জুডিত পলগাৰ (জন্ম ২৩ জুলাই, ১৯৭৬) এগৰাকী হাংগেৰীয় দবা গ্ৰেণ্ডমাষ্টাৰ আৰু সৰ্বকালৰ আটাইতকৈ শক্তিশালী মহিলা দবা খেলুৱৈ হিচাপে পৰিচিত।১ ১৯৯১ চনত পলগাৰে ১৫ বছৰ ৪ মাহ বয়সত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰিছিল। সেই সময়ত এই উপাধি লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল। তেওঁ এই ক্ষেত্ৰত পূৰ্বৱৰ্তী বিশ্ব চেম্পিয়ন ববি ফিশ্বাৰৰ অভিলেখ ভংগ কৰিছিল। তেওঁ ফিদে(FIDE)ৰ শীৰ্ষ ১০০ খেলুৱৈৰ তালিকাত স্থান লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল। ১২ বছৰ বয়সত, ১৯৮৯ চনৰ জানুৱাৰী তালিকাত তেওঁ ৫৫তম স্থানত আছিল।২
জুডিত পলগাৰ হৈছে বিশ্ব দবা চেম্পিয়নশ্বিপৰ গুৰুত্বপূৰ্ণ প্ৰাৰ্থী হিচাপে প্ৰতিযোগিতা আগবঢ়োৱা একমাত্ৰ মহিলা। তেওঁ ২০০৫ চনত চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল। তাৰ আগতে তেওঁ ১০০ জনৰো অধিক খেলুৱৈৰ বৃহৎ নকআউট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। পলগাৰ হৈছে ২৭০০ এল’ ৰেটিং অতিক্ৰম কৰা একমাত্ৰ মহিলা। ২০০৪ চনত তেওঁ বিশ্বৰ অষ্টম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল আৰু ২০০৫ চনত তেওঁৰ শ্ৰেষ্ঠ ৰেটিং ২৭৩৫ আছিল।৩৪ দবা খেলুৱৈৰ ( পুৰুষ মহিলা সকলোকে ধৰি) শীৰ্ষ দহ স্থানত স্থান লাভ কৰা তেৱেঁই হৈছে একমাত্ৰ মহিলা, ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে তেওঁ সেই স্থান লাভ কৰিছিল। ১৯৮৯ চনৰ জানুৱাৰীৰ পৰা ২০১৪ চনৰ ১৩ আগষ্টত অৱসৰ লোৱা পৰ্যন্ত মহিলা শাখাত তেওঁ বিশ্বৰ নম্বৰ ১ খেলুৱৈ আছিল।
তেওঁ হেষ্টিংছ ১৯৯৩, মাদ্ৰিদ ১৯৯৪, লেয়ন ১৯৯৬, ইউ.এছ. অপেন ১৯৯৮, হুগেভেন ১৯৯৯, চিগেমেন এণ্ড কো ২০০০, জাপফা ২০০০ আৰু নাজডৰ্ফ মেমৰিয়েল ২০০০ দবা প্ৰতিযোগিতাত বিজয়ী হৈছিল বা শীৰ্ষ স্থান দখল কৰিছিল।৫ পলগাৰ হৈছে একমাত্ৰ মহিলা যিজনে বিশ্বৰ শীৰ্ষ স্থানধাৰী খেলুৱৈক পৰাস্ত কৰিছে। তেওঁ ১১জন বিশ্ব চেম্পিয়নক যেনে, মেগনাছ কাৰ্লছেন, আনাতোলি কাৰ্পভ, গেৰী কাস্পাৰভ, ভ্লাডিমিৰ ক্ৰামনিক, বৰিছ স্পেছস্কি, ভাছিলি স্মিছলভ, ভেছেলিন টপালভ, বিশ্বনাথন আনন্দ, ৰুছলান পোনোমাৰিঅভ, আলেকজেণ্ডাৰ খালিফমন আৰু ৰুস্তাম কাচিমজানভক দ্ৰুত বা ধ্ৰুপদী দবাত পৰাস্ত কৰিছে।৬
১৩ আগষ্ট ২০১৪ চনত তেওঁ প্ৰতিযোগিতামূলক খেলৰ পৰা অৱসৰ ঘোষণা কৰে।৭৮৯ ২০১৫ চনৰ জুনত পলগাৰ হাংগেৰিয়ান ৰাষ্ট্ৰীয় পুৰুষ দলৰ অধিনায়ক আৰু প্ৰধান প্ৰশিক্ষক হিচাপে নিৰ্বাচিত হয়।১০[10] ২০১৫ চনৰ ২০ আগষ্টত তেওঁ হাংগেৰীৰ আটাইতকৈ শ্ৰেষ্ঠ সন্মান "গ্ৰেণ্ড ক্ৰছ অৱ দি অৰ্ডাৰ অৱ চেইণ্ট ষ্টিফেন অৱ হাংগেৰী" লাভ কৰে।১১ ২০২১ চনত পলগাৰক ৱৰ্ল্ড চেছ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।১২
২০২৪ চনৰ ছেপ্টেম্বৰত পলগাৰক FIDE100 বঁটা প্ৰদান কৰা হয়। তেওঁৰ সময়ৰ আটাইতকৈ শ্ৰেষ্ঠ মহিলা দবা খেলুৱৈ হিচাপে এই স্বীকৃতি লাভ কৰে |১৩ এই বঁটা তেনেকুৱা খেলুৱৈক প্ৰদান কৰা হয় যিজনে খেলৰ মাধ্যমত আৰু দবাৰ প্ৰচাৰ কাৰ্যৰ জৰিয়তে দবাৰ উন্নয়নত অৱদান আগবঢ়াইছে, অন্যান্য খেলুৱৈৰ বাবে এটা ভাল উদাহৰণ স্থাপন কৰিছে আৰু দবা জগতৰ বাহিৰতো স্বীকৃতি লাভ কৰিছে।
তথ্যসূত্ৰ
- ↑ FIDE Rating List:: January 1989 OlimpBase
- ↑ FIDE Rating List:: January 1989 OlimpBase
- ↑ Smerdon, David. (13 December 2020). What's behind the gender imbalance in top-level chess?. The Conversation
- ↑ Judit Polgar · Top Chess Players. Chess.com
- ↑ Avrukh, Boris. (25 June 2009). Super-Tournament – Participants. Boris Avrukh
- ↑ Judit Polgár. Judit Polgár
- ↑ Moody, Oliver. (13 August 2014). Queen who exposed the arrogance of kings. The Times
- ↑ Friedel, Frederic. (13 August 2014). Judit Polgar to retire from competitive chess. ChessBase
- ↑ Her official statement on her retirement
- ↑ (12 June 2015). Judit Polgar new captain of the Hungarian National Men's Chess Team. Chessdom
- ↑ (24 August 2015). ORDER OF SAINT STEPHEN: PRESIDENT ÁDER HANDS OVER HUNGARY'S HIGHEST STATE DECORATION. Hungary Today
- ↑ (11 May 2021). Judit Polgar. World Chess Hall of Fame
- ↑ FIDE 100 Awards make history. www.fide.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুডিত পলগাৰ” প্ৰবন্ধৰ সংশোধন ৪৭৬৫৫৯ (১৩ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।