জুবিন ক্ষেত্ৰ অসমৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ কামাৰকুছিত অৱস্থিত গায়ক, সংগীত পৰিচালক, গীতিকাৰ, অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা জুবিন গাৰ্গৰ স্মৃতিত নিৰ্মাণাধীন এটা স্মাৰক আৰু সাংস্কৃতিক ক্ষেত্ৰ। ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ শেষকৃত্য সম্পন্ন হোৱা স্থানতে এই ক্ষেত্ৰ গঢ়ি তোলাৰ সিদ্ধান্ত লোৱা হয়।১
জুবিন ক্ষেত্ৰৰ বাবে অসম চৰকাৰে সোণাপুৰত ১০ বিঘা ১ কঠা চৰকাৰী ভূমি সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়লৈ হস্তান্তৰ কৰিছে। ২০২৬ চনৰ মাৰ্চ মাহত ক্ষেত্ৰখনৰ সীমাৰ দেৱাল নিৰ্মাণেৰে প্ৰাৰম্ভিক পৰ্যায়ৰ কাম আৰম্ভ হয়।২৩
অৱস্থান
জুবিন ক্ষেত্ৰ গুৱাহাটী মহানগৰৰ পূব দিশত সোণাপুৰ অঞ্চলৰ কামাৰকুছিত অৱস্থিত। এই স্থানটো কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়া অঞ্চলৰ অন্তৰ্গত। জুবিন গাৰ্গৰ শেষকৃত্য এই স্থানতে সম্পন্ন কৰা হৈছিল।৪ জুবিন ক্ষেত্ৰৰ স্থান ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সোণাপুৰ অঞ্চলত অৱস্থিত।৫
নামকৰণ
জুবিন গাৰ্গৰ মৃত্যুৰ পিছত তেওঁৰ শেষকৃত্য সম্পন্ন হোৱা স্থানটোৰ স্থায়ী উন্নয়নৰ বাবে অসম চৰকাৰে এখন সমিতি গঠন কৰে। ২০২৫ চনৰ অক্টোবৰত অনুষ্ঠিত সমিতিৰ বৈঠকৰ পিছত স্থানটোৰ নাম জুবিন ক্ষেত্ৰ ৰখাৰ সিদ্ধান্ত ঘোষণা কৰা হয়। জুবিন গাৰ্গৰ পত্নী তথা সমিতিৰ অধ্যক্ষ গৰিমা শইকীয়া গাৰ্গে নামটো সাংস্কৃতিক আৰু স্মৃতিগত পৰিচয়ৰ সৈতে জড়িত বুলি উল্লেখ কৰে।১
ইতিহাস
জুবিন গাৰ্গৰ শেষকৃত্য

২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হয়। পিছত তেওঁৰ নশ্বৰদেহ অসমলৈ অনা হয় আৰু ৰাজ্যজুৰি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ পিছত ২৩ ছেপ্টেম্বৰত সোণাপুৰৰ কামাৰকুছিত শেষকৃত্য সম্পন্ন কৰা হয়।৪
শেষকৃত্যৰ পিছৰে পৰা স্থানটো জুবিন গাৰ্গৰ অনুৰাগীসকলৰ বাবে স্মৃতি আৰু শ্ৰদ্ধাঞ্জলিৰ স্থানলৈ পৰিণত হয়। বিভিন্ন স্থানৰ পৰা অহা লোকে ফুল, গামোচা, মাটিৰ চাকিকে ধৰি বিভিন্ন সামগ্ৰী আগবঢ়াই শ্ৰদ্ধা জনাবলৈ আৰম্ভ কৰে।৪
স্থায়ী ক্ষেত্ৰৰ পৰিকল্পনা
২০২৫ চনৰ অক্টোবৰ মাহত অসম চৰকাৰে জুবিন গাৰ্গৰ শেষকৃত্যস্থলৰ স্থায়ী উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰে। অসম কেবিনেটে ১৬ অক্টোবৰ ২০২৫ত জুবিন ক্ষেত্ৰ নিৰ্মাণৰ দায়িত্ব অসম লোকনিৰ্মাণ বিভাগক দিয়াৰ সিদ্ধান্ত অনুমোদন কৰে। ইয়াৰ পিছত লোকনিৰ্মাণ বিভাগে প্ৰস্তাৱিত ক্ষেত্ৰখনৰ বাবে বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ স্থপতিবিদৰ পৰা প্ৰস্তাৱ আহ্বান কৰে।৬
জুবিন ক্ষেত্ৰৰ পৰিকল্পনা আৰু নিৰ্মাণৰ তদাৰকিৰ বাবে অসম চৰকাৰে এখন ১১জনীয়া সমিতি গঠন কৰে। সমিতিখনত জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য, সাংস্কৃতিক ক্ষেত্ৰৰ ব্যক্তি আৰু প্ৰশাসনিক বিষয়াসকল অন্তৰ্ভুক্ত কৰা হয়।৭
ভূমি
২০২৬ চনৰ মাৰ্চ মাহত অসম চৰকাৰে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ১০ বিঘা ১ কঠা চৰকাৰী ভূমি সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়লৈ হস্তান্তৰ কৰে।২
২০২৫ চনৰ অক্টোবৰত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সদস্যসকলে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰি ভূমিৰ পৰিসৰ আৰু প্ৰকল্পৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰিছিল। সমিতিৰ অধ্যক্ষ গৰিমা শইকীয়া গাৰ্গে ক্ষেত্ৰখনত জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে সংগ্ৰহালয়, প্ৰাকৃতিক পৰিৱেশ আৰু অন্যান্য সাংস্কৃতিক উপাদানৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছিল।৮
নিৰ্মাণ
জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ত সীমাৰ দেৱাল নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়। কামটো অসম লোকনিৰ্মাণ বিভাগে ৰূপায়ণ কৰি আছে। ২০২৬ চনৰ মাৰ্চ মাহত কাম আৰম্ভ হোৱাৰ সময়ত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পৰৱৰ্তী পৰ্যায়সমূহ জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ সৈতে আলোচনা কৰি নিৰ্ধাৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।৩
২০২৬ চনৰ জুলাই মাহত অসম বিধানসভাত চৰকাৰে জনোৱা অনুসৰি স্থায়ী দেৱাল নিৰ্মাণৰ বাবে ২০২৫–২৬ বিত্তীয় বৰ্ষত ৩.১৯৭৫ কোটি টকা অনুমোদন কৰা হৈছিল।২
২০২৬ চনৰ ছেপ্টেম্বৰলৈকে জুবিন ক্ষেত্ৰ সম্পূৰ্ণ হোৱা নাই আৰু ইয়াৰ নিৰ্মাণ কাৰ্য চলি আছে।৩
পৰিকল্পিত সাংস্কৃতিক ভূমিকা

জুবিন ক্ষেত্ৰক কেৱল এটা শেষকৃত্যস্থল হিচাপে নহয় বৰং জুবিন গাৰ্গৰ সংগীত আৰু সাংস্কৃতিক অৱদানৰ সৈতে জড়িত এটা স্মাৰক আৰু সাংস্কৃতিক ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে। জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ আলোচনাত জুবিন গাৰ্গৰ সৃষ্টিৰাজি সংৰক্ষণৰ বাবে সংগ্ৰহালয়, পুথিভঁৰাল আৰু মুকলি মঞ্চৰ দৰে সুবিধাৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছে।৯
সমিতিৰ সদস্যসকলে জুবিন ক্ষেত্ৰত তেওঁৰ সংগীত, চলচ্চিত্ৰ আৰু অন্যান্য সৃষ্টিশীল কৰ্মৰ সৈতে জড়িত সামগ্ৰী সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।১
জনসাধাৰণৰ উপস্থিতি

জুবিন গাৰ্গৰ শেষকৃত্যৰ পিছৰে পৰা তেওঁৰ অনুৰাগীসকলে নিয়মীয়াকৈ এই স্থানলৈ আহি শ্ৰদ্ধা জ্ঞাপন কৰি আহিছে। ২০২৫ চনৰ নৱেম্বৰ মাহত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰতিদিনে বহু লোক জুবিনৰ শেষকৃত্যস্থললৈ আহিছিল আৰু ফুল, গামোচা, ধূপ আৰু মাটিৰ চাকিৰে শ্ৰদ্ধাঞ্জলি জনাইছিল।৪
২০২৬ চনৰ মাৰ্চত জুবিন গাৰ্গৰ মৃত্যুৰ ছমাহ পূৰ্ণ হোৱাৰ দিনাও বহু অনুৰাগীয়ে জুবিন ক্ষেত্ৰত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।৩
জুবিন দিৱস
২০২৬ চনৰ ছেপ্টেম্বৰ মাহত জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে অসমত তিনিদিনীয়া জুবিন দিৱস পালন কৰা হয়। ১৭ ছেপ্টেম্বৰৰ পৰা ১৯ ছেপ্টেম্বৰলৈ জুবিন ক্ষেত্ৰত বিভিন্ন প্ৰাৰ্থনা, সাংস্কৃতিক অনুষ্ঠান আৰু স্মৃতিচাৰণমূলক কাৰ্যসূচী অনুষ্ঠিত হয়।১০
কাৰ্যসূচীৰ আৰম্ভণিতে বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণেৰে প্ৰাৰ্থনা অনুষ্ঠিত হয়। ইয়াৰ পিছত সাংস্কৃতিক অনুষ্ঠান আৰু অন্যান্য পৰম্পৰাগত কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।১১
১৯ ছেপ্টেম্বৰ ২০২৬ত জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ দিনা জুবিন ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অনুৰাগী উপস্থিত হয়।১২
গামোচা আৰু শ্ৰদ্ধাঞ্জলি

জুবিন ক্ষেত্ৰলৈ অহা বহু অনুৰাগীয়ে অসমীয়া অসমৰ গামোচা আৰু ফুল আগবঢ়াই শ্ৰদ্ধা জনায়। ২০২৬ চনৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ সময়তো জুবিন ক্ষেত্ৰত গামোচা, ফুল আৰু অন্যান্য শ্ৰদ্ধাঞ্জলিৰ সামগ্ৰী দেখা গৈছিল।১৩
ব্যৱস্থাপনা
জুবিন ক্ষেত্ৰৰ উন্নয়নৰ সৈতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু অসম লোকনিৰ্মাণ বিভাগ জড়িত। প্ৰকল্পটোৰ পৰিকল্পনা আৰু তদাৰকিৰ বাবে চৰকাৰৰ দ্বাৰা গঠিত জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিয়ে ভূমিকা পালন কৰি আছে।২৩
২০২৬ চনৰ ছেপ্টেম্বৰ মাহতো জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ প্ৰতিনিধিসকলে সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সৈতে বৈঠক অনুষ্ঠিত কৰি ক্ষেত্ৰখনৰ নিৰ্মাণ আৰু পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে।১৪
প্ৰকল্পৰ সময়ৰেখা

- ১৯ ছেপ্টেম্বৰ ২০২৫ — ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু।
- ২৩ ছেপ্টেম্বৰ ২০২৫ — সোণাপুৰৰ কামাৰকুছিত জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন।
- অক্টোবৰ ২০২৫ — স্থায়ী ক্ষেত্ৰৰ উন্নয়নৰ বাবে চৰকাৰী সমিতিৰ কাম আৰম্ভ আৰু স্থানটোৰ নাম জুবিন ক্ষেত্ৰ হিচাপে ঘোষণা।
- ১৬ অক্টোবৰ ২০২৫ — অসম কেবিনেটে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ দায়িত্ব লোকনিৰ্মাণ বিভাগক দিয়াৰ সিদ্ধান্ত অনুমোদন কৰে।
- মাৰ্চ ২০২৬ — ১০ বিঘা ১ কঠা ভূমি সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়লৈ হস্তান্তৰ আৰু সীমাৰ দেৱাল নিৰ্মাণ আৰম্ভ।
- জুলাই ২০২৬ — অসম বিধানসভাত জুবিন ক্ষেত্ৰৰ উন্নয়ন সম্পৰ্কে চৰকাৰী তথ্য উপস্থাপন।
- ১৭–১৯ ছেপ্টেম্বৰ ২০২৬ — প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে জুবিন ক্ষেত্ৰত তিনিদিনীয়া জুবিন দিৱস পালন।
তথ্যসূত্ৰ
- ↑ (২১ অক্টোবৰ ২০২৫). Committee names Zubeen Garg’s samadhi at Sonapur ‘Zubeen Kshetra’. The Assam Tribune
- ↑ (৯ জুলাই ২০২৬). বিধানসভাত জুবিন ক্ষেত্ৰৰ প্ৰসংগ. এবিকে নিউজ নেটৱৰ্ক
- ↑ (১৭ মাৰ্চ ২০২৬). Work begins on Zubeen Kshetra as fans mark six months since icon’s passing. The Assam Tribune
- ↑ (২২ নৱেম্বৰ ২০২৫). Two months after Zubeen’s death, his cremation site turns into a shrine. The Indian Express
- ↑ (২৬ মাৰ্চ ২০২৬). The Zubeen factor in Assam Assembly polls. The New Indian Express
- ↑ (২৬ অক্টোবৰ ২০২৫). Assam PWD initiates process to build Zubeen Kshetra at Sonapur. The Sentinel
- ↑ (১৭ মাৰ্চ ২০২৬). চৰকাৰে গঠন কৰা ১১ জনীয়া জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ জুবিন ক্ষেত্ৰ পৰিদৰ্শন. হিন্দুস্থান সমাচাৰ
- ↑ (৩০ অক্টোবৰ ২০২৫). Garima Saikia Garg Visits Sonapur Site to Finalise Plans for Zubeen Kshetra Memorial Project. The Sentinel
- ↑ (১৭ মাৰ্চ ২০২৬). Assam: Work begins at Zubeen Kshetra after damage by storm at Sonapur. The Sentinel
- ↑ (১৯ ছেপ্টেম্বৰ ২০২৬). Assam marks first death anniversary of iconic singer and composer Zubeen Garg. আকাশবাণী নিউজ
- ↑ (১৬ ছেপ্টেম্বৰ ২০২৬). Beyond music: How Zubeen Garg's legacy lives on a year after his death. The Week
- ↑ (১৯ ছেপ্টেম্বৰ ২০২৬). From a gamusa to Mayabini to murals, Assam remembers Zubeen Garg an year on. Business Standard
- ↑ (১৯ ছেপ্টেম্বৰ ২০২৬). From a gamusa to Mayabini to murals, Assam remembers Zubeen Garg an year on. Business Standard
- ↑ (১৩ ছেপ্টেম্বৰ ২০২৬). সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাসৰ সৈতে জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বৈঠক. আকাশবাণী নিউজ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবিন ক্ষেত্ৰ” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৮০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।