অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জ্যোতি দেশপাণ্ডে

জ্যোতি দেশপাণ্ডে: Jyoti Deshpande; এগৰাকী ভাৰতীয় ব্যৱসায়ী আৰু চলচ্চিত্ৰ প্ৰযোজক আৰু ভায়াকম ১৮ ৰ প্ৰাক্তন চিইঅ'। জ্যোতি পূর্বতে Eros International-ৰ গ্ৰুপ CEO আৰু ব্যৱস্থাপনা পৰিচালক হিচাপে কৰ্মৰত আছিল। তেওঁ ফিচিচিৰ মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট কমিটিৰ প্ৰাক্তন সহ-অধ্যক্ষও আছিল।

হালনাগাদ: ৬ মাৰ্চ ২০২৫ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জ্যোতি দেশপাণ্ডে: Jyoti Deshpande; এগৰাকী ভাৰতীয় ব্যৱসায়ী আৰু চলচ্চিত্ৰ প্ৰযোজক আৰু ভায়াকম ১৮ ৰ প্ৰাক্তন চিইঅ'। জ্যোতি পূর্বতে Eros International-ৰ গ্ৰুপ CEO আৰু ব্যৱস্থাপনা পৰিচালক হিচাপে কৰ্মৰত আছিল।১২৩ তেওঁ ফিচিচিৰ মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট কমিটিৰ প্ৰাক্তন সহ-অধ্যক্ষও আছিল।৪৫

ফৰ্চুন ইণ্ডিয়াৰ লগতে বিজনেছ টুডেৰ ৫০ গৰাকী বিজনেছৰ আটাইতকৈ শক্তিশালী মহিলাৰ তালিকাতো তেওঁক অন্তৰ্ভুক্ত কৰা হৈছে।৬

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

দেশপাণ্ডেৰ জন্ম হৈছিল ১৯৭২ চনত ভাৰতৰ মুম্বাইত।

তেওঁ নাৰ্চী মঞ্জী কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সৰ পৰা বাণিজ্য আৰু অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰে। কলেজত পঢ়ি থকা সময়ছোৱাত পঢ়াৰ খৰচ পাতি উলিয়াবলৈ টিউচন কৰিব লগা হৈছিল। তেনেদৰে ১৯৯৩ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ এছ পি জৈন ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড ৰিচাৰ্চৰ পৰা এম বি এ বিষয়ত উৰ্ত্তীণ হৈছিল।৭৮৯১০১১

কৰ্ম জীৱন

এম বি এ সমাপ্ত কৰাৰ পিছত জ্যোতি দেশপাণ্ডে ব্ৰিটেইনৰ মাইণ্ডশ্বেয়াৰ মিডিয়া নামৰ এটা প্ৰতিষ্ঠানত এটা পদ অধিগ্ৰহণ কৰে। সেই সময়ত তেওঁ এগৰাকী জ্যেষ্ঠ পৰামৰ্শদাতা আছিল। তাৰ পিছত তেওঁ জি নেটৱৰ্কৰ বিক্ৰী আৰু বিপণন মুৰব্বী আছিল। জি নেটৱৰ্কত কাম কৰাৰ পিছত জেমছ ৱালটাৰ থম্পছন নামৰ এটা বিজ্ঞাপন প্ৰতিষ্ঠানত কাম কৰিবলৈ যায়। ১৯৯৯ চনৰ পৰা ২০০১ চনৰ ভিতৰত B4U টেলিভিছন নেটৱৰ্ক গঠন কৰা জ্যেষ্ঠ পৰিচালনা দলৰ সদস্য আছিল।১২ ২০১৮ চনত তেওঁ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজত মিডিয়া প্লেটফৰ্ম এণ্ড কন্টেন্টৰ সভানেত্ৰী হিচাপে যোগদান কৰে আৰু মুকেশ আম্বানীক পোনপটীয়াকৈ প্ৰতিবেদন দিয়ে।১৩১৪

ভায়াকম ১৮ মিডিয়া প্ৰাইভেট লিমিটেডৰ প্ৰাক্তন চিইঅ’আছিল।১৫ তেওঁ পূৰ্বে গ্ৰুপৰ চিইঅ' আৰু ইৰ'ছ ইণ্টাৰনেশ্যনেলৰ পৰিচালন সঞ্চালক আছিল।১৬

ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড মিডিয়া এণ্ড কন্টেন্ট বিজনেছৰ সভানেত্ৰীও।১৭১৮

তথ্যসূত্ৰ

  1. ↑ (30 September 2021). Viacom18 names Jyoti Deshpande as CEO. Economic Times
  2. ↑ (17 April 2023). Meet Jyoti Deshpande, ex-tuition teacher, Mukesh Ambani's right hand who runs Jio Cinema, Viacom 18. DNA India
  3. ↑ (19 March 2023). MPW 2022: Viacom18 CEO Jyoti Deshpande has a firm belief in the power of synergies. Business Today
  4. ↑ (14 Feb 2022). Ficci appoints Viacom18's Jyoti Deshpande as co-chair of media and entertainment board. livemint.com
  5. ↑ (15 Feb 2022). FICCI appoints Jyoti Deshpande as the co-chair of FICCI Media & Entertainment Board. financialexpress.com
  6. ↑ (Oct 30, 2019). Inside Reliance Jio's content factory. fortuneindia.com
  7. ↑ (15 April 2023). कभी पोलियो की शिकार थीं ज्योति देशपांडे, आज Viacom 18 की हैं CEO. DNA India
  8. ↑ (17 April 2023). Meet Jyoti Deshpande, ex-tuition teacher, Mukesh Ambani's right hand who runs Jio Cinema, Viacom 18. DNA India
  9. ↑ (17 Feb 2022). Jyoti Deshpande One of India's most influential businesswomen. businessoutreach.in
  10. ↑ (27 September 2023). MPW 2015: Eros' Jyoti Deshpande is poised to make it big on small screen. Business Today
  11. ↑ (4 March 2016). 7 women front-runners changing the rules of the power game. peoplematters.in
  12. ↑ (17 Feb 2022). Jyoti Deshpande One of India's most influential businesswomen. businessoutreach.in
  13. ↑ Jyoti Deshpande. Forbes
  14. ↑ (2021-09-30). Viacom18 appoints Jyoti Deshpande as CEO. Business Today
  15. ↑ (29 March 2023). MPW 2022: 'Be yourself, speak up and focus on outcomes,' says high-power women panel. Business Today
  16. ↑ (29 March 2023). MPW 2022: 'Be yourself, speak up and focus on outcomes,' says high-power women panel. Business Today
  17. ↑ (12 April 2023). From Shahid Kapoor's 'Bloody Daddy' To Shah Rukh Khan's 'Dunki', Jio Studios Announces 100 Projects. English Jagran
  18. ↑ (16 April 2023). Reliance's JioCinema may start charging for content after the end of IPL. Economic Times

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি দেশপাণ্ডে” প্ৰবন্ধৰ সংশোধন ৪৮৮৪৩২ (৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।