অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

টাচুকু হঞ্জ'

টাচুকু হঞ্জ' Tasuku Honjo এজন জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বিশেষকৈ প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ আৱিষ্কাৰৰ বাবে বিখ্যাত। তেওঁ লগতে চাইট'কাইনিছৰ আণৱিক চিনাক্তকৰণ অৰ্থাৎ ইণ্টাৰলিউকিন ৪ আৰু ইণ্টাৰলিউকিন ৫, আৰু এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছৰ আৱিষ্কাৰক হিচাপে জনাজাত।

হালনাগাদ: ২০ অক্টোবৰ ২০২৩ ২৭৯ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

টাচুকু হঞ্জ' Tasuku Honjo এজন জাপানীজ ৰোগ প্ৰতিৰোধ বিজ্ঞানী। তেওঁ বিশেষকৈ প্ৰগ্ৰেমড চেল ডেদ প্ৰটিন ১ আৱিষ্কাৰৰ বাবে বিখ্যাত।১ তেওঁ লগতে চাইট'কাইনিছৰ আণৱিক চিনাক্তকৰণ অৰ্থাৎ ইণ্টাৰলিউকিন ৪ আৰু ইণ্টাৰলিউকিন ৫, ২ আৰু এক্টিভেচন ইনডিউছদ চাইটিদিন ডেমিনেছৰ আৱিষ্কাৰক হিচাপে জনাজাত। ই চমেটিক হাইপাৰ মিউটেছন আৰু ক্লাছ চুইছ ৰিকম্বিনেচনৰ বাবে অতি প্ৰয়োজনীয়।৩

বিজ্ঞানী হঞ্জ' আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমী,জাৰ্মানীৰ জাৰ্মান একাডেমী অফ নেচাৰেল চায়েন্স আৰু জাপান একাডেমীৰ লগত জড়িত হৈ আছে।

২০১৮ চনত তেওঁ জেমছ পি. এলিচনৰ লগত যুটীয়া ভাবে চিকিৎসা আৰু শৰীৰ তত্ত্ব বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।৪ তেওঁলোক দুয়োজনে ২০১৪ চনত একে বিষয়ৰ বাবে টাং প্ৰাইজ লাভ কৰিছিল।৫

জীৱন

টাচুকু হঞ্জ' ক্যিট' বিশ্ববিদ্যালয়ৰ পৰা মেডিচিন বিষয়ত এমডি কৰে। ১৯৭৫ চনত তেওঁ একেই বিশ্ববিদ্যালয়ৰ পৰা মেডিকেল ৰসায়নত পিএইচডি কৰে। তেওঁৰ পিএইচডি উপদেষ্টা আছিল য়াচুটমি নিশিজুকা আৰু অচামু হায়াইশি।৬

১৯৭১ চনৰ পৰা ১৯৭৪ চনলৈ তেওঁ ৱাছিংটন কাৰ্ণেগী ইনষ্টিটিউট, ৰাষ্ট্ৰীয় শিশুস্বাস্থ্য প্ৰতিষ্ঠান আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ মানৱ উন্নয়নৰ ভিজিটিং ফেল' আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰত পঢ়া-শুনা কৰাৰ পিছত তেওঁ ১৯৭৪ চনৰ পৰা ১৯৭৯ চনলৈ টকিঅ' বিশ্ববিদ্যালয়ত চিকিৎসা বিজ্ঞানৰ অধ্যাপক আছিল। পিছলৈ তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈ অচাকা বিশ্ববিদ্যালয়ত বংশগতি বিজ্ঞানৰ অধ্যাপক তথা মুৰব্বী আছিল।৬

১৯৮৪ চনৰ পৰা তেওঁ ক্যিট' বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৭

বঁটা আৰু সন্মান

জাপানৰ সম্ৰাট অখিহিট'ৰ সৈতে টাচুকু হঞ্জ আৰু অৰ্ডাৰ অফ কালচাৰ লাভ কৰা ব্যক্তিসকল
জাপানৰ সম্ৰাট অখিহিট'ৰ সৈতে টাচুকু হঞ্জ আৰু অৰ্ডাৰ অফ কালচাৰ লাভ কৰা ব্যক্তিসকলছবি: 内閣府 · CC BY 4.0

হঞ্জ তেওঁৰ জীৱন কালত বিভিন্ন বঁটা আৰু সন্মান লাভ কৰে। ২০১৬ চনত তেওঁ "এণ্টিবডি পৃথক্কৰণ ফাংচন আৱিষ্কাৰ, প্ৰতিষেধক অণু আৰু পিডি-১ৰ ক্লিনিকেল প্ৰয়োগ আৱিষ্কাৰৰ বাবে" ক্যিট' পুৰস্কাৰ লাভ কৰে।৭

তেওঁৰ অন্যান্য বঁটা আৰু পুৰস্কাৰৰ তালিকা,

  • ১৯৭৮ – তৰুণ বিজ্ঞানী পুৰস্কাৰ, জাপানীজ জৈৱ ৰাসায়নিক সমাজ
  • ১৯৮১ – নগুচি এওয়াৰ্ড মেমৰিয়েল পুৰস্কাৰ৭
  • ১৯৮১ –আছাহি প্ৰাইজ৮
  • ১৯৮৪ – কিহাৰা প্ৰাইজ,
  • ১৯৮৪ – অচাকা বিজ্ঞান বঁটা
  • ১৯৮৮ – তাকেদা মেডিকেল বঁটা৭
  • ১৯৯২ – বেহেৰিং কিতাচাও পুৰস্কাৰ
  • ১৯৯৩ – উহেৰা প্ৰাইজ৭
  • ১৯৯৬ – ইম্পিৰীয়েল প্ৰাইজ অফ দা জাপান৯
  • ২০০০ – পাৰ্চন অফ কালচাৰেল মেৰিট
  • ২০১২ – ৰবাৰ্ট কোচ প্ৰাইজ৭
  • ২০১৩ – অৰ্ডাৰ অফ কালচাৰ৭
  • ২০১৪ – জেমছ পি. এলিচনৰ সৈতে যুটীয়ভাৱে টাং পুৰস্কাৰ
  • ২০১৪ – উইলিয়াম বি. কলি পুৰস্কাৰ৭
  • ২০১৫ – ৰিচাৰ্ড ভাৰ্চ স্মলি স্মাৰক বঁটা৭
  • ২০১৬ – কিয়ো চিকিৎসা বিজ্ঞান প্ৰাইজ]]১০
  • ২০১৬ – ফুদান-ঝংজি বিজ্ঞান পুৰস্কাৰ১১
  • ২০১৬ – থমচন ৰয়টাৰ্ছ চাইটেছন বিজয়ী১২
  • ২০১৭– ৱাৰেন অলপাৰ্ট ফাউণ্ডেচন প্ৰাইজ১৩
  • ২০১৮ – জেমছ পি. এলিচনৰ সৈতে যুটীয়ভাৱে চিকিৎসা আৰু শৰীৰতত্ত্ব বিজ্ঞানৰ ন'বেল বঁটা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ishida, Y; Agata, Y; Shibahara, K. (1992). Induced expression of PD-1, a novel member of the immunoglobulin gene superfamily, upon programmed cell death. The EMBO Journal. পৃ. 3887–95
  2. ↑ Kumanogoh, A; Ogata, M. (2010). The study of cytokines by Japanese researchers: A historical perspective. International Immunology. পৃ. 341–5
  3. ↑ Robert Koch Foundation confers award on Professors Honjo and Wimmer
  4. ↑ Hannah, Devlin. James P Allison and Tasuku Honjo win Nobel prize for medicine. The Guardian
  5. ↑ 2014 Tang Prize in Biopharmaceutical Science
  6. ↑ "免疫のしくみに魅せられて-何ごとにも主体的に挑む. '''
  7. ↑ Tasuku Honjo. kyotoprize.org. Inamori Foundation
  8. ↑ The Asahi Prize (Fiscal 1981). The Asahi Shimbun Company
  9. ↑ The Imperial Prize,Japan Academy Prize,Duke of Edinburgh Prize Recipients. japan-acad.go.jp. The Japan Academy
  10. ↑ The 2016 Keio Medical Science Prize Laureate. ms-fund.keio.ac.jp. Keio University
  11. ↑ 2016 Fudan-Zhongzhi Science Award Announcement. fdsif.fudan.edu.cn. Fudan Science and Innovation Forum
  12. ↑ Hall of Citation Laureates. clarivate.com. Clarivate Analytics
  13. ↑ Warren Alpert Foundation Prize Recipients. warrenalpert.org. Warren Alpert Foundation

সম্পৰ্কিত শ্ৰেণী

জাপানৰ ব্যক্তিবিজ্ঞানীচিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টাচুকু হঞ্জ'” প্ৰবন্ধৰ সংশোধন ৩৮৮১৩৪ (২০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।