অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাস

জৰ্জ ফ্লইড হত্যাকাণ্ড

২০২০ চনৰ ২৫ মে' তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিছ'টা ৰাজ্যৰ মিনিয়াপলিচ চহৰত জৰ্জ ফ্লইড নামৰ এগৰাকী ৪৬ বছৰীয়া কৃষ্ণাঙ্গ ব্যক্তিক জালি নোট ব্যৱহাৰৰ অভিযোগত পুলিচে গ্ৰপ্তাৰ কৰা সময়ত হত্যা কৰে।

হালনাগাদ: ৭ ডিচেম্বৰ ২০২৫ ২১২ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

২০২০ চনৰ ২৫ মে' তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিনিছ'টা ৰাজ্যৰ মিনিয়াপলিচ চহৰত জৰ্জ ফ্লইড নামৰ এগৰাকী ৪৬ বছৰীয়া কৃষ্ণাঙ্গ ব্যক্তিক জালি নোট ব্যৱহাৰৰ অভিযোগত পুলিচে গ্ৰপ্তাৰ কৰা সময়ত হত্যা কৰে।১ ডেৰেক চৌভিন, এজন শ্বেতাঙ্গ পুলিচ বিষয়াই প্ৰায় ন মিনিট ধৰি ফ্লইডৰ ডিঙিত আঁঠুৰে গচকি ধৰিছিল, সেইসময়ত ফ্লইডক হাতকেৰেয়া পিন্ধাই ৰখা হৈছিল আৰু তেওঁৰ মুখখন মাটিত থেকেচি দিয়া হৈছিল। ফ্লইডে তেওঁক এৰি দিবলৈ কাকুটি কৰিছিল আৰু জীৱনৰ ভিক্ষা মাগি বাৰে বাৰে কৈছিল "মই উশাহ ল'ব পৰা নাই" ("I can't breathe")।২৩ পুলিচ অফিচাৰ জে. আলেকজেণ্ডাৰ কুয়েং আৰু থমাচ লেনে ফ্লইডক আৰু অধিক জোৰেৰে ধৰি ৰাখিছিল, লগতে পুলিচ অফিচাৰ টু থাৱে আন লোকক হস্তক্ষেপ কৰাৰ পৰা বিৰত ৰাখিছিল।৪ অন্তিম তিনি মিনিট সময়ত ফ্লইড স্থিৰ হৈ পৰছিল আৰু তেওঁৰ কোনো হৃদস্পন্দন নাছিল।৫৬ চৌভিনে তেওঁৰ আঁঠু ফ্লইডৰ ডিঙিৰ পৰা অঁতৰাবলৈ কাষতে থকা আন লোকে কৰা আবেদন অগ্ৰাহ্য কৰিছিল আৰু অৱশেষত চিকিৎসকে কোৱাৰ পাছতহে তেওঁৰ আঁঠু অঁতৰাইছিল।

পিছদিনা, ঘটনাটোৰ সাক্ষী লোকসকলে ৰেকৰ্ড কৰা ভিডিঅ'সমূহ আৰু সুৰক্ষা কেমেৰাৰৰ ভিডিঅ'সমূহ ৰাজহুৱা হৈ পৰাৰ পাছত,৭৮ সকলো চাৰিজন পুলিচ বিষয়াকে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়।৯১০ দুটি শব পৰীক্ষাই ফ্লইডৰ মৃত্যুক এক হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিছে। চৌভিনৰ বিৰুদ্ধে প্ৰথমে তৃতীয়-ডিগ্ৰী হত্যা (third-degree murder) আৰু দ্বিতীয়-ডিগ্ৰী নৰহত্যাৰ (second-degree manslaughter) অভিযোগ আনা হৈছিল,১১ পাছত তাত দ্বিতীয়-ডিগ্ৰী হত্যাৰ (second-degree murder) অভিযোগ যোগ কৰা হয়; অন্য তিনিজনৰ বিৰুদ্ধে দ্বিতীয়-ডিগ্ৰী হত্যাত সহায় কৰা আৰু পোষকতা কৰাৰ অভিযোগ অনা হৈছে।২১২৬

ফ্লইডৰ মৃত্যুৰ ঘটনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ২,০০০তকৈ অধিক চহৰৰ লগতে সমগ্ৰ বিশ্বজুৰি বিভিন্ন অঞ্চলত পুলিচৰ বৰ্বৰতা, পুলিচৰ বৰ্ণবৈষম্য আৰু পুলিচৰ দায়বদ্ধতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ আৰু বিক্ষোভৰ সূত্ৰপাত হয়।১৩

তথ্যসূত্ৰ

  1. ↑ (May 30, 2020). George Floyd: What happened in the final moments of his life. BBC News
  2. ↑ Barker, Kim; Eligon, John; Jr, Richard A. Oppel. (June 4, 2020). Officers Charged in George Floyd's Death Not Likely to Present United Front. The New York Times
  3. ↑ Haworth, Jon; Torres, Ella; Pereira, Ivan. (June 3, 2020). Floyd died of cardiopulmonary arrest, tested positive for COVID-19, autopsy shows. ABC News
  4. ↑ Chappell, Bill. (June 3, 2020). Chauvin And 3 Former Officers Face New Charges Over George Floyd's Death. NPR
  5. ↑ Thorbecke, Catherine. (May 29, 2020). Derek Chauvin had his knee on George Floyd's neck for nearly 9 minutes, complaint says. ABC News
  6. ↑ Higgins, Tucker; Mangan, Dan. (June 3, 2020). 3 more cops charged in George Floyd death, other officer's murder charge upgraded. CNBC
  7. ↑ (June 3, 2020). Protesters Hail Charges Against Police but Seek Broader Change. The New York Times
  8. ↑ (May 26, 2020). 'This is the right call': Officers involved in fatal Minneapolis incident fired, mayor says. KSTP-TV
  9. ↑ Furber, Matt; Burch, Audra D. S.; Robles, Frances. (May 29, 2020). George Floyd Worked With Officer Charged in His Death. The New York Times
  10. ↑ (June 1, 2020). Hennepin County Medical Examiner declares George Floyd death homicide. FOX 9
  11. ↑ (May 29, 2020). Fired Minneapolis police officer Derek Chauvin, who knelt on George Floyd's neck, arrested. Boston Globe. Associated Press
  12. ↑ Madani, Doha. (June 3, 2020). 3 more Minneapolis officers charged in George Floyd death, Derek Chauvin charges elevated. NBC News
  13. ↑ (June 1, 2020). George Floyd death: Violence erupts on sixth day of protests. BBC News

সম্পৰ্কিত শ্ৰেণী

অপৰাধআমেৰিকা যুক্তৰাষ্ট্ৰআধুনিক ইতিহাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জৰ্জ ফ্লইড হত্যাকাণ্ড” প্ৰবন্ধৰ সংশোধন ৫৬১৮৯৪ (৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।