তন্নিষ্ঠা চেটাৰ্জী (ইংৰাজী: Tannishtha Chatterjee) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু পৰিচালক৷ কেইবাখনো হিন্দী আৰু ইংৰাজী ভাষাৰ স্বতন্ত্ৰ ছবিৰ বাবে তেওঁ পৰিচিত। দেখ ইণ্ডিয়ান চাৰ্কাছ ছবিত কৰা অভিনয়ৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- বিশেষ জুৰী বঁটা- বিশেষ উল্লেখ (কাহিনী চিত্ৰ) লাভ কৰে। ২০১৯ চনত তেওঁ প্ৰথমখন বৈশিষ্ট্যপূৰ্ণ ছবি ৰ’ম ৰ’ম মেঁই পৰিচালনা কৰে যিখন টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। জাৰ্মান ছবি শ্বেড’ছ অৱ টাইমত চেটাৰ্জীৰ অভিনয়ে সমালোচকৰ প্ৰশংসা লাভ কৰে। এই ছবিখনে তেওঁক টৰণ্ট’ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আৰু বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ আদি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ লৈ যায়।
মনিকা আলীৰ একে নামৰ বেষ্ট চেলাৰ উপন্যাসৰ১ চলচ্চিত্ৰ অভিযোজন ব্ৰিটিছ ছবি ব্ৰিক লেন (২০০৭)ত অভিনয়ৰ বাবেও পশ্চিমীয়া দেশত তেওঁ পৰিচিত।২ তেওঁৰ আন উল্লেখযোগ্য ভূমিকা হৈছে একাডেমী বঁটা বিজয়ী জাৰ্মান পৰিচালক ফ্লৰিয়ান গেলেনবাৰ্গাৰৰ ছবি শ্বেড’ছ অৱ টাইম, ৰ’ড, মুভি উইথ অভয় দেউল, দেখ ইণ্ডিয়ান চাৰ্কাছ, আৰু মাৰাঠী ছবি ডাক্তৰ ৰাখমাবাই যাৰ বাবে তেওঁ আৰ.আই.এফ.এফ. (ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ) আৰু পি.আই.এফ.এফ. (পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ)ত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে।
প্ৰাৰম্ভিক জীৱন
চেটাৰ্জীৰ জন্ম মহাৰাষ্ট্ৰৰ পুনেৰ বঙালী হিন্দু পৰিয়ালত হৈছিল। দেউতাক আছিল ব্যৱসায়িক কাৰ্যবাহী আৰু মাক আছিল ৰাজনীতি বিজ্ঞানৰ অধ্যাপিকা। তেওঁৰ পৰিয়ালে কিছুদিন দেশৰ বাহিৰত বাস কৰিছিল, তাৰ পিছত দিল্লীলৈ গুচি আহিছিল।৩ নেচনেল স্কুল অৱ ড্ৰামাত ভৰ্তি হোৱাৰ আগতে তেওঁ দিল্লী বিশ্ববিদ্যালয়ত ৰসায়ন বিজ্ঞানত মেজৰ কৰিছিল।৪
তথ্যসূত্ৰ
- ↑ Tannishtha Chatterjee . imdb.com
- ↑ Nomination at BIfA . Zimbio.com (2007-11-28). Retrieved on 2014-01-14
- ↑ (2008-06-20). Tannishtha Chatterjee Rises To The Challenge In "Brick Lane". India Journal
- ↑ Career at NSD . Specials.rediff.com. Retrieved on 2014-01-14
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তন্নিষ্ঠা চেটাৰ্জী” প্ৰবন্ধৰ সংশোধন ৪৮১৬৬৩ (২৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।