বিশ্বৰ দবা খেলুৱৈ
৯ প্ৰবন্ধ
-
জু ৱেনজুন
জু ৱেনজুন এগৰাকী চীনা গ্ৰেণ্ডমাষ্টাৰ (GM) আৰু ঘাইকৈ মহিলা বিশ্ব দবা চেম্পিয়ন হিচাপে পৰিচিত। তেওঁ চাৰিবাৰ মহিলা বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰিছে (২০১৮, ২০১৮, ২০২০, ২০২৩) আৰু বৰ্তমান শীৰ্ষ মহিলা বিশ্ব চেম্পিয়ন। তদুপৰি, তেওঁ বিশ্ব ব্লিৎজ চেম্পিয়ন আৰু দুবাৰ বিশ্ব ৰেপিড চেম্পিয়ন।
-
হৌ ইফান
হৌ ইফান (চীন: 侯逸凡; পিনইন: Hóu Yìfán; জন্ম: ২৭ ফেব্ৰুৱাৰী ১৯৯৪) এগৰাকী চীনা দবা গ্ৰেণ্ডমাষ্টাৰ, তিনি বাৰ মহিলা বিশ্ব দবা চেম্পিয়ন আৰু চেনজেন বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁ সৰ্বকালৰ দ্বিতীয় শ্ৰেষ্ঠ ৰেটিংপ্ৰাপ্ত মহিলা দবা খেলুৱৈ হিচাপে পৰিচিত।
-
জুডিত পলগাৰ
জুডিত পলগাৰ (জন্ম ২৩ জুলাই, ১৯৭৬) এগৰাকী হাংগেৰীয় দবা গ্ৰেণ্ডমাষ্টাৰ আৰু সৰ্বকালৰ আটাইতকৈ শক্তিশালী মহিলা দবা খেলুৱৈ হিচাপে পৰিচিত। ১৯৯১ চনত পলগাৰে ১৫ বছৰ ৪ মাহ বয়সত গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰিছিল। সেই সময়ত এই উপাধি লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ আছিল।
-
আলেক্সান্দ্ৰা কষ্টেনিউক
আলেক্সান্দ্ৰা কনষ্টাণ্টিনভনা কষ্টেনিউক (ৰাছিয়ান: Александра Константиновна Костенюк; জন্ম ২৩ এপ্ৰিল ১৯৮৪) এগৰাকী ৰাছিয়ান আৰু ছুইছ দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ ২০০৮ৰ পৰা ২০১০ চনলৈ মহিলা বিশ্ব দবা চেম্পিয়নৰ উপাধি আৰু ২০২১ চনত মহিলা বিশ্ব দ্ৰুত (ৰেপিড )দবা চেম্পিয়নৰ উপাধি লাভ কৰে।
-
তেন ঝংজি
তেন ঝংজি (চীনা: 谭中怡; জন্ম ২৯ মে ১৯৯১) এগৰাকী চীনা দবা খেলুৱৈ। তেওঁ আন্তৰ্জাতিক দবা মহাসংঘৰ শীৰ্ষ উপাধি গ্ৰেণ্ডমাষ্টাৰ (GM) লাভ কৰিছে। তেওঁ এগৰাকী প্ৰাক্তন মহিলা বিশ্ব দবা চেম্পিয়ন।
-
নানা জাগনিজে
নানা জাগনিজে (জৰ্জিয়ান: ნანა ძაგნიძე; জন্ম ১ জানুৱাৰী ১৯৮৭) এগৰাকী জৰ্জিয়ান দবা খেলুৱৈ। ২০০৮ চনত আন্তৰ্জাতিক দবা মহাসংঘই তেওঁক গ্ৰেণ্ডমাষ্টাৰ (GM) উপাধি প্ৰদান কৰে।
-
নোনা গাপ্ৰিন্দাশভিলি
নোনা গাপ্ৰিন্দাশভিলি (জৰ্জিয়ান: ნონა გაფრინდაშვილი; জন্ম: ৩ মে ১৯৪১) এগৰাকী জৰ্জিয়ান দবা গ্ৰেণ্ডমাষ্টাৰ। তেওঁ আক্ৰমণাত্মক খেলৰ বাবে পৰিচিত আৰু ১৯৬২ চনৰ পৰা ১৯৭৮ চনলৈকে মহিলা বিশ্ব দবা চেম্পিয়ন আছিল। ১৯৭৮ চনত তেওঁ প্ৰথমগৰাকী মহিলা হিচাপে ফিদেৰ পৰা গ্ৰেণ্ডমাষ্টাৰ উপাধি লাভ কৰে।
-
ময়ংক চক্ৰৱৰ্তী
ময়ংক চক্ৰৱৰ্তী (জন্ম: ২৮ জুলাই, ২০০৯) অসমৰ গুৱাহাটীৰ এগৰাকী ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। ২০২৬ চনৰ মাৰ্চ মাহত তেওঁ অসম আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথমজন আৰু ভাৰতৰ ৯৪তম দবা গ্ৰেণ্ডমাষ্টাৰ হয়।
-
লেই টিংজি
লেই টিংজি (চীনা: 雷挺婕; পিনইন: Léi Tǐngjié, জন্ম ১৩ মাৰ্চ ১৯৯৭) এগৰাকী চীনা দবা খেলুৱৈ। আন্তৰ্জাতিক দবা মহাসংঘই তেওঁক গ্ৰেণ্ডমাষ্টাৰ উপাধি প্ৰদান কৰিছে। তেওঁ ২০২১ চনৰ মহিলা গ্ৰেণ্ড ছুইচ চেম্পিয়ন, ২০১৭ চনৰ চীনৰ মহিলা ৰাষ্ট্ৰীয় চেম্পিয়ন আৰু ২০২২–২৩ মহিলা কেণ্ডিডেটচ বিজয়ী।