অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

টেফনূট

টেফনূট প্ৰাচীন মিচৰ ধৰ্মৰ আৰ্দ্ৰতা, আৰ্দ্ৰ বায়ু, নিয়ৰ আৰু বৰষুণৰ দেৱী। তেওঁ বায়ুৰ মিচৰীয় দেৱতা শ্বুৰ ভগ্নী তথা পত্নী আৰু গেব আৰু নূটৰ মাতৃ।

হালনাগাদ: ১৬ এপ্ৰিল ২০২৩ ৩২২ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

টেফনূট প্ৰাচীন মিচৰ ধৰ্মৰ আৰ্দ্ৰতা, আৰ্দ্ৰ বায়ু, নিয়ৰ আৰু বৰষুণৰ দেৱী।১ তেওঁ বায়ুৰ মিচৰীয় দেৱতা শ্বুৰ ভগ্নী তথা পত্নী আৰু গেব আৰু নূটৰ মাতৃ।

ব্যুৎপত্তি

টেফনূট নামটোৰ কোনো নিৰ্দিষ্ট ব্যুৎপত্তিগত তথ্য নাই যদিও ই হয়তো থু পেলোৱাৰ শব্দৰ প্ৰতিৰূপ হ’ব পাৰে, কিয়নো সৃষ্টিতত্ত্বৰ আখ্যানৰ কিছুমান সংস্কৰণত আটুমে থু পেলোৱাৰ পৰা টেফনূটৰ উদ্ভৱ হয়।২

ইজিপ্তৰ অধিকাংশ দেৱ-দেৱীৰ দৰেই টেফনূটৰো কোনো একক আইডিঅ’গ্ৰাফ বা প্ৰতীক নাই। মিচৰীয় চিত্ৰলিপিত তেওঁৰ নামটো চাৰিটা একক ফ'ন'গ্ৰাম চিহ্নত 'ট-ফ-ন-ট'ৰে গঠিত। 'ন' ফ'ন'গ্ৰামে পানীৰ পৃষ্ঠত থকা তৰংগক প্ৰতিনিধিত্ব কৰে যদিও ইয়াক কেতিয়াও পানী শব্দটোৰ বাবে বা পানীৰ সৈতে জড়িত যিকোনো সামগ্ৰীৰ বাবে আইডিঅ'গ্ৰাম বা নিৰ্ণায়ক হিচাপে ব্যৱহাৰ কৰা হোৱা নাছিল।৩

উৎপত্তিৰ আখ্যান

টেফনূট সূৰ্য দেৱতা ৰা বা আটুমৰ জীয়ৰী। যমজ ভাতৃ শ্বুৰ সৈতে বিবাহপাশত আবদ্ধ হৈ তেওঁ নূট (আকাশ) আৰু গেবৰ (পৃথিৱী) জন্ম দিয়ে। অচাইৰিছ, আইচিছ, ছেট, নেফথিছ টেফনূটৰ নাতি-নাতিনী আছিল। কিছুমান সংস্কৰণত জ্যেষ্ঠ হ'ৰাছো তেওঁৰ নাতি। তেওঁ আছিল কনিষ্ঠ হ'ৰাছৰ আজো-আইতাক। নিজৰ পিতৃ, ভ্ৰাতৃ, সন্তান, নাতি-নাতিনী আৰু আজো-নাতি-নাতিনীৰ সৈতে তেওঁ হেলিঅ'পলিছৰ মহান দেৱ-দেৱীৰ গোট এনীডৰ সদস্য।

যমজ ভ্ৰাতৃ-ভগ্নী টেফনূট আৰু শ্বুৰ সৃষ্টিৰ আখ্যানৰ কেইবাটাও সংস্কৰণ আছে। প্ৰতিটো সংস্কৰণতে, টেফনূট হৈছে অযৌন প্ৰজননৰ যোগেদি জন্মলাভ কৰা দেৱী। এই সকলোবোৰ সংস্কৰণতে শৰীৰৰ পৰা নিৰ্গত বিভিন্ন ধৰণৰ তৰল পদাৰ্থ জড়িত হৈ আছে।

হেলিঅ’পলিটান সৃষ্টিতত্ত্বত আটুমে হাঁচি মাৰি টেফনূট আৰু শ্বুক নিৰ্গত কৰিছিল।৪ পিৰামিড লেখনি ৫২৭ত আটুমে হেলিঅ'পলিছত থকাৰ সময়ত হাঁচি মাৰি দুই ভ্ৰাতৃ-ভগ্নী অৰ্থাৎ শ্বু আৰু টেফনূটৰ জন্ম দিয়া বুলি উল্লেখ আছে।৫

এই আখ্যানৰ কিছুসংখ্যক সংস্কৰণত আটুমে নিজৰ লেলাৱটি বৰ্জন কৰে, আৰু ইয়াৰপৰাই দুই সন্তানৰ জন্ম হয়।৫

কফিন লেখনিত শ্বুক নাকৰ পৰা আটুমে হাঁচি মাৰি নিৰ্গত কৰা আৰু টেফনূটক লেলাৱটিৰ দৰে বিসৰ্জন কৰাৰ কথা উল্লেখ আছে। ব্ৰেমনাৰ-ৰিণ্ড পেপিৰাছ আৰু মেম্ফাইট থিয়লজিত আটুমে লালা হমাৰি লেলাৱটি নিৰ্গত কৰি যমজ সন্তান গঠন কৰা বুলি বৰ্ণনা কৰিছে।৬

টেফনূট অন্যান্য দেৱীৰ সৈতে সূৰ্যদেৱতা ৰাৰ অক্ষিৰ সৈতে জড়িত আছিল।৭ সিংহনী হিচাপে তেওঁ এক উগ্ৰ ৰূপ প্ৰদৰ্শন কৰিব পাৰিছিল। তেওঁ‌ৰ নাতি-নাতিনীসকলে পূজা-পাতলত উচ্চ স্থান লাভ কৰাৰ বাবে ঈৰ্ষান্বিত হৈ ক্ৰোধত তেওঁ‌ নুবিয়ালৈ গুচি যায় বুলি কোৱা হয়। থ'থৰ পৰা "সন্মানীয় " আখ্যা লাভ কৰাৰ পিছতহে তেওঁ‌ উলটি আহিছিল।২ প্ৰাচীন পিৰামিড লেখনিসমূহত তেওঁৰ যোনিৰ পৰা বিশুদ্ধ পানী উৎপন্ন কৰা বুলি কোৱা হয়।৮

যিহেতু শ্বুৱে নিজৰ পুত্ৰ গেবক ভগ্নী তথা পত্নী নূটৰ পৰা বলপূৰ্বকভাৱে পৃথক কৰিছিল, সেয়েহে গেবে তেওঁৰ পিতৃ শ্বুক প্ৰত্যাহ্বান জনায়, যাৰ ফলত শ্বু পৃথিৱীৰ পৰা আঁতৰি যায়। মাতৃ টেফনূটৰ প্ৰেমত পৰা গেবে তেওঁ‌ক নিজৰ প্ৰধান ৰাণী-পত্নী হিচাপে গ্ৰহণ কৰে।৯

তথ্যসূত্ৰ

  1. ↑ The Routledge Dictionary of Egyptian Gods and Goddesses, George Hart
  2. ↑ Wilkinson. (2003). The Complete Gods and Goddesses of Ancient Egypt. Thames & Hudson. পৃ. 183. ISBN 0-500-05120-8
  3. ↑ Betro. (1996). Hieroglyphics: The Writings of Ancient Egypt. Abbeville Press. পৃ. 163. ISBN 0-7892-0232-8
  4. ↑ Hassan. (1998). Ancient Goddesses. British Museum Press. পৃ. 107. ISBN 0-7141-1761-7
  5. ↑ Watterson. (2003). Gods of Ancient Egypt. Sutton Publishing. পৃ. 27. ISBN 0-7509-3262-7
  6. ↑ Pinch. (2002). Handbook of Egyptian Mythology. ABC-CLIO. পৃ. 63. ISBN 978-1-57607-242-4
  7. ↑ Watterson. (2003). Gods of Ancient Egypt. Sutton Publishing. ISBN 0-7509-3262-7
  8. ↑ The Ancient Egyptian Pyramid Texts, trans R.O. Faulkner, line 2065 Utt. 685
  9. ↑ Pinch. (2002). Handbook of Egyptian Mythology. ABC-CLIO. পৃ. 76. ISBN 1576072428

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ইজিপ্তৰ দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টেফনূট” প্ৰবন্ধৰ সংশোধন ৩৫৪৪২৮ (১৬ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।