অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ

জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ (ইংৰাজী: Jyoti-Bishnu Prekhyagriha) প্ৰকল্পটোক আনুষ্ঠানিকভাৱে জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ বা জ্যোতি-বিষ্ণু আন্তৰ্জাতিক সাংস্কৃতিক প্ৰকল্প বুলিও জনা যায়, এই প্ৰকল্পটো হৈছে অসমৰ গুৱাহাটীৰ খানাপাৰাত অৱস্থিত এক বহুমুখী আধুনিক প্ৰেক্ষাগৃহ।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ (ইংৰাজী: Jyoti-Bishnu Prekhyagriha) প্ৰকল্পটোক আনুষ্ঠানিকভাৱে জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ বা জ্যোতি-বিষ্ণু আন্তৰ্জাতিক সাংস্কৃতিক প্ৰকল্প বুলিও জনা যায়, এই প্ৰকল্পটো হৈছে অসমৰ গুৱাহাটীৰ খানাপাৰাত অৱস্থিত এক বহুমুখী আধুনিক প্ৰেক্ষাগৃহ।১ ৫,০০০ আসন ক্ষমতাযুক্ত এই প্ৰেক্ষাগৃহটো সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল তথা পূব ভাৰতৰ সৰ্ববৃহৎ আৰু আধুনিক প্ৰেক্ষাগৃহসমূহৰ ভিতৰত অন্যতম।২ ৩

ইতিহাস আৰু উদ্বোধন

অসম চৰকাৰে বিশ্বমানৰ সাংস্কৃতিক আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰে।৪ ২০২৫ চনৰ ২৯ ডিচেম্বৰত ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰেক্ষাগৃহটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰি ৰাজ্যৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।৫

নামকৰণ

অসমৰ সাংস্কৃতিক আৰু সামাজিক জীৱনৰ দুগৰাকী উজ্জ্বল নক্ষত্ৰ ক্ৰমে- ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা (বিপ্লৱী কবি, শিল্পী আৰু সমাজ সংস্কাৰক)-ৰ প্ৰতি শ্ৰদ্ধা জনাই এই প্ৰেক্ষাগৃহটোৰ নামকৰণ কৰা হৈছে।৬

আন্তঃগাঁথনি আৰু সা-সুবিধা

এই প্ৰেক্ষাগৃহটো অত্যাধুনিক প্ৰযুক্তি আৰু বহুমুখী সা-সুবিধাৰে সজ্জিত। ইয়াত একেলগে ৫,০০০ দৰ্শক বহিব পৰাকৈ সুপৰিকল্পিত আসনৰ ব্যৱস্থা আছে।৭ পিছফালে বহা দৰ্শকৰ সুবিধা হোৱাকৈ উচ্চমানৰ মণিটৰ/স্ক্ৰীনো স্থাপন কৰা হৈছে।৮ অডিঅ’-ভিজুৱেল আৰু লাইটিঙৰ ক্ষেত্ৰত 'Vallect' প্ৰতিষ্ঠানৰদ্বাৰা ইয়াৰ সংহত অডিঅ’-ভিজুৱেল (AV) ব্যৱস্থা, পোহৰ ব্যৱস্থা আৰু নিৰাপত্তা নিৰীক্ষণ নিৰ্মাণ কৰা হৈছে। সেইদৰে প্ৰাংগনৰ সুবিধাসমূহৰ ক্ষেত্ৰত চৌহদত সন্মিলন ভৱন (Convention Centre), বহুখলপীয়া বাহন ৰখা স্থান (Multi-level Parking), উদ্যান আৰু ফুড কোৰ্টৰ ব্যৱস্থা কৰা হৈছে।৯

পৰিচালনা

প্ৰেক্ষাগৃহটোৰ পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ হাতত অৰ্পণ কৰা হৈছে।১০ ইয়াৰ বিপৰীতে গৃহটোৰ নিয়মীয়া কাৰিকৰী আৰু পৰিকাঠামোগত ৰক্ষণাবেক্ষণৰ কাম অসম চৰকাৰৰ লোকনিৰ্মাণ (ভৱন) বিভাগৰ হাতত ন্যস্ত কৰা হৈছে।১১

তথ্যসূত্ৰ

  1. ↑ “Jyoti–Bishnu Antarjatik Kala Mandir to Scale Assam’s Heritage, Take Local Talent Global:” Sarbananda Sonowal
  2. ↑ Jyoti Bishnu Prekhragrihya Auditorium
  3. ↑ assambidhansabha.org
  4. ↑ www.indiasnews.net/news
  5. ↑ assamtalks.com/en/jyoti-bishnu-prekhyagriha-set-to-open-as-east-indias-largest-auditorium
  6. ↑ "Jyoti-Bishnu Antarjatik Kala Mandir to scale Assam's heritage, take local talent global:" Sarbananda Sonowal Read more At: www.aninews.in/news/national/general-news/jyoti-
  7. ↑ Jyoti Bishnu Prekhyagriha – Northeast India’s Largest Auditorium AV delivered
  8. ↑ ২৯ ডিচেম্বৰত মুকলি হ’ব জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ আৰু গুৱাহাটী আৰক্ষী আয়ুক্তালয়; চূড়ান্ত পৰ্যায়ৰ কাম-কাজ পৰিদৰ্শন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ
  9. ↑ 4th Convocation Of SSUHS at Jyoti Bishnu Prekhyagriha 🔥
  10. ↑ Jyoti-Bishnu Prekhyagriha Set to Open as East India’s Largest Auditorium
  11. ↑ timesofindia.indiatimes.com

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহ” প্ৰবন্ধৰ সংশোধন ৬৩৬৫২৭ (২১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।