অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

আন্তৰ্জাতিক মান সংস্থা

আন্তৰ্জাতিক মান সংস্থা (International Organization for Standardization চমুকৈ ISO আৰু (Organisation internationale de normalisation, Международная организация по стандартизации) এটা আন্তৰ্জাতিক সংস্থা যিটো বিভিন্ন দেশৰ মান নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠানৰ সমন্বয়ত গঠন কৰা হৈছে।

হালনাগাদ: ৪ ফেব্ৰুৱাৰী ২০২৬ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

আন্তৰ্জাতিক মান সংস্থা (International Organization for Standardization চমুকৈ ISO আৰু (Organisation internationale de normalisation, Международная организация по стандартизации)১ এটা আন্তৰ্জাতিক সংস্থা যিটো বিভিন্ন দেশৰ মান নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠানৰ সমন্বয়ত গঠন কৰা হৈছে। ১৯৪৭ চনৰ ২৩ ফেব্ৰুৱাৰীত এইটো প্ৰতিষ্ঠা কৰা হয়। শিল্প আৰু বাণিজ্যৰ বিভিন্ন বিষয়ৰ উপৰত মান নিৰ্ধাৰন, প্ৰণয়ণ আৰু বিভিন্ন প্ৰতিষ্ঠানক মানৰ চনদপত্ৰ প্ৰদান ইয়াৰ প্ৰধান কাম।

আন্তৰ্জাতিক মান সংস্থাৰ সদস্যসকল
আন্তৰ্জাতিক মান সংস্থাৰ সদস্যসকলছবি: Ichwan Palongengi · Public domain

আন্তৰ্জাতিক মান সংস্থাই নিজকে বেচৰকাৰী প্ৰতিষ্ঠান হিচাপে সংজ্ঞায়িত কৰে, যদিও মান প্ৰণয়ণৰ ক্ষমতা অতি বেছি আৰু ই প্ৰণয়ন কৰা অধিকাংশ মান চুক্তি বা জাতীয় পৰ্যায়ৰ প্ৰতিষ্ঠানৰ মাধ্যমেৰে আইনত পৰিনত হয়। এইকাৰনতে অধিকাংশ বেচৰকাৰী প্ৰতিষ্ঠানৰ তুলনাত আন্তৰ্জাতিক মান সংস্থা অনেকগুণে শক্তিশালী। বাস্তৱত চৰকাৰৰ লগত আন্তৰ্জাতিক মান সংস্থাৰ ঘনিষ্ঠ সম্পৰ্ক থাকে। ২০০৬ চন পৰ্যন্ত আইএচঅ’ৰ সদস্য সংখ্যা আছিল ১৫৮, যিবোৰৰ প্ৰত্যেকেই বিভিন্ন দেশক প্ৰতিনিধিত্ব কৰে।২

আন্তৰ্জাতিক মান সংস্থাৰ লগত ইন্টাৰনেশ্যনেল ইলেকট্ৰোটেকনিকেল কমিশ্যনৰ (IEC), ওতঃপ্ৰোত সম্পৰ্ক আছে যিটো ইলেকট্ৰনিক পণ্যৰ মান নিয়ন্ত্ৰণৰ দায়িত্বত আছে। ইয়াৰ মূখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ, জেনেভাত অৱস্থিত।৩

সম্পৰ্কীয় গ্ৰন্থপঞ্জী

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The 3 official full names of ISO can be found at the beginning of the foreword sections of the PDF document: ISO/IEC Guide 2:2004 Standardization and related activities — General vocabulary
  2. ↑ আন্তৰ্জাতিক মান সংস্থাৰ সদস্যবৃন্দ
  3. ↑ "Discover ISO – Meet ISO" . ISO. © 2007. . Retrieved 2007-09-07

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক মান সংস্থা” প্ৰবন্ধৰ সংশোধন ৫৭৩৮৮৮ (৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।