দবা খেল
৭ প্ৰবন্ধ
-
জু ৱেনজুন
জু ৱেনজুন এগৰাকী চীনা গ্ৰেণ্ডমাষ্টাৰ (GM) আৰু ঘাইকৈ মহিলা বিশ্ব দবা চেম্পিয়ন হিচাপে পৰিচিত। তেওঁ চাৰিবাৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰিছে (২০১৮, ২০১৮, ২০২০, ২০২৩) আৰু বৰ্তমান শীৰ্ষ মহিলা বিশ্ব চেম্পিয়ন। তদুপৰি, তেওঁ বিশ্ব ব্লিৎজ চেম্পিয়ন আৰু দুবাৰ বিশ্ব ৰেপিড চেম্পিয়ন।
-
হৌ ইফান
হৌ ইফান (চীন: 侯逸凡; পিনইন: Hóu Yìfán; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী চীনা দবা গ্ৰেণ্ডমাষ্টাৰ, তিনি বাৰ মহিলা বিশ্ব দবা চেম্পিয়ন আৰু চেনজেন বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ ৰেটিংপ্ৰাপ্ত মহিলা দবা খেলুৱৈ হিচাপে পৰিচিত।
-
জুডিত পলগাৰ
জুডিত পলগাৰ (জন্ম ২৩ জুলাই, ১৯৭৬) এগৰাকী হাংগেৰীয় দবা গ্ৰেণ্ডমাষ্টাৰ আৰু সৰ্বকালৰ আটাইতকৈ শক্তিশালী মহিলা দবা খেলুৱৈ হিচাপে পৰিচিত। ১৯৯১ চনত পলগাৰে ১৫ বছৰ ৪ মাহ বয়সত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰিছিল। সেই সময়ত এই উপাধি লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল।
-
আলেক্সান্দ্ৰা কষ্টেনিউক
আলেক্সান্দ্ৰা কনষ্টাণ্টিনভনা কষ্টেনিউক (ৰাছিয়ান: Александра Константиновна Костенюк; জন্ম ২৩ এপ্ৰিল ১৯৮৪) এগৰাকী ৰাছিয়ান আৰু ছুইছ দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ ২০০৮ৰ পৰা ২০১০ চনলৈ মহিলা বিশ্ব দবা চেম্পিয়নৰ উপাধি আৰু ২০২১ চনত মহিলা বিশ্ব দ্ৰুত (ৰেপিড )দবা চেম্পিয়নৰ উপাধি লাভ কৰে।
-
তেন ঝংজি
তেন ঝংজি (চীনা: 谭中怡; জন্ম ২৯ মে ১৯৯১) এগৰাকী চীনা দবা খেলুৱৈ। তেওঁ আন্তৰ্জাতিক দবা মহাসংঘৰ শীৰ্ষ উপাধি গ্ৰেণ্ডমাষ্টাৰ (GM) লাভ কৰিছে। তেওঁ এগৰাকী প্ৰাক্তন মহিলা বিশ্ব দবা চেম্পিয়ন।
-
নানা জাগনিজে
নানা জাগনিজে (জৰ্জিয়ান: ნანა ძაგნიძე; জন্ম ১ জানুৱাৰী ১৯৮৭) এগৰাকী জৰ্জিয়ান দবা খেলুৱৈ। ২০০৮ চনত আন্তৰ্জাতিক দবা মহাসংঘই তেওঁক গ্ৰেণ্ডমাষ্টাৰ (GM) উপাধি প্ৰদান কৰে।
-
বিশ্ব দবা চেম্পিয়নশ্বিপৰ তালিকা
সময়ৰ লগে লগে বিশ্ব দবা চেম্পিয়নশ্বিপৰ ৰূপ সলনি হৈ আহিছে। দবাৰ বিশ্ব চেম্পিয়নৰ ধাৰণা পূৰ্বৰে পৰা আছিল আৰু কেইখনমান প্ৰতিযোগিতাত প্ৰদৰ্শন কৰা ফলাফলৰ ভিত্তিত বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈজনক বাছি উলিওৱা হৈছিল। ১৮৮৬ চনলৈকে বিশ্ব চেম্পিয়ন নিৰ্ণয় কৰিবলৈ নিৰ্দিষ্ট প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।