অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ডিস্ক'ভাৰী চেনেল

১৯৮৫ চনৰ পৰা ১৯৯৫ চনলৈকে ডিস্ক'ভাৰী চেনেল (Discovery Channel) নামে জনাজাত আৰু প্ৰায়ে সৰলভাৱে ডিস্ক'ভাৰী বুলি কোৱা ডিস্ক'ভাৰী চেনেল হৈছে আমেৰিকাৰ কেবল চেনেল যি ৰিয়েলিটি টেলিভিছন শ্ব' আৰু অপবিজ্ঞান প্ৰতিহত কৰিবলৈ কৰা প্ৰচাৰমূলক কাৰ্যসূচীৰ বাবে অধিক পৰিচিত।

হালনাগাদ: ৩১ জুলাই ২০২৬ ১৫০ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

১৯৮৫ চনৰ পৰা ১৯৯৫ চনলৈকে ডিস্ক'ভাৰী চেনেল (Discovery Channel) নামে জনাজাত আৰু প্ৰায়ে সৰলভাৱে ডিস্ক'ভাৰী বুলি কোৱা ডিস্ক'ভাৰী চেনেল হৈছে আমেৰিকাৰ কেবল চেনেল যি ৰিয়েলিটি টেলিভিছন শ্ব' আৰু অপবিজ্ঞান প্ৰতিহত কৰিবলৈ কৰা প্ৰচাৰমূলক কাৰ্যসূচীৰ বাবে অধিক পৰিচিত।১২৩

ই প্ৰথমতে মূলতঃ জনপ্ৰিয় বিজ্ঞান, প্ৰযুক্তি আৰু ইতিহাসৰ ওপৰত কেন্দ্ৰিত তথ্যচিত্ৰ টেলিভিছন কাৰ্যসূচী প্ৰদান কৰিছিল যদিও ২০১০ চনৰ ভিতৰত ইয়াত ৰিয়েলিটি টেলিভিছন শ্ব' আৰু ষড়যন্ত্ৰ তত্ত্বক প্ৰচাৰ কৰা বা জাংক বিজ্ঞানৰ পোষকতা কৰা অনুষ্ঠানৰ আধিপত্য ক্ৰমান্বয়ে বৃদ্ধি পাইছিল।

ইয়াৰ মালিক ৱাৰ্নাৰ ব্ৰাদাৰ্ছ ডিস্কভাৰী, যিটো চিইঅ’ ডেভিদ জাছলাভৰ দ্বাৰা পৰিচালিত ৰাজহুৱাভাৱে ব্যৱসায় কৰা কোম্পানী। ডিস্ক'ভাৰী চেনেল আমেৰিকাৰ তৃতীয় সৰ্বাধিক বিতৰিত চাবস্ক্ৰিপচন চেনেল আছিল, আৰু বৰ্তমানৰ ভগ্নী চেনেল টিবিএছ আৰু ৱেদাৰ চেনেলৰ পিছতে ইয়াৰ স্থান আছিল৷৪ ইয়াৰ আমেৰিকাৰ ফ্লেগশ্বিপ চেনেল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বিভিন্ন মালিকানাধীন বা অনুজ্ঞাপত্ৰপ্ৰাপ্ত টেলিভিছন চেনেলৰ জৰিয়তে ই বিশ্বৰ ৪০৯ মিলিয়ন পৰিয়ালত উপলব্ধ।৫

, ডিস্ক'ভাৰী চেনেল আমেৰিকাৰ প্ৰায় ৭১,০০০,০০০ পে টেলিভিছন পৰিয়ালৰ বাবে উপলব্ধ, অৱশ্যে ২০১১ চনত এই পৰিসংখ্যা ৯৯,০০০,০০০ আছিল।৬

তথ্যসূত্ৰ

  1. ↑ Nahigyan, Pierce. (August 19, 2014). Discovery's 'Shark Week' Criticized for Silliness, Pseudoscience and Lies. Planet Experts
  2. ↑ Kirk, Chris. (August 6, 2013). Wil Wheaton Says Discovery Channel Has 'Betrayed Its Audience'. Slate
  3. ↑ Epstein, Adam. (August 15, 2014). The sad devolution of Discovery Channel. Quartz
  4. ↑ Seidman, Robert. (August 23, 2013). List of How Many Homes Each Cable Networks Is In – Cable Network Coverage Estimates As Of August 2013. TV by the Numbers
  5. ↑ DCI:: Businesses & Brands:: Discovery Channel
  6. ↑ (May 14, 2024). U.S. cable network households (universe), 1990 – 2023. wrestlenomics.com

সম্পৰ্কিত শ্ৰেণী

টেলিভিছন চেনেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিস্ক'ভাৰী চেনেল” প্ৰবন্ধৰ সংশোধন ৬২২১০১ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।