অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

জুবিন (শব্দ)

জুবিন (Zubin, زوبین) হৈছে ফাৰ্চী পুৰুষসকলৰ এটি প্ৰদত্ত নাম। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে "আকাশ স্পৰ্শ কৰা বস্তু" আৰু সাধাৰণতে ফাৰ্চী ভাষাত এই শব্দটোৰে একপ্ৰকাৰৰ চুটি যাঠী (Spear)কো বুজোৱা হয়।

হালনাগাদ: ২২ অক্টোবৰ ২০২৫ ১৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জুবিন (Zubin, زوبین) হৈছে ফাৰ্চী পুৰুষসকলৰ এটি প্ৰদত্ত নাম। ইয়াৰ আক্ষৰিক অৰ্থ হৈছে "আকাশ স্পৰ্শ কৰা বস্তু" আৰু সাধাৰণতে ফাৰ্চী ভাষাত এই শব্দটোৰে একপ্ৰকাৰৰ চুটি যাঠী (Spear)কো বুজোৱা হয়।১২ ফাৰ্চী পৌৰাণিক কাহিনীত জুবিন (তেওঁক: জুপিন, ঝুবিন, জুপিন বুলিও কোৱা হয়) আছিল সাহস আৰু সামৰিক আদেশৰ বাবে বিখ্যাত এজন কিংবদন্তিমূলক ফাৰ্চী যোদ্ধা, যাৰ অৰ্থ আছিল "আকাশ স্পৰ্শ কৰা ব্যক্তি।" জুবিনৰ অৰ্থ আছিল "অস্ত্ৰ"ও, সাধাৰণতে ইয়াৰ অৰ্থ আছিল "শত্ৰুৰ সেনাপতিক হত্যা কৰিবলৈ নিক্ষেপ কৰা চুটি যাঠী। নামটোৰ ভিন্নতাসমূহৰ ভিতৰত চুবিন ( چوبین), জৌবিন (ژوبین), জুবিন, জুবীন, আৰু ঝুবিন আদি উল্লেখযোগ্য।২

প্ৰদত্ত নাম

  • জুবিন মেহতা (জন্ম ১৯৩৬), ভাৰতীয় পৰিচালক
  • জুবিন ভাৰ্লা (জন্ম ১৯৭০), ব্ৰিটিছ অভিনেতা আৰু গায়ক
  • জুবিন ডামানিয়া (জন্ম ১৯৭৩), আমেৰিকীয় চিকিৎসক, হাস্যৰসাভিনেতা, ইণ্টাৰনেট ব্যক্তিত্ব, সংগীতজ্ঞ, আৰু টাৰ্ণটেবল হেল্থৰ প্ৰতিষ্থাপক।
  • জুবিন গাৰ্গ (১৯৭২-২০২৫), ভাৰতীয় সংগীত শিল্পী আৰু অভিনেতা
  • জুবিন নৌটিয়াল (জন্ম ১৯৮৯), ভাৰতীয় গায়ক
  • জুবিন সুৰকাৰী (জন্ম ১৯৮০), কানাডাৰ ক্ৰিকেটাৰ
  • জুবিন সেড‌্ঘী (জন্ম ১৯৮৪), পাৰ্চী-আমেৰিকীয় স্নায়ুবিজ্ঞানী আৰু বেছিষ্ট

উপাধি

  • এমিল জুবিন (জন্ম ১৯৭৭), স্লোভেনিয়াৰ ফুটবলাৰ
  • জোচেফ জুবিন (১৯০০– ১৯৯০) আমেৰিকান মনোবিজ্ঞানী

স্থানৰ নাম

  • উত্তৰ ক’ছ’ভ’ৰ জুবিন প’টক

বঁটা

  • জোচেফ জুবিন বঁটা

সংস্থা

  • জুবিন ফাউণ্ডেচন

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Richardson. (1777). A Dictionary, Persian, Arabic, and English. Clarendon Press. পৃ. 975
  2. ↑ Behind the name

সম্পৰ্কিত শ্ৰেণী

জুবিন গাৰ্গ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুবিন (শব্দ)” প্ৰবন্ধৰ সংশোধন ৫৪৪৮৯১ (২২ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।