিল।২
সমাজ সেৱা
তেওঁ ১৬ বছৰ বয়সত পালা এৰি ব্ৰহ্মচাৰ্য্য ব্ৰত গ্ৰহণ কৰে।৩ পৰৱৰ্তী সময়ত তেওঁ ভাৰতৰ মধ্যভূমিৰ জনজাতীয় লোকসকলৰ বাবে কাম কৰা আৰম্ভ কৰে। তেওঁ বিভিন্ন সময়ত অনুপ্ৰেৰণামূলক ভাষণ প্ৰদান কৰি অহাৰ লগতে, সত্যাগ্ৰহ আদি গ্ৰহণ কৰি স্থানীয় কৰ্তৃপক্ষক বিদ্যালয় খোলাৰ বাবে হেঁচা দিছে আৰু ভিতৰুৱা আৰু জনজাতীয় মধ্য প্ৰদেশৰ অৱহেলিত গাওঁবোৰক শক্তিশালী কৰি তুলিছে। তেওঁ বিহাৰ, হাৰিয়ানা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু পশ্চিমবংগৰ জনজাতীয় গাওঁবাসীক প্ৰতিনিধিত্ব কৰা একক সংগ্ৰামৰ উপৰিও নৰ্মদা বচাও আন্দোলন আৰু চেঙ্গাৰা আন্দোলনৰ সৈতে জড়িত আছিল।
তেওঁ তাত বাংলাদেশৰ যুদ্ধৰ সময়ত বাংলাদেশৰ সাধাৰণ লোকসকলকো তেওঁৰ সেৱা আগবঢ়াইছিল। মুক্তিৰ ধৰ্মতত্ত্ব পালন কৰা দয়া বাই মধ্য প্ৰদেশৰ ছিন্দৱাৰা জিলাৰ গণ্ডসকলৰ মাজত বসতি স্থাপন কৰিছিল আৰু বাৰুল গাঁৱত এখন বিদ্যালয়ো স্থাপন কৰাৰ। দয়া বাইয়ে তেওঁ ভ্ৰমণ কৰা প্ৰতিখন গাৱঁৰ লোকক নিজৰ যত্ন লোৱা সুৰক্ষা সম্পৰ্কীয় ব্যৱস্থা আদিৰ বিষয়ে জ্ঞান প্ৰদান কৰে। এনেকৈয়ে তেওঁ এখনত পিছত আন এখন গাঁৱলৈ যাত্ৰা আৰম্ভ কৰে।৪
তেওঁ ৯০ৰ দশকৰ শেষৰ ফালে দৰিদ্ৰতা নিৰ্মূলৰ এক আহিলা হিচাপে আত্মসহায়ক গোট খোলা আৰম্ভ কৰিছিল। ইয়াৰ ফলত তেওঁ মধ্যস্থতাকাৰী, ধনদাতা আৰু গাঁৱৰ মুৰব্বী সকলৰ ক্ৰোধৰ সন্মুখীন হ'ব লগা হৈছিল। তেওঁ বেংকৰ মহিলা বিষয়াসকলক দলিত আৰু দুখীয়া দৰিদ্ৰসকলৰ উন্নতিৰ বাবে তেওঁলোকৰ স্থিতি প্ৰয়োগ কৰিবলৈ কৈছিল।৫
পুৰস্কাৰ
দয়া বাইয়ে ২০০৭ চনত ভণিতা ৱ'মেন অফ দ্য ইয়েৰ বঁটা লাভ কৰিছিল।৬ ২০১২ চনৰ জানুৱাৰীমাহত তেওঁক গুড চামাৰিটান ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছিল।৭
সমল

ওট্টায়াল বা 'এক ব্যক্তি', হৈছে চাইনি জেকব বেঞ্জামিনৰ দ্বাৰা দয়া বাইৰ জীৱনৰ আধাৰত নিৰ্মিত এখন এটা ঘণ্টাৰ তথ্যচিত্ৰ।৪ চলচ্চিত্ৰ তাৰকা নন্দিতা দাসে ২০০৫ চনত তেওঁৰ জীৱনৰ এক অনুপ্ৰেৰণা হিচাপে তেওঁলৈ এক লিখিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছিল।৮
চলচ্চিত্ৰ
তেওঁ, কন্থান – দ্য লাভাৰ অফ কালাৰ (২০২১) শীৰ্ষক এখন চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
লগতে পঢ়ক
- Nair, Shreejaya. (2015-12-29). How Mercy became Daya Bai. Deccan Chronicle
বাহ্যিক সংযোগ
- A Documentary about Daya Bhai.. M TV Orthodox TV
তথ্যসূত্ৰ
- ↑ Suneetha, B. (2010-11-26). Face of compassion. The Hindu
- ↑ daya bai,lady of fire
- ↑ Policies of Church contrary to Christ
- ↑ Face of compassion
- ↑ (31 January 2012). One-woman army drives financial inclusion in rural Madhya Pradesh. Vinson Kurian
- ↑ Kiran Bedi calls for change in education system
- ↑ Good Samaritan National Award presented to Dayabai
- ↑ Mercy Mathew
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দয়া বাই” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৭৩ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।