ড'ৰিছ (/ˈdoʊrɪs/; প্ৰাচীন গ্ৰীক: Δωρίς/Δωρίδος ইংৰাজী: Doris; আক্ষৰিক অৰ্থ: 'দান'১) গ্ৰীক শ্ৰুতিকথা অনুসৰি এগৰাকী সাগৰীয় দেৱী। টাইটান অ'চেনাছ২ আৰু টেথিছৰ কন্যা ৩,০০০ অ'চেনিডৰ ভিতৰত তেওঁ অন্যতম আছিল।৩
ব্যুৎপত্তি
ড'ৰিছ শব্দটো উপহাৰ শব্দৰ বিশেষ্য ৰূপ δῶρον শব্দৰ পৰা উদ্ভৱ হৈছে, যিটো একে অৰ্থৰ আদি-ইণ্ডো-ইউৰোপীয় *déh₃rom শব্দৰ পৰা আহৰণ কৰা হৈছে।
অনুষ্ঠান
যেতিয়া কোনো দেৱতাৰ সৈতে জড়িত নাছিল, তেতিয়া ড'ৰিছ দেৱীয়ে সাগৰৰ উৰ্বৰতাক প্ৰতিনিধিত্ব কৰিছিল, নদীৰ মোহনাত পোৱা মাছ ধৰা ঠাইৰ দেৱী য'ত মিঠা পানী লুনীয়া পানীৰ সৈতে মিহলি হৈছিল।
পৰিয়াল
ড'ৰিছ এগৰাকী অ’চেনিড আছিল অৰ্থাৎ নদী দেৱতাৰ ভগ্নী। তেওঁৰ পিতৃ টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ সামুদ্ৰিক কন্যা (অ’চেনিড)৪ আৰু তিনিহাজাৰ নদী দেৱতা আছিল৷ তেওঁৰ স্বামী নেৰিয়াছ আৰু তেওঁলোকৰ কন্যা নেৰাইটছ২ লগতে তেওঁ থেটিছ, এম্ফিট্ৰাইট আৰু গালাটিয়াকে৫ ধৰি পঞ্চাশগৰাকী নেৰেইডৰ (সামুদ্ৰিক নিম্ফ) মাতৃ।৬
কীৰ্তিচিহ্ন
এণ্টাৰ্কটিকাৰ ড'ৰিছ গুহাৰ নাম ড'ৰিছ দেৱীৰ নামেৰে ৰখা হৈছে।৭
তথ্যসূত্ৰ
- ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 41
- ↑ Aelian, De Natura Animalium 14.28
- ↑ Hesiod, থিঅ'গনি 350; Apollodorus, 1.8
- ↑ Hard, pp. 40–41; Tripp, s.v. Oceanids, p. 401; Grimal, s.v. Oceanus, p. 315
- ↑ Ovid, Metamorphoses 13.742 ff
- ↑ Hesiod, Theogony 240; Apollodorus, 1.2.7; Hyginus, Fabulae Preface
- ↑ Doris Cove. SCAR Composite Gazetteer of Antarctica
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ড'ৰিছ (অ'চেনিড)” প্ৰবন্ধৰ সংশোধন ৬৩১৬৪৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।