তীস জানুৱাৰী ৰ’ড (Hindi: Tees January Marg) বা ত্ৰিশ জানুৱাৰী পথ ভাৰতৰ দিল্লী মহানগৰীৰ লুটিয়েনচ্ দিল্লীত থকা এটি পথ। ইয়াক পূৰ্বতে আলবুকুৰ্ক ৰ’ড বুলি কোৱা হৈছিল। ১৯৪৮ চনৰ ৩০ জানুৱাৰী তাৰিখে দেশৰ হকে মহাত্মাই দিয়া প্ৰাণ বলিদানক স্মৰণ কৰি পথটো ত্ৰিশ (হিন্দীত তীস) জানুৱাৰী নমেৰে নামাঙ্কণ কৰা হৈছিল।
গান্ধীয়ে তেওঁৰ জীৱনৰ শেষৰ পাঁচমাহ (১৪৪ দিন) বিৰলা পৰিয়ালৰ সৈতে ‘ফাইভ তীস জানুৱাৰী মাৰ্গ’ (5 Tees January Marg)ত অৱস্থিত ‘বিৰলা হাউচ’ত কটাইছিল।১ ১৯৬৬ চনত, ভাৰত চৰকাৰে ‘বিৰলা নিৱাস’ ক্ৰয় কৰি ইয়াক গান্ধী স্মৃতি নাম দিয়ে।১২ ‘গান্ধী স্মৃতি’ৰ কাষতে ‘ছিক্স তীস জানুৱাৰী মাৰ্গ’ত ভাৰতৰ ‘ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মহাবিদ্যালয়’ আছে।
২০০৮ চনত দিল্লীৰ নাগৰিক সংস্থা নতুন দিল্লী পৌৰ পৰিষদে (এনডিএমচি) ‘তীস জানুৱাৰী মাৰ্গ’ নৱনিৰ্মাণ পৰিকল্পনাৰ উন্মোচন কৰে। গান্ধী স্মৃতিৰ নতুন পদ পথ, পথৰ পোহৰ ব্যৱস্থা, উদ্যান-শস্য, ৰাস্তাৰ দুয়োকাষৰ জলসিঞ্চন লাইনৰ বিকাশ আৰু ‘তীস জানুৱাৰী মাৰ্গ’, গান্ধী স্মৃতি আৰু ‘ক্লেৰিজ হোটেল’ৰ সন্মুখৰ পৰা তীস জানুৱাৰী পথলৈ গাড়ী আৰু বাছ পাৰ্কিং স্থানান্তৰ কৰা আদি এই পৰিকল্পনাৰ অন্তৰ্ভুক্ত আছিল, য’ত নতুন পাৰ্কিং এলেকা বিকশিত কৰাৰ কথাও আছিল। ২০০৬ চনত ঘোষিত এই পৰিকল্পনাৰ অন্তৰ্গত তীস জানুৱাৰী লেন আৰু অন্যান্য সংলগ্ন ঘূৰণীয়া পথসমূহৰ নৱনিৰ্মাণৰ আনুমানিক ব্যয় ৭,৬৩,০০,০০০-৭.৬৩ কোটি (১৭ কোটি বা ২.৪ নিযুত আমেৰিকান ডলাৰৰ সমান) টকা ধাৰ্য কৰা হৈছিল। ৩
তথ্যসূত্ৰ
- ↑ Gandhi, Tushar A. (2007). 'Let's Kill Gandhi!': A Chronicle of His Last Days, the Conspiracy, Murder. Investigations and Trial. Rupa & Co. পৃ. 970-71
- ↑ আৰ্কাইভ কপি
- ↑ Jha, Manisha. (18 February 2008). A makeover for Gandhi Smriti. Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তীস জানুৱাৰী ৰ'ড” প্ৰবন্ধৰ সংশোধন ৬৩৯৮৫৬ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।