অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বাষ্টেট

বাষ্টেট বা বাষ্ট্‌ প্ৰাচীন মিচৰ ধৰ্মৰ এগৰাকী দেৱী আছিল। দ্বিতীয় ৰাজবংশৰ (খ্ৰীষ্টপূৰ্ব ২৮৯০) সময়ৰ পৰাই তেওঁৰ পূজা কৰা হৈছিল। তেওঁৰ নামটো বষ্ট্ আৰু উবাষ্টে বুলিও অনুবাদ কৰা হৈছে। প্ৰাচীন গ্ৰীক ধৰ্মত তেওঁক আইলুৰছ নামেৰে জনা গৈছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বাষ্টেট বা বাষ্ট্‌ প্ৰাচীন মিচৰ ধৰ্মৰ এগৰাকী দেৱী আছিল। দ্বিতীয় ৰাজবংশৰ (খ্ৰীষ্টপূৰ্ব ২৮৯০) সময়ৰ পৰাই তেওঁৰ পূজা কৰা হৈছিল। তেওঁৰ নামটো বষ্ট্ আৰু উবাষ্টে বুলিও অনুবাদ কৰা হৈছে।১ প্ৰাচীন গ্ৰীক ধৰ্মত তেওঁক আইলুৰছ নামেৰে জনা গৈছিল।

মূলতঃ বাষ্টেটক নিম্ন ইজিপ্তৰ বুবাষ্টিছত সিংহিনী দেৱী হিচাপে পূজা কৰা হৈছিল। এই ভূমিকা ছেখমেটৰ দৰে আন দেৱ-দেৱীয়েও গ্ৰহণ কৰিছিল। অৱশেষত বাষ্টেট আৰু ছেখমেটক একেগৰাকী দেৱীৰ দুটা দিশ হিচাপে চিহ্নিত কৰা হ’ল। ছেখমেটে শক্তিশালী যোদ্ধা আৰু ৰক্ষক দিশটোক প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে বাষ্টেটক ক্ৰমান্বয়ে নমনীয় দিশটোক প্ৰতিনিধিত্ব কৰা মেকুৰী দেৱী হিচাপে চিত্ৰিত কৰা হৈছিল।২ বাষ্টেটৰ প্ৰতিমূৰ্তি প্ৰায়ে এলাবাষ্টাৰৰ পৰা তৈয়াৰ কৰা হৈছিল। দেৱীগৰাকীক কেতিয়াবা এহাতত ছিষ্ট্ৰম নামৰ জুনুকাসদৃশ বাদ্যবিশেষ আৰু আনখন হাতত এজিছ বা জন্তুৰ চৰ্ম ধাৰণ কৰি থকা চিত্ৰিত কৰা হৈছিল।

নাম

আধুনিক কালৰ ইজিপ্ত'লজিষ্টসকলে সচৰাচৰ ব্যৱহাৰ কৰা বাষ্টেট নামটো পিছৰ ৰাজবংশসমূহত হোৱা এই নামৰ ব্যৱহাৰৰ বাবে প্ৰস্তাৱ কৰা ৰূপ। প্ৰাথমিক মিচৰীয় চিত্ৰলিপিত তেওঁৰ নাম বষ্ট্‌ হোৱা যেন অনুমান হয়। ইজিপ্তোলজিষ্ট জেমছ পিটাৰ এলেনে নামটোৰ মূল ৰূপটোক বুইʔষ্টিট বা বুইʔষ্টিআট বুলি কৈছে, য'ত ʔ চিহ্নই এক শ্বাস বিৰতিক (Glottal stop) প্ৰতিনিধিত্ব কৰে।৩ দেৱীগৰাকীৰ নামৰ অৰ্থ কি সেয়া অনিশ্চিত হৈয়েই আছে।৪

কাৰ্য

প্ৰথমে বাষ্টেট আছিল সূৰ্য্যৰ এগৰাকী উগ্ৰ সিংহনী যোদ্ধা দেৱী, যাক প্ৰাচীন মিচৰৰ ইতিহাসৰ বেছিভাগ সময়তে পূজা কৰা হৈছিল। কালক্ৰমত তেওঁ বৰ্তমান পৰিচিত মেকুৰী দেৱীৰ ৰূপ লয়।৫ তাৰ পিছত তেওঁক ৰা আৰু আইছিছৰ কন্যা আৰু পিটাহৰ পত্নী হিচাপে চিত্ৰিত কৰা হয়। পিটাহৰ সৈতে মিলনৰ ফলত তেওঁৰ মাহেছ নামৰ এজন পুত্ৰৰ জন্ম হয়।৫

নিম্ন মিচৰৰ ৰক্ষক হিচাপে তেওঁক ৰজাৰ ৰক্ষাকৰ্তা হিচাপে দেখা গৈছিল। ইয়াৰ লগতে তেওঁ সূৰ্য্য দেৱতা ৰাৰ ৰক্ষকৰ ভূমিকাও পালন কৰিছিল। হাথৰ, ছেখমেট আৰু আইচিছ আদি অন্যান্য দেৱ-দেৱীৰ সৈতে বাষ্টেটক ৰাৰ অক্ষিৰ সৈতে জড়িত কৰা হৈছিল।৬ ৰাৰ শত্ৰু আপেপ নামৰ দুষ্ট সৰ্পৰ সৈতে যুঁজি থকা অৱস্থাতো তেওঁক চিত্ৰিত কৰা হৈছে।৭ সূৰ্য্যৰ সৈতে থকা সংযোগৰ উপৰিও দক্ষিণ বদ্বীপৰ অন্যতম পুৰণি ইজিপ্তৰ দেৱী ৱাডজেটৰ সৈতেও তেওঁৰ সম্পৰ্ক আছিল। ৱাডজেটক "চন্দ্ৰৰ চকু" বুলি অভিহিত কৰা হৈছিল।৮

সম্ভৱতঃ ঘৰচীয়া মেকুৰীৰ উৰ্বৰতাৰ বাবে বাষ্টেট গৰ্ভাৱস্থা আৰু প্ৰসৱৰ দেৱীও আছিল।৯ তেওঁক সংক্ৰামক ৰোগ আৰু অশুভ আত্মাৰ পৰা সুৰক্ষাৰ দেৱী হিচাপেও চিত্ৰিত কৰা হৈছিল।১০

তথ্যসূত্ৰ

  1. ↑ Badawi, Cherine. Footprint Egypt. Footprint Travel Guides, 2004
  2. ↑ Serpell, "Domestication and History of the Cat", p. 184
  3. ↑ James P. Allen. (2013). The Ancient Egyptian Language: A Historical Study. Cambridge University Press. পৃ. 74
  4. ↑ Te Velde, "Bastet", p. 165
  5. ↑ Pinch, Geraldine. (2002). Egyptian Mythology: A Guide to the Gods, Goddesses, and Traditions of Ancient Egypt. Oxford University Press. পৃ. 115
  6. ↑ Darnell, John Coleman. (1997). The Apotropaic Goddess in the Eye. Studien zur Altägyptischen Kultur. পৃ. 35–48
  7. ↑ Pinch, Geraldine. (2002). Egyptian Mythology: A Guide to the Gods, Goddesses, and Traditions of Ancient Egypt. Oxford University Press. পৃ. 130
  8. ↑ Wilkinson, Richard H. (2003). The Complete Gods and Goddesses of Ancient Egypt. Thames & Hudson. p. 176
  9. ↑ Delia, Diana (1999). "Isis, or the Moon". In W. Clarysse, A. Schoors, H. Willems. Egyptian Religion: The Last Thousand Years. Studies Dedicated to the Memory of Jan Quaegebeur. Peeters. pp. 545–546
  10. ↑ Mark, Joshua J. (July 24, 2016). Bastet. World History Encyclopedia

সম্পৰ্কিত শ্ৰেণী

প্ৰাচীন ইজিপ্তৰ দেৱ-দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাষ্টেট” প্ৰবন্ধৰ সংশোধন ৬৩২৮৭৬ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।