তৰা'ছ হাছবেণ্ড (Tora's Husband) হৈছে অসমৰ চলচ্চিত্ৰ-নিৰ্মাতা ৰীমা দাসৰ চতুৰ্থখন ছবি৷ তেখেত ছবিখনৰ প্ৰযোজনা, পৰিচালনা, সম্পাদনা, দৃশ্যগ্ৰহণৰ লগত জড়িত৷ ১২০২২ চনৰ ১১ ছেপ্টেম্বৰ তাৰিখে টৰণ্টো আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়৷ ইয়াৰ পিছত একেটা বছৰতে বুছান আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এছিয়ান প্ৰিমিয়াৰ সম্পন্ন হয়৷ একেটা বছৰতে কলিকতাতো ছবিখনৰ ভাৰতীয় প্ৰিমিয়াৰ হৈ যায়৷ ছবিখন ৰীমা দাসে কভিড-১৯ত মৃত্যুবৰণ কৰা তেখেতৰ পিতৃ ভাৰত চন্দ্ৰ দাসলৈ উছৰ্গা কৰিছে৷ ২
কাহিনীৰ সাৰাংশ
ছবিখনৰ কাহিনীয়ে এগৰাকী ব্যক্তি আৰু তেওঁৰ পৰিয়ালটোৱে কভিড-১৯ৰ সময়ছোৱাত মুখামুখি হোৱা ঘটনা-উপঘটনাবোৰক উন্মোচিত কৰিছে৷ ৩ ব্যৱসায়ৰ ক্ষেত্ৰত সন্মুখীন হোৱা অনাকাংক্ষিত পৰিস্থিতিয়ে কিদৰে ব্যক্তিগৰাকীৰ ব্যক্তিগত জীৱনত প্ৰতিকূলতাৰ সূচনা কৰে-সেইয়া ছবিখনৰ মূল উপজীৱ্য৷ ৪
কলা-কুশলী
- জানৰ চৰিত্ৰত অভিজিত দাস
- তৰাৰ চৰিত্ৰত তৰালী কলিতা দাস
- ভাৰ্গৱৰ চৰিত্ৰত ভূমন ভাৰ্গৱ দাস
- মনুৰ চৰিত্ৰত পূৰ্বাঞ্চলী দাস
- নীলিমা দাস
- সীমান্ত মালাকাৰ
- মল্লিকা দাস
প্ৰযোজনা
ৰীমা দাসৰ গৃহ চহৰ ছয়গাঁৱত ছবিখনৰ শ্বুটিং কৰা হৈছিল। ৰীমা দাসে ছবিখনৰ বিষয়ে কয়-
মোৰ নায়কৰ কাহিনীয়ে মহামাৰীৰ মাজত জীয়াই থকা আৰু কাম কৰা মোৰ ব্যক্তিগত যাত্ৰাক প্ৰতিফলিত কৰিছে। ক্ষতি, লকডাউন আৰু জীৱনৰ মাজতে আমি দুবছৰৰ ভিতৰত ছবিখন সম্পূৰ্ণ কৰিলোঁ। এই ছবিখনৰ শ্বুটিং মোৰ আগৰ চিনেমাৰ শ্বুটিংতকৈ অধিক প্ৰত্যাহ্বানজনক আছিল কাৰণ মহামাৰীয়ে আমাক বহু দিশত বাধা দিছিল। অহৰহ ভয় আৰু অস্থিৰতাৰ অনুভৱ এটা আছিল, যিটো মোৰ চৰিত্ৰবোৰেও চিত্ৰিত কৰিছে।"৫
সমালোচনা
প্লেটফৰ্ম শিতানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা এইখন প্ৰথম ভাৰতীয় ছবি আৰু টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰিমিয়াৰ হোৱা ৰীমা দাসৰ একেৰাহে তৃতীয়খন ছবি।৬
২০২২ চনৰ টৰণ্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ফেষ্টিভেল প্ৰগ্ৰেমাৰ ৰবি শ্ৰীনিবাসনে ছবিখনৰ বিষয়ে এইদৰে কয় যে-
ক্ষুদ্ৰ ব্যৱসায়ৰ মালিকসকলে সন্মুখীন হোৱা অনন্য হেঁচাত সযতনে মনোযোগ দি দাসৰ পৰিসৰ মধ্যবিত্ত শ্ৰেণীৰ বাহিৰলৈও বিস্তৃত হৈ সংকটটোক আকৰ্ষণীয় পৰিসৰ আৰু তথ্যচিত্ৰৰ দৰে মনোযোগেৰে ধৰি ৰাখিছে, ইয়াৰ প্ৰভাৱৰ পূৰ্বে আৰু অনুসৰণ কৰিবলগীয়া সমাজৰ ভংগুৰতাক আঙুলিয়াই দিছে মহামাৰী নিজেই। উল্লেখযোগ্য প্ৰামাণ্যতাৰে দাসে আমাৰ ঐতিহাসিক মুহূৰ্তৰ অন্যতম সংজ্ঞায়িত ছবিত সাধাৰণ মানুহৰ মৰ্যাদা আৰু দুৰ্বলতা দুয়োটাকে আলোকিত কৰিছে।"৭}}
ছবিখন প্ৰদৰ্শিত হোৱা মহামাৰীৰ সময়ত জীৱনৰ বাস্তৱসন্মত ৰূপৰ বাবে ২০২২ চনৰ বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২২ আৰু অন্যান্য উৎসৱসমূহত ছবিখনে প্ৰশংসা লাভ কৰিছে।৮
চলচ্চিত্ৰ মহোৎসৱত আনুষ্ঠানিক নিৰ্বাচন
- টৰণ্টো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ (প্লেটফৰ্ম অংশ) ৯
- বুছান আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০২২১০
- বেংকক বিশ্ব চলচ্চিত্ৰ মহোৎসৱ ২০২২ ১১
- হাইনান দ্বীপ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ২০২২ ১২
- কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২২ ১৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Tora's Husband
- ↑ PTI. (2022-08-04). Rima Das' 'Tora's Husband' to have world premiere at Toronto International Film Festival. The Hindu
- ↑ Ide2022-10-05T06:10:00+01:00, Wendy. 'Tora's Husband': Busan Review. Screen
- ↑ Tora's Husband. IMDB
- ↑ PTI. (2022-08-04). Rima Das' 'Tora's Husband' to have world premiere at Toronto International Film Festival. The Hindu
- ↑ Toronto 2022 preview: Screen's guide to Platform and TIFF Docs titles. Screen
- ↑ (12 September 2022). 'Tora's Husband' my most challenging film: Rima Das. The Print
- ↑ Tora's Husband Review: Sharp-Eyed Look At Devastating Effects Of Pandemic. NDTV.com
- ↑ PTI. (2022-08-04). Rima Das' 'Tora's Husband' to have world premiere at Toronto International Film Festival. The Hindu
- ↑ (2022-09-10). Rima Das's "Tora's Husband" to be screened at Busan International Film Festival. India Today NE
- ↑ (2022-11-20). TORA'S HUSBAND - WORLD FILM FESTIVAL OF BANGKOK
- ↑ (15 December 2022). Hainan Film Festival Sets Imminent Return After Postponement – Global Bulletin
- ↑ Movie Details of 28th Kolkata International Film Festival. kiff.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰা'ছ হাছবেণ্ড” প্ৰবন্ধৰ সংশোধন ৬০২৩৬৪ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।