অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্যোতি বসু

জ্যোতি বসু (Jyoti Basu) (জন্ম নাম জ্যোতিৰিন্দ্ৰ বসু; জন্ম: ৮ জুলাই ১৯১৪ – মৃত্যু: ১৭ জানুৱাৰী ২০১০) এজন ভাৰতীয় তাত্ত্বিক মাৰ্ক্সবাদী, কমিউনিষ্ট কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম বিশিষ্ট নেতা আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জ্যোতি বসু (Jyoti Basu) (জন্ম নাম জ্যোতিৰিন্দ্ৰ বসু; জন্ম: ৮ জুলাই ১৯১৪ – মৃত্যু: ১৭ জানুৱাৰী ২০১০)১ এজন ভাৰতীয় তাত্ত্বিক মাৰ্ক্সবাদী, কমিউনিষ্ট কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ ভাৰতৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম বিশিষ্ট নেতা আছিল।২৩ ১৯৭৭ চনৰ পৰা ২০০০ চনলৈকে তেওঁ পশ্চিম বংগৰ ৬ষ্ঠবাৰ আৰু মুখ্যমন্ত্ৰী হিচাপে দীৰ্ঘতম কাললৈ কাৰ্যনিৰ্বাহ কৰিছিল।৪৫৬ তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৬৪ চনৰ পৰা ২০০৮ চনলৈকে তেওঁ দল গঠনৰ পলিটব্যুৰ’ৰ সদস্য আছিল। তেওঁ ১১ বাৰ পশ্চিম বংগ বিধানসভাৰ সদস্য নিৰ্বাচিত হৈছিল।৭ সাত দশকৰো অধিক সময়ৰ ৰাজনৈতিক জীৱনত তেওঁ পদত্যাগ কৰাৰ সময়লৈ ভাৰতৰ আটাইতকৈ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছিল।৮ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ বাবে চাৰিবাৰ তেওঁৰ নাম প্ৰস্তাৱ কৰা হৈছিল।

জন্ম আৰু শিক্ষা

বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ বাৰুদীত থকা জ্যোতি বসুৰ পৈতৃক ঘৰ।
বাংলাদেশৰ নাৰায়ণগঞ্জ জিলাৰ বাৰুদীত থকা জ্যোতি বসুৰ পৈতৃক ঘৰ।ছবি: Subrata Roy · CC BY-SA 3.0

ব্ৰিটিছ ভাৰতৰ কলিকতাৰ ৪৩/১ হেৰিছন ৰোডত থকা এক মধ্যবিত্ত বঙালী কায়স্থ পৰিয়ালত জ্যোতিৰিন্দ্ৰ বসুৰ জন্ম হৈছিল ১৯১৪ চনৰ ৮ জুলাই মাহত।১৯১০১১ তেওঁৰ পিতৃ নিশিকান্ত বসু বংগ প্ৰদেশৰ গৃহ জিলা ঢাকাৰ বাৰুদী গাঁৱৰ এজন চিকিৎসক আছিল, আৰু মাতৃ হেমলতা বসু আছিল এগৰাকী গৃহিণী।১২ তেওঁ ভাৰতীয় শৈলীৰ যৌথ পৰিয়ালত ডাঙৰ-দীঘল হৈছিল আৰু তিনিজন ভাই-ভনীৰ ভিতৰত তেওঁ কনিষ্ঠ আছিল।১২ সৰুতে তেওঁৰ “গন’’ নামে এটা ডাকনাম আছিল।৪ তেওঁৰ এজন বৰদেউতাক নিলিনকান্ত বসু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।১৩ তেওঁলোকৰ পৰিয়ালটো বাৰুদীৰ পূৰ্বপুৰুষৰ ঠাইতে বহু সময় পাৰ কটাইছিল আৰু জ্যোতি বসুৱে তাতে শৈশৱৰ কিছু অংশ কটোৱা বুলি বৰ্ণনা কৰিছে। বসুৰ বাৰুদিৰ ঘৰখন পিছলৈ তেওঁৰ মৃত্যুৰ পিছত, তেওঁৰ ইচ্ছা অনুসৰি পুথিভঁৰাললৈ ৰূপান্তৰিত কৰা হয়।১৪

১৯২০ চনত কলিকতাৰ ধৰ্মতলাৰ লৰেটো কিণ্ডাৰগাৰ্টেন স্কুলত বসুৰ স্কুলীয়া শিক্ষা আৰম্ভ হয়।১৩১২ নামভৰ্তিৰ সময়ত তেওঁৰ পিতৃয়ে তেওঁৰ নাম জ্যোতিৰিন্দ্ৰৰ পৰা জ্যোতিলৈ সংক্ষিপ্ত কৰিছিল।৯১২কিন্তু তিনি বছৰৰ পিছত তেওঁক তাৰপৰা কলিকতাৰ ছেইণ্ট জেভিয়াৰ স্কুললৈ বদলি কৰা হয়।৯ ১৯৩২ চনত চেণ্ট জেভিয়াৰৰ পৰা মাধ্যমিক শিক্ষা সমাপ্ত কৰে।১৫১৩১৬ ইয়াৰ পিছত তেওঁ কলিকতাৰ হিন্দু কলেজৰ (পিছলৈ প্ৰেচিডেন্সী কলেজ নামে পৰিচিত) পৰা ইংৰাজী বিষয়ত স্নাতক পাঠ্যক্ৰম গ্ৰহণ কৰে।৯১৩ ১৯৩৫ চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত১৭ তেওঁ লণ্ডনৰ ইউনিভাৰ্চিটি কলেজত(UCL) আইন অধ্যয়নৰ বাবে নামভৰ্তি লাভ কৰে আৰু ১৯৪০ চনৰ ২৬ জানুৱাৰীত মিডল টেম্পলত বেৰিষ্টাৰ হয়।৯১৮ কিন্তু বেৰিষ্টেৰিয়েল ডিগ্ৰী লাভ কৰাৰ সময়লৈ তেওঁ ভাৰতলৈ গুচি আহিছিল।১৮

লণ্ডনত থকাৰ সময়ছোৱাত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজনৈতিক আলোচনা আৰু কাৰ্যকলাপৰ সৈতে জড়িত হৈ পৰে।১৩৯১২ ইউ-চি-এলত সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও তেওঁ লণ্ডন স্কুল অৱ ইকনমিক্স(এলএছই)ত ৰাজনৈতিক সংগঠন, সাংবিধানিক আইন, আন্তঃৰাষ্ট্ৰীয় আইন আৰু নৃতত্ত্বৰ বিভিন্ন আলোচনাত অংশগ্ৰহণ কৰিব লগা হৈছিল।১৯ যাৰ বাবে তেওঁক এল-এছ-ইৰ প্ৰাক্তন ছাত্ৰ হিচাপেও কৃতিত্ব দিয়া হয়।২০১৯২১ তেওঁ ৰাজনৈতিক তত্ত্ববিদ আৰু অৰ্থনীতিবিদ হেৰল্ড লাস্কিৰ বক্তৃতাত অংশগ্ৰহণ কৰা বুলি কোৱা হয় আৰু তেওঁ ফেচিবাদ বিৰোধী মতবাদৰ দ্বাৰা প্ৰভাৱিত হৈছিল।১৩ ১৯৩৭ চনৰ ভিতৰত বসু ইণ্ডিয়া লীগ আৰু ফেডাৰেচন অৱ ইণ্ডিয়ান ষ্টুডেণ্টছৰ দৰে কেইবাটাও সাম্ৰাজ্যবাদ বিৰোধী ভাৰতীয় ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য আছিল,৯১২ আৰু ভূপেশ গুপ্ত আৰু স্নেহাংশু আচাৰ্যৰ দৰে ভাৰতীয় যুৱ কমিউনিষ্টৰ সৈতে চিনাকি হৈছিল।১৩

১৯৩৮ চনত তেওঁ লণ্ডন মজলিছৰ প্ৰতিষ্ঠাপক সদস্য আৰু পৰৱৰ্তী সময়ত ইয়াৰ প্ৰথম সচিবও হৈছিল।১৩৯ ভাৰতৰ স্বাধীনতাৰ কাৰণে জনমত গঠন কৰাৰ উপৰিও মজলিছৰ এটা প্ৰধান কাম আছিল, সেই সময়ত ইংলেণ্ড ভ্ৰমণ কৰা ভাৰতীয় নেতাসকলৰ বাবে অভ্যৰ্থনাৰ ব্যৱস্থা কৰা।১৩ মজলিছৰ জৰিয়তে বসুৱে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিভিন্ন নেতা যেনে সুভাষ চন্দ্ৰ বসু, জৱাহৰলাল নেহৰু, কৃষ্ণ মেনন আৰু বিজয় লক্ষ্মী পণ্ডিতৰ সংস্পৰ্শলৈ আহে।১২১৩

ভাৰতৰ স্বাধীনতা আন্দোলন আৰু ১৯৪৭ৰ আগৰ জ্যোতি

১৯৪০ চনৰ আৰম্ভণিতে ভাৰতৰ কলিকতালৈ উভতি আহি২২ বসুৱে কলিকতা উচ্চ ন্যায়ালয়ত বেৰিষ্টাৰ হিচাপে যোগদান কৰে,১৩ আৰু বসন্তী ঘোষক বিয়া কৰায়।২৩৪ কিন্তু সেই বছৰতে তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (চিপিআই)ৰ সৈতে জড়িত কৰ্মী হিচাপেও নিজকে অন্তৰ্ভুক্ত কৰে।২২১৬ সেই সময়ত তেওঁৰ কমিউনিষ্ট আন্দোলনত প্ৰৱেশ তেওঁৰ তুলনামূলকভাৱে চহকী পৰিয়ালৰ ইচ্ছাৰ বিৰোধিতা কৰা বুলি কোৱা হৈছিল।১৬২৪ ১৯২৯ চনত মীৰাটৰ ষড়যন্ত্ৰৰ পিছত ব্ৰিটিছ কৰ্তৃপক্ষই কমিউনিষ্ট পাৰ্টিকো অবৈধ বুলি ঘোষণা কৰিছিল,৯২৫ ফলস্বৰূপে বসুৱে প্ৰথম অৱস্থাত স্বাধীনতা আন্দোলনত আণ্ডাৰগ্ৰাউণ্ড কমিউনিষ্ট নেতাসকলৰ বাবে যোগাযোগ আৰু তেওঁলোকৰ নিৰাপদ বাসস্থানৰ ব্যৱস্থা কৰাৰ কামত জড়িত হৈ পৰিছিল।১৬১৩ কিন্তু ইয়াৰ পিছত অলপ সময়ৰ ভিতৰতে তেওঁ ৰেলৱেৰ শ্ৰমিকসকলক সংগঠিত কৰা, ধৰ্মঘটৰ পৰিকল্পনা কৰা আদি কামতো জড়িত হৈ পৰে আৰু কোৱা হয় যে, প্ৰাৰম্ভিক বছৰবোৰত বেলট বাকচতকৈ প্ৰত্যক্ষ ব্যৱস্থা গ্ৰহণ কৰাটো পছন্দ কৰিছিল।২৪২৬

১৯৪১ চনত বসুক অসম-বংগ ৰেলৱে (বৰ্তমান বাংলাদেশ ৰেলৱে আৰু উত্তৰ-পূব সীমান্ত ৰে’লৱে)ৰ দলীয় সম্পাদক হিচাপে নিযুক্তি দিয়া হয় আৰু শ্ৰমিক সংঘ গঠনৰ দায়িত্ব দিয়া হয়।১৬ ১৯৪৩ চনৰ মে' মাহলৈকে তেওঁ নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছত কলিকতা বন্দৰ অভিযান্ত্ৰিক শ্ৰমিক সংঘৰ প্ৰতিনিধি হৈছিল,২৭২৮ আনহাতে তেওঁৰ অধীনত অসম-বংগ ৰে'লৱে শ্ৰমিক সংঘৰ সদস্য সংখ্যা ৪,০০০ তকৈ অধিকলৈ বৃদ্ধি পাইছিল আৰু ইউনিয়নৰ সদস্যসকল আছিল ডাক্কা, কলিকতা, কাঞ্চ্ৰাপাৰা, মইমনসিং, ৰংপুৰ আৰু অসমৰ।২৯

১৯৪৩ চনৰ বংগ দুৰ্ভিক্ষৰ সময়ত বসুকে ধৰি কমিউনিষ্ট পাৰ্টিৰ সদস্যসকল দুৰ্ভিক্ষ পীড়িতৰ সাহায্যৰ কামত জড়িত হৈ পৰে।১৩৩০ দলটোৱে "জনতাৰ খাদ্য সমিতি"ও আয়োজন কৰিছিল, যিয়ে খাদ্য মজুতকাৰীসকলক তেওঁলোকৰ ষ্টক বিতৰণৰ বাবে মুকলি কৰিবলৈ বাধ্য কৰিবলৈ চেষ্টা কৰিছিল; বসুৱে কলিকতা আৰু মিদনাপুৰত এনে সমিতি গঠনত অংশগ্ৰহণ কৰিছিল।৩১৩০ বসুৰ বক্তব্য অনুসৰি সেই সময়ত তেওঁলোকৰ সংগঠনটো এটা সৰু সংগঠন আছিল আৰু তেওঁলোকে যিমান পাৰে সিমান ভাল কাম কৰিছিল আৰু দুৰ্ভিক্ষই ৩০ লাখৰো অধিক লোকৰ প্ৰাণ কাঢ়ি লৈছিল।৩২ সেই বছৰতে বসু কমিউনিষ্ট পাৰ্টিৰ বংগ প্ৰাদেশিক সমিতিলৈ নিৰ্বাচিত হয়।১৬ পিছলৈ তেওঁ ১৯৪৫ চনৰ পৰা ১৯৪৭ চনৰ ভিতৰত বংগৰ খাদ্য সংকটৰ অন্ত পেলাবলৈ বিচৰা তেভাগা আন্দোলনত ৰেলৱে ইউনিয়নৰ সহায়ক হিচাপে অংশগ্ৰহণ কৰে।৩৩

১৯৪৪ চনৰ ভিতৰত বসুৱে কমিউনিষ্ট পাৰ্টিৰ ট্ৰেড ইউনিয়ন কাৰ্যকলাপৰ নেতৃত্ব দিবলৈ আৰম্ভ কৰে।৩৪ ভাৰতীয় শ্ৰমিকৰ স্বাৰ্থ আগুৱাই নিয়াৰ স্বাৰ্থত ইষ্ট ইণ্ডিয়ান ৰেলৱে কোম্পানী (বৰ্তমান ইষ্টাৰ্ণ ৰেলৱে আৰু ইষ্ট চেণ্ট্ৰেল ৰেলৱে)ত কৰ্মৰত শ্ৰমিকসকলক সংগঠিত কৰাৰ বাবে তেওঁক পুনৰ দায়িত্ব দিয়া হৈছিল আৰু বংগ নাগপুৰ ৰেলৱে শ্ৰমিক ইউনিয়ন গঠনত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি বৰ্ণনা কৰা হৈছে, যাৰ তেওঁ সাধাৰণ সম্পাদক নিযুক্ত হৈছিল।৯১৩ একে বছৰতে বংগ নাগপুৰ ৰেলৱে শ্ৰমিক সংঘ আৰু বংগ দিল্লী ৰেলৱে শ্ৰমিক সংঘৰ একত্ৰীকৰণৰ লগে লগে বসুক নতুন সংযুক্ত সংঘৰ সাধাৰণ সম্পাদক নিৰ্বাচিত কৰা হয়।১১২ তেওঁ অল ইণ্ডিয়া ৰেলৱে শ্ৰমিক ফেডাৰেচনৰ সম্পাদক হিচাপেও নিৰ্বাচিত হয়।৩৫

১৯৪৬ চনত বসুক কমিউনিষ্ট পাৰ্টিয়ে বংগ বিধানসভাত ৰেলৱে কৰ্মচাৰীৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিযুক্তি দিয়ে।৩৬ ইয়াৰ পিছত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ হুমায়ুন কবীৰক পৰাস্ত কৰি বিধানসভালৈ নিৰ্বাচিত হয়।৩৭৩৮ তেওঁ বংগ বিধানসভাৰ অধিৱেশনত খাদ্য সংকটৰ ওপৰত দিয়া খাদ্য সংকটৰ ওপৰত "বুকু কঁপাই দিয়া ভাষণ"টো এটা উল্লেখযোগ্য ভাষণ; ৩৭ তেওঁৰ মতে, এই সমস্যা সমাধানৰ একমাত্ৰ উপায় আছিল জমিদাৰী ব্যৱস্থা আৰু স্থায়ী বন্দোৱস্ত চুক্তি সম্পূৰ্ণৰূপে ভাঙি পেলোৱা, আৰু যিমান পাৰি সোনকালে ব্ৰিটিছক খেদি পঠিওৱা।৩৯ ১৯৪৬ চনৰ ৰয়েল ইণ্ডিয়ান নেভিৰ ৰেটিং বিদ্ৰোহৰ সমৰ্থনত বসুৱেও নিৰন্তৰ ৰেলৱে ধৰ্মঘটৰ আয়োজন কৰিছিল,৪০৩২ আৰু পিছলৈ ১৯৪৬ চনৰ ২৪ জুলাইত বিভিন্ন ৰাজনৈতিক বন্দীক মুক্তি নিশ্চিত কৰিছিল।২৬২৮

তথ্যসূত্ৰ

  1. ↑ (2010-01-17). Obituary: Jyoti Basu
  2. ↑ Jyoti Basu obituary | India | The Guardian. amp.theguardian.com
  3. ↑ Pandey, Samyak. (8 July 2019). Jyoti Basu, the beacon of Indian Communism who almost became prime minister
  4. ↑ (17 January 2010). Jyoti Basu: The Communist patriarch. NDTV
  5. ↑ Kanjilal, Pratik. (22 January 2010). The statesman, not his politics. হিন্দুস্তান টাইমছ
  6. ↑ (12 February 2010). Tough, yet gentle. Frontline. দ্য হিন্দু
  7. ↑ (4 April 2008). Jyoti Basu will continue on Central Committee. দ্য হিন্দু
  8. ↑ Chakrabarty, Bidyut. (2014). Communism in India: Events, Processes and Ideologies. Oxford University Press. পৃ. 92. ISBN 978-0-19-939546-0
  9. ↑ Pandey, Samyak. (8 July 2019). Jyoti Basu, the beacon of Indian Communism who almost became prime minister. ThePrint
  10. ↑ WB Polls: Mamata's triumph, a victory of class over caste. Free Press Journal
  11. ↑ Political Collapse Of Bengal's Upper Caste Bhadralok Hegemony And BJP's Prize. Outlook India
  12. ↑ (17 January 2010). Jyoti Basu: A profile. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  13. ↑ Chattopadhyay, Suhrid Sankar. (12 February 2010). End of an era. Frontline. দ্য হিন্দু
  14. ↑ (18 January 2010). Basu's ancestral house in Bangladesh to be made a library. The Economic Times
  15. ↑ (17 January 2010). जयोति बस क बिना भारत म वामपथ का इतिहास अधरा. Aaj Tak
  16. ↑ (17 January 2010). Life and times of a Marxist icon. হিন্দুস্তান টাইমছ
  17. ↑ (17 January 2010). Jyoti Basu: The Marxist who almost became India's PM. The Hindu
  18. ↑ Roy, Amit. (18 January 2010). The second home - London, the land that turned Basu into a Marxist, was also his favourite holiday destination. Telegraph India
  19. ↑ A faded entry card opens up the class of 1935. Telegraph India
  20. ↑ India at LSE South Asia Centre. lse.ac.uk. London School of Economics and Political Science
  21. ↑ Chandran, Ramesh. (15 January 1986). I.G. Patel: The 'old fashioned socialist and low-key' London School of Economics director. ইণ্ডিয়া টুডে
  22. ↑ Yardley, Jim. (17 January 2010). Jyoti Basu, Leader of Communists in India, Dies at 95. The New York Times
  23. ↑ (25 January 2010). Jyoti Basu: Marxist politician who combined realpolitik and revolutionary ideas. The Independent
  24. ↑ Jyoti Basu. The Economist
  25. ↑ Stolte, Carolien. (1 December 2013). Trade Unions on Trial: The Meerut Conspiracy Case and Trade Union Internationalism, 1929-32. Comparative Studies of South Asia, Africa and the Middle East. Duke University Press. পৃ. 345–346
  26. ↑ Roy, Bidyut. (18 January 2010). Communist who almost became PM - Indian Express. Indian Express
  27. ↑ (1943). Nagpur Session. All India Trade Union Congress Report. পৃ. 79
  28. ↑ Sen, Sumit; Roy, Saugata; Banerjee, Nirmalya. (18 January 2010). Jyoti Basu: The man who could have been PM. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  29. ↑ Batabyal, Rakesh. (2005). Communalism in Bengal: From Famine To Noakhali, 1943-47. SAGE Publications. পৃ. 127. ISBN 0-7619-3335-2
  30. ↑ Simonow, Joanna. (2 January 2020). The Great Bengal Famine in Britain: Metropolitan Campaigning for Food Relief and the End of Empire, 1943–44. The Journal of Imperial and Commonwealth History. Taylor & Francis. পৃ. 168–197
  31. ↑ Gupta, Ranajit Das. (1992). Economy, Society, and Politics in Bengal: Jalpaiguri, 1869-1947. Oxford University Press. পৃ. 286–288. ISBN 978-0195628418
  32. ↑ Menon, Parvathi. (18 January 2010). The Left Front has provided an alternative model of government: Jyoti Basu. The Hindu
  33. ↑ Debroy, Bibek. (20 January 2010). Column: A gentleman, then a communist. The Financial Express
  34. ↑ Datta, Romita. (17 January 2010). Marxist patriarch Jyoti Basu dead. Livemint
  35. ↑ Chakrabarty 2014, পৃ. 259
  36. ↑ Nagchoudhury, Subrata. (15 April 1996). Jyoti Basu: Rock-solid cadre base assures Left Front that its trusted warhorse will deliver. ইণ্ডিয়া টুডে
  37. ↑ Paul, Prasanta. (18 January 2010). Man of seeming contradictions. Deccan Herald
  38. ↑ (17 January 2010). Date with history: chronology of Jyoti Basu's life. News18
  39. ↑ Dev, Bimal J.; Lahiri, Dilip K. (1985). Assam Muslims: Politics & Cohesion. Mittal Publications. পৃ. 101–103
  40. ↑ Vasudevan, H. (2017). Communism in India. The Cambridge History of Communism. Cambridge University Press. পৃ. 491–517. ISBN 9781316459850

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কমিউনিষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি বসু” প্ৰবন্ধৰ সংশোধন ৬৩২২০৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।