জেফ্ৰি চ'ছাৰ (Geoffrey Chaucer) (আনু. ১৩৪৩ – ১৪০০]) এজন ইংৰাজ লেখক, কবি, দাৰ্শনিক, আমোলা, ৰাজনৈতিক উপদেষ্টা আৰু কূটনীতিবিদ। তেখেত বহু কেইখন বিখ্যাত গ্ৰন্থৰ প্ৰণেতা। কিন্তু তেওঁক আটাইতকৈ বেছি স্মৰণ কৰা হয় দ্য কেণ্টাৰবেৰী টেলছ নামৰ অসমাপ্ত আখ্যান-সংকলনৰ বাবে। চ'ছাৰক বহুতে "ইংৰাজী সাহিত্যৰ পিতৃ" বুলি অভিহিত কৰিছে। সমসাময়িক ফৰাচী বা লেটিন ভাষাৰ প্ৰভাৱৰ বিপৰীতে ইংলেণ্ডৰ স্থানীয় মধ্য ইংৰাজী ভাষাত সাহিত্য ৰচনা কৰা তেখেত প্ৰথমজন ইংৰাজ লেখক। ৱেষ্টমিনিষ্টাৰ এবেত সমাধিস্থ কৰা তেখেত হৈছে প্ৰথমজন লেখক। ১।২
চ'ছাৰৰ আন বিখ্যাত ৰচনাৰ ভিতৰত আছে The Book of the Duchess, The House of Fame, The Legend of Good Women, আৰু Troilus and Criseyde। যেতিয়া ইংলেণ্ডৰ প্ৰভাৱশালী সাহিত্যিক ভাষাসমূহ এংলো-নৰ্মান ফৰাচী আৰু লেটিন আছিল, তেতিয়া মধ্য ইংৰাজী ভাষাৰ সাহিত্যিক ব্যৱহাৰক বৈধতা প্ৰদান কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।৩
তথ্যসূত্ৰ
- ↑ ৰবাৰ্ট ডিমাৰিয়া জুনিয়ৰ, হিসক চ্যাং, সামান্থা জ্যাচাৰ, সম্পাদনা, A Companion to British Literature, Volume 2: Early Modern Literature, 1450–1660,জন উইলি এণ্ড চন্স, ২০১৩, পৃ. ৪১।
- ↑ ৰবাৰ্ট ডিমাৰিয়া জুনিয়ৰ, হিসক চ্যাং, সামান্থা জ্যাচাৰ, সম্পাদনা, A Companion to British Literature, Volume 2: Early Modern Literature, 1450–1660,জন উইলি এণ্ড চন্স, ২০১৩, পৃ. ৪১।
- ↑ Butterfield, Ardis. Chaucer and the idea of Englishness. History Extra
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেফ্ৰি চ'ছাৰ” প্ৰবন্ধৰ সংশোধন ৪৩৯৮৫৪ (২১ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।