অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জগদীশ মাহতো

জগদীশ মাহতো (Jagdish Mahto) এজন নক্সাল নেতা আছিল। ১৯৭০ চনত তেওঁ বিহাৰৰ ভূস্বামীৰ প্ৰাধান্য থকা ভোজপুৰ অঞ্চলত বিদ্ৰোহৰ নেতৃত্ব দিছিল। চৰকাৰৰ বিৰুদ্ধে নক্সালবাদী বিদ্ৰোহৰ নেতৃত্ব দিয়া সংগঠন ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী)ৰ তেওঁ সদস্য আছিল।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২৯৩ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জগদীশ মাহতো (Jagdish Mahto) এজন নক্সাল নেতা আছিল। ১৯৭০ চনত তেওঁ বিহাৰৰ ভূস্বামীৰ প্ৰাধান্য থকা ভোজপুৰ অঞ্চলত বিদ্ৰোহৰ নেতৃত্ব দিছিল। চৰকাৰৰ বিৰুদ্ধে নক্সালবাদী বিদ্ৰোহৰ নেতৃত্ব দিয়া সংগঠন ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী)ৰ তেওঁ সদস্য আছিল। তেওঁ নিম্নবৰ্ণৰ লোকৰ হকে উচ্চবৰ্ণৰ ভূস্বামীসকলৰ বিৰুদ্ধেও যুঁজিছিল।১২ মাষ্টৰ চাহেব নামেৰে জনাজাত মাহতোই চিপিআই(এম–এল)ৰ বিহাৰ ৰাজ্যিক সমিতিৰ সদস্য আৰু ভোজপুৰত দলটোৰ অন্যতম প্ৰতিষ্ঠাপক নেতা আছিল।৩

জীৱন

জগদীশ মাহতোৰ জন্ম হৈছিল বিহাৰৰ একৱাৰীত। তেওঁ আছিল কৈৰী সম্প্ৰদায়ৰ লোক। মাহতোৱে দলিতসকলৰ অধিকাৰৰ প্ৰতি সমৰ্থন জনাই হৰিজনীস্তান নামৰ এখন কাকত প্ৰকাশ৪৫ বিহাৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী শ্ৰী ভগৱান সিং কুশৱাহা মাহতোৰ জোঁৱায়েক।৬

নক্সালবাদী আন্দোলনত জড়িত হোৱাৰ পূৰ্বে মাহতোৱে বিহাৰৰ আৰাৰ হৰপ্ৰসাদ দাস জৈন কলেজত বিজ্ঞানৰ অধ্যাপনা কৰিছিল।৭ পিছলৈ তেওঁ ৰাজনীতিৰ প্ৰতি আগ্ৰহী হয়। তেওঁ কাৰ্ল মাৰ্ক্সৰ ৰচনা-ৰাজিৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। পিছলৈ বি আৰ আম্বেদকাৰৰ দৰ্শন পঢ়ি আম্বেদকাৰবাদী হৈ পৰে। মাহটো আছিল দলিতৰ অধিকাৰৰ অটল সমৰ্থক। উচ্চবৰ্ণসকলে বিশেষকৈ দ্বিজসকলে লাভ কৰা বিশেষাধিকাৰো বিৰোধী আছিল। ১৯৬৭ চনত যেতিয়া বংগ আৰু পঞ্জাৱত দলিতসকলৰ উত্থান হয়, তেতিয়া বিহাৰৰ নিপীড়িত শ্ৰেণীৰ মাজত তেনেকুৱা উত্থান দেখা নগ’ল। বিজ্ঞসকলৰ মতে, ইয়াৰ ভূস্বামী আৰু উচ্চবৰ্ণৰ লোকসকলৰ আধিপত্যই নিম্নবৰ্ণৰ লোকসকলক ত্ৰাসিত কৰি ৰাখিছিল। নক্সালবাদৰ প্ৰথম স্ফুলিংগ মুশাৰীত দেখা গৈছিল যদিও অতি সোনকালেই সামন্তবাদী শক্তিয়ে ইয়াক নিৰ্বাপিত কৰি পেলাইছিল।

ৰাজনৈতিক কাৰ্যকলাপ

১৯৬৭ চনৰ বিহাৰ বিধানসভাৰ নিৰ্বাচনত মাহতোৱে তেওঁৰ বন্ধু ৰাম নৰেশ ৰামক৮ সমৰ্থন কৰিছিল, যিয়ে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ টিকটত স্থানীয় ভূমিহাৰৰ সমৰ্থিত প্ৰাৰ্থীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল।৯ মাহতোৱে ভোটগ্ৰহণ কেন্দ্ৰলৈ যাওঁতে দেখিলে ভূমিহাৰৰ এজন যুৱকে ভোটাৰক ভোটদানত বাধা প্ৰদান কৰি আছে। মাহতোৱে ইয়াৰ বিৰুদ্ধে মাত মতাত অন্য ভূমিহাৰ লোকসকলে তেওঁক বেয়াকৈ প্ৰহাৰ কৰে। তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু কেইবামাহো তাতেই থাকিবলগীয়া হয়।হাস্পাতালৰ পৰা ওলোৱাৰ পাছত তেওঁ উগ্ৰ চিন্তাধাৰাৰ প্ৰতি আসক্ত হৈ পৰে। এই সময়ছোৱাত তেওঁ বংগত "কমিউনিষ্ট বিদ্ৰোহ"ৰ নেতৃত্ব দিয়া চাৰু মজুমদাৰক লগ পায়। মজুমদাৰ ভোজপুৰত ভূস্বামীসকলৰ বিৰুদ্ধে ভাষণ দিবলৈ গৈছিল।৪

মাহাতোৱে ৰাম নৰেশ ৰাম, ৰামেশ্বৰ অহিৰকে ধৰি আন সমভাৱাপন্ন লোকৰ সৈতে মিত্ৰতা কৰি ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী–লেনিনবাদী) লিবাৰেচনৰ অধীনত নিজৰ সমৰ্থকসকলক একত্ৰিত কৰে। ১৯৭০-ৰ দশকৰ শেষৰ ফালে বহু সংখ্যক ভূস্বামীক হত্যা কৰা হয়। এই আন্দোলনৰ ফলত কিছুমান অৰ্থনৈতিক সংস্কাৰ যেনে, বিনা পাৰিশ্ৰমিকত ভূস্বামীসকলৰ দ্বাৰা দলিতসকলক শ্ৰমদানৰ বাবে বাধ্য কৰোঁৱা প্ৰথা নিৰ্মূলকৰণ আদি সম্ভৱ হয়। এই আন্দোলনৰ পূৰ্বে দলিত মহিলাৰ সৈতে অবাঞ্চিত যৌন সংস্পৰ্শত লিপ্ত হোৱা ভূস্বামীসকলৰ বাবে কাৰ্যতঃ কোনো শাস্তিৰ ব্যৱস্থা নাছিল। দলিতসকল বেছিভাগেই আছিল ভূমিহীন শ্ৰমিক, যিয়ে নিজৰ সন্মান ৰক্ষাৰ বাবে জগদীশ মাহতোৰ অধীনত সংগ্ৰাম কৰিছিল।৪

মৃত্যু

মুছাহাৰ গোষ্ঠীৰ এটা দলে ডকাইত বুলি ভুল কৰি কৰা প্ৰহাৰত মাহতোৰ মৃত্যু হয়।৮ মৃত্যুৰ আগতে মাহতোৱে তেওঁৰ এজন সতীৰ্থক কৈছিল যে তেওঁৰ মৃত্যু হ'লেও ভৱিষ্যতে উচ্চবৰ্ণৰ ভূস্বামীসকলে দলিত মহিলাক স্পৰ্শ কৰিবলৈ সাহস নকৰিব।৪

জনপ্ৰিয় সংস্কৃতিত

জগদীশ মাহতো একৱাৰীৰ মানুহৰ মাজত এক উল্লেখযোগ্য ব্যক্তিত্বত পৰিণত হৈছিল। দুখীয়া আৰু নিপীড়িত লোকৰ হৈ ভূস্বামীকলৰ বিৰুদ্ধে কৰা সংগ্ৰামৰ স্মৃতিত কেইবাখনো গ্ৰন্থ ৰচনা কৰা হয়। মাহতোক লৈ লিখা কিছুমান জীৱনীমূলক গ্ৰন্থ হ'ল- ভোজপুৰ মে নক্সালবাদী আন্দোলন (কল্যাণ মুখাৰ্জী আৰু ৰাজেন্দ্ৰ যাদৱ), মাষ্টৰ চাব (মহাশ্বেতা দেৱী), ৰক্তিম তাৰা (সুৰেশ কন্তক), আৰু অৰ্জুন জিন্দা হ্যায় (মধুকৰ সিং)।১০

অধিক পঠন

তথ্যসূত্ৰ

  1. ↑ Srivastava, Arun. (2015). Maoism in India. Prabhat Prakashan. পৃ. 181. ISBN 978-9351865131
  2. ↑ Bernard D'Mello. (2018). India after Naxalbari: Unfinished History. NYU Press. ISBN 978-1583677087
  3. ↑ Pranava K Chaudhary. (15 November 2002). ML to honour kin of 'martyrs'. Times of India
  4. ↑ Omvedt, Gail. (1993). Reinventing Revolution: New Social Movements and the Socialist Tradition in India. M.E. Sharpe. পৃ. 58–60. ISBN 0765631768 The Naxalite challenge developed in the central districts where some agricultural development was producing an objective base to challenge the bonds of ex ploitation they called "semifeudalism." Its first mass leader was Jagdish Mahto, a koeri teacher who had read Ambedkar before he discovered Marx and started a paper in the town of Arrah called "Harijanistan" (dalit land), even leading a march of dalits on this demand. This was similar to innumerable assertions throughout India at the time, but Bihar contradictions drove Mahto in a more violent direction. Beaten up after supporting the CPI in the 1967 elections, he turned to Naxalism and began to organize murders of landlords and their gang ster
  5. ↑ Judith Pettigrew, Alpa Shah. (2017). Windows into a Revolution:Ethnographies of Maoism in India and Nepal. Routledge. ISBN 978-1351381819
  6. ↑ (13 April 2014). Sitting Ara MP finds the going tough. Times of India
  7. ↑ Singh, Santosh. (2015). Ruled or Misruled: Story and Destiny of Bihar. Bloomsbury Publishing. ISBN 978-9385436420
  8. ↑ Mukul, Akshay. (31 March 2004). Barricade to ballot. The Times of India
  9. ↑ Charvaka. (1978). No Check on Managements. Economic and Political Weekly. পৃ. 8–10
  10. ↑ Sahar, Santosh. Revolutionary lives. Communist Party of India(Marxist-Leninist)liberation

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় কমিউনিষ্ট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জগদীশ মাহতো” প্ৰবন্ধৰ সংশোধন ৬২৫০১৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।