ডটাৰছ অৱ প'ল' গ'ড হৈছে ৰূপা বৰুৱাৰ দ্বাৰা পৰিচালিত আৰু হেমন্তী চৰকাৰৰ দ্বাৰা সম্পাদিত ২০১৮ চনৰ ভাৰতীয় মেইটেই-ইংৰাজী দ্বিভাষিক তথ্যচিত্ৰ।১২ ঘোঁৰা আৰু ছোৱালীবোৰে ইজনে সিজনক শক্তিশালী কৰাৰ কাহিনীৰ ওপৰত ছবিখন আধাৰিত। ইয়াৰ দ্বাৰা বিপদাপন্ন মেইটেই ঘোঁৰাক (মণিপুৰী পনি) ৰক্ষা কৰা আৰু মহিলাসকলক একেসময়তে প'ল' (মেইটেই: চাগোল কাংজেই) খেলত সৱলীকৰণ কৰাৰ বিষয়টোক গুৰুত্ব দিয়া হৈছে।২৩
প’ল’ ক্ৰীড়াৰ পুৰুষ-প্ৰধান ক্ৰীড়া সমাজত মেইটেই মহিলাসকলে আগবাঢ়ি যোৱাৰ কাহিনী চলচ্চিত্ৰখনত দেখুওৱা হৈছে। ইয়াৰ উপৰিও তেওঁলোকৰ মেইটেই ঘোঁৰা (মণিপুৰী পনি)ৰ সৈতে তেওঁলোকৰ বিশেষ সম্পৰ্কৰ বিকাশৰ কথাও দেখুওৱা হৈছে। বাৰ্ষিক প'ল' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে সদায় নিজৰ সৰ্বশ্ৰেষ্ঠ স্তৰত চেষ্টা কৰে।৪
চলচ্চিত্ৰখন সাগল কাংজেই (পুৰণি মণিপুৰী: চাকোল কাংচেই)ৰ সৈতে আৰম্ভ হয়। তেওঁ হৈছে প্ৰাচীন কাংলেইপাক (প্ৰাচীন মণিপুৰ)ত যুদ্ধকালীন শান্তি অনুশীলন হিচাপে প'ল'ৰ প্ৰাচীন ৰূপ। এইয়া এক যুদ্ধৰ খেল আছিল। অৰ্থাৎ এই খেলবিধক শান্তিৰ সময়ত স্থাপন কৰা হৈছিল যাতে যোদ্ধাসকলে তেওঁলোকৰ যুদ্ধদক্ষতা অনুশীলন কৰিব পাৰে। বৰ্তমানৰ মণিপুৰ হৰ্চ ৰাইডিং এণ্ড প’ল’ এছ’চিয়েশ্যনৰ উন্নতিৰ লগে লগে ইয়াৰ অন্ত পৰিছিল।
এই ক্ৰীড়াই, ঘোঁৰা আৰু পৃথিৱীৰ সেই অংশত বাস কৰা মানুহৰ জনগোষ্ঠীয় গোটবোৰৰ মাজত এক সাংস্কৃতিক, পাৰিপাৰ্শ্বিক, ঐতিহাসিক আৰু সামাজিক সম্পৰ্ক সৃষ্টি কৰে।৫
নেপথ্য
উত্তৰ-পূব ভাৰতৰ (প্ৰাচীন মণিপুৰ)দূৰকোণত প’লো আৰম্ভ হৈছিল। তাত বহু শতিকা ধৰি ইয়াৰ বিকাশ ঘটিছে। একে সময়তে, মণিপুৰৰ ইতিহাসত নাৰী সৱলীকৰণ অতি সক্ৰিয় হৈ আছিল। "ডটাৰছ অৱ প'ল' গ'ড"ৰ নিৰ্মাতা ৰূপা বৰুৱাই এই তথ্যবোৰৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল। সেয়েহে, তেওঁ এই প্ৰকল্পটোৰ জৰিয়তে এই দিশত কাম কৰিবলৈ মন মেলিছিল। ৩ তেওঁ কৈছিল,
"প্ৰতিকূলতা আৰু ৰাজনৈতিক অস্থিৰতাৰ মাজতো দৃঢ়তাৰে কৰ্মৰত হৈ থকা এক যুৱ প’লো ভগ্নীত্ব মণিপুৰত বিকশিত হৈছে। তেওঁলোকে পবিত্ৰ মণিপুৰী পনিৰ (সৰু ঘোঁৰা) সৈতে ঘনিষ্ঠভাৱে সংযুক্ত হৈ প্ৰতি বছৰে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলে। মোৰ ছবিখন এই প’লো খেলুৱৈ, আধুনিক মণিপুৰী মহিলা আৰু পনি অভিযানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। ৩"
"
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে মেইটেই ছোৱালীবোৰ বৰ শক্তিশালী আৰু তেওঁলোকে নিজৰ বাবে খেলিবলৈ আৰু ভাল কাম কৰিবলৈ সক্ষম হৈছে। যাত্ৰা আৰম্ভ হোৱাৰ আগতে প'লো ছোৱালীকেইগৰাকীয়ে মেইটেই ধৰ্মৰ (চানামাহিম) "প'ল' দেৱতা" মাৰ্জিঙৰ প্যান্থেয়নত প্ৰাৰ্থনা জনায়। আৰু সেয়েহে, চলচ্চিত্ৰখনৰ নামটো এই অৰ্থৰ পৰা লোৱা হৈছে যে প'ল' খেলুৱৈ ছোৱালীসকলৰ নিজৰ জাতিগত ধৰ্মৰ প'ল' ঈশ্বৰৰ ৰ দৰে তেওঁলোকৰ প্ৰিয় পিতৃৰ কন্যা। লক্ষণীয়ভাৱে, চলচ্চিত্ৰখনৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ চাৰি বছৰতকৈও অধিক সময় লাগিছিল।৩
সঁহাৰি
ইকুয়াছ ফেষ্টিভেলে বিজয়ী ছবিসমূহক উত্তৰ আমেৰিকা আৰু ইউৰোপীয় দেশসমূহৰ চলচ্চিত্ৰ ভ্ৰমণলৈ লৈ যায়। "ডটাৰছ অৱ প'ল' গ'ডো" অন্যতম বিজয়ী আছিল। সেয়েহে, চলচ্চিত্ৰখন বিভিন্ন ঠাইতো দেখুওৱা হৈছিল।৬ এইসমূহ হৈছে:
| স্থানসমূহ | মাহ | বছৰ |
|---|---|---|
| বাল্টিমোৰ মেৰিলেণ্ড | জানুৱাৰী | ২০১৯ |
| কেমডেন দক্ষিণ কেৰ'লিনা | ফেব্ৰুৱাৰী | ২০১৯ |
| চাণ্টা ফে নিউ মেক্সিকো | মাৰ্চ্চ | ২০১৯ |
| মিডভিল পেনচিলভেনিয়া | এপ্ৰিল | ২০১৯ |
| কানাডা | ছেপ্টেম্বৰ | ২০১৯ |
| স্কটছডেল এৰিজোনা | ছেপ্টেম্বৰ | ২০১৯ |
প্ৰদৰ্শন
সমগ্ৰ বিশ্বতে আয়োজিত বহুতো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই চলচ্চিত্ৰখনে আনুষ্ঠানিকভাৱে প্ৰৱেশ লাভ কৰে।৬এইসমূহৰ ভিতৰত আছে:
| অফিচিয়েল প্ৰৱেশ | ঋতুবোৰ | স্থানসমূহ |
|---|---|---|
| ইকুয়াছ নিউয়ৰ্ক চলচ্চিত্ৰ মহোৎসৱ | ডিচেম্বৰ ২০১৮ | নিউয়ৰ্ক |
| ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ | জানুৱাৰী ২০১৯ | জয়পুৰ, ৰাজস্থান |
| উত্তৰ-পূব চলচ্চিত্ৰ মহোৎসৱ পুনে (ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ সহযোগত) | ফেব্ৰুৱাৰী ২০১৯ | পুনে, মহাৰাষ্ট্ৰ |
| এছিয়াৰ মহিলা চলচ্চিত্ৰ মহোৎসৱ | মাৰ্চ ২০১৯ | নতুন দিল্লী, ভাৰত |
| ব্ৰিটেইনৰ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ | মাৰ্চ ২০১৯ | যুক্তৰাজ্য |
| নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল | মে’ ২০১৯ | New York |
| দক্ষিণ এছিয়াৰ চলচ্চিত্ৰ মহোৎসৱ | ২০১৯ | ভেংকুৱাৰ |
| তাছবীৰ দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ | ২০১৯ | ছিয়াটল |
| দক্ষিণ এছিয়াৰ চলচ্চিত্ৰ মহোৎসৱ | ২০১৯ | মণ্ট্ৰিয়েল |
| ব্ৰহ্মপুত্ৰ চলচ্চিত্ৰ মহোৎসৱ | ২০১৯ | ভাৰত |
| ডি চি দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ | ২০১৯ | - |
| ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ | ২০১৯ | হিউষ্টন |
| মাষ্টাৰ্ড দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ | ২০১৯ | ফিলাডেলফিয়া |
| বুছান আন্তঃৰাষ্ট্ৰীয় পশু অধিকাৰ চলচ্চিত্ৰ মহোৎসৱ | - | - |
বঁটা
চলচ্চিত্ৰখনে বিশ্বৰ বিভিন্ন দেশত অনুষ্ঠিত ৫খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৬টা আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।৬
তথ্যসূত্ৰ
- ↑ People Need To Know That Modern Polo Started In Northeast: Roopa Barua On Her Award-Winning Documentary
- ↑ Daughters of the Polo God. FILM FESTIVAL FLIX
- ↑ People Need To Know That Modern Polo Started In Northeast: Roopa Barua On Her Award-Winning Documentary
- ↑ Assam filmmaker's documentary bags award at New York Indian Film Fest
- ↑ Rawat, Prateek. AWFF 2019: Sisterhood on display through documentaries Daughters of the Polo God, Roshan and Mani. Cinestaan
- ↑ General 5. Kahini Media
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডটাৰছ অৱ প'ল' গ'ড” প্ৰবন্ধৰ সংশোধন ৬১৩৪৫৯ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।