আৰ্টুৰ এণ্টুনিছ ক'ইম্ব্ৰা (Arthur Antunes Coimbra,, জন্ম ৩ মাৰ্চ ১৯৫৩, ৰিঅ' ডি জেনেইৰ') বা জিক (Zico, ), এজন ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। "বগা পেলে" (White পেলে) নামেৰেও জনাজাত জিক'ক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফিনিশ্বাৰ আৰু পাচাৰ বুলি গণ্য কৰা হয়। সত্তৰৰ দশকত আৰু আশীৰ দশকৰ আগছোৱাত তেওঁ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ আছিল বুলিও কোৱা হয়।১ অন্যতম শ্ৰেষ্ঠ প্লে'মে'কাৰ আৰু ফ্ৰী কিক্ বিশেষজ্ঞ জিক'ই বেগেৰে শ্বট্ মাৰি বলৰ গতিপথ সলাব পাৰিছিল। ১৯৯৯ চনত ফিফা শতিকাৰ খেলুৱৈৰ গ্ৰেণ্ড জুৰী ভোটত জিক'ই অষ্টম স্থান পাইছিল।২ ২০০৪ চনত ফিফাৰ বঁটাপ্ৰদান অনুষ্ঠানত ১২৫ জন শ্ৰেষ্ঠ জীৱিত ফুটবলাৰৰ তালিকাত তেওঁক স্থান দিয়া হয়।৩ কিংবদন্তী খেলুৱৈ পেলেৰ মতে "throughout the years, the one player that came closest to me was Zico".৪
ব্ৰাজিলৰ হৈ ৭১ খন খেলত ৪৮টা গ'লেৰে জিক' ৰাষ্ট্ৰীয় দলৰ চতুৰ্থ সৰ্বোচ্চ গ'লস্ক'ৰাৰ।৫ তেওঁ ১৯৭৮, ১৯৮২ আৰু ১৯৮৬ চনৰ বিশ্বকাপত জাতীয় দলৰ হৈ খেলিছিল। তেওঁলোকে তাৰে এখনো প্ৰতিযোগিতা জিকা নাছিল, কিন্তু ১৯৮২ চনৰ দলটোক অন্যতম শ্ৰেষ্ঠ ব্ৰাজিলিয়ান দল হিচাপে গণ্য কৰা হয়।৬ বিশ্বকাপ জয়ী দলত নথকা শ্ৰেষ্ঠ খেলুৱৈবোৰৰ মাজত জিক'ৰ নাম প্ৰায়েই উচ্চাৰিত হয়। ১৯৮১ আৰু ১৯৮৩ চনত তেওঁক বৰ্ষশ্ৰেষ্ঠ খেলুৱৈ নিৰ্বাচিত কৰা হৈছিল।৭
জিক'ই জাপানৰ ৰাষ্ট্ৰীয় ফুটবল দলক প্ৰশিক্ষণ দি ২০০৬ চনৰ ফিফা বিশ্বকাপত উপনীত কৰাইছিল আৰু ২০০৪ চনৰ এছীয় কাপ জয়ী কৰাইছিল। তেওঁ প্ৰশিক্ষণ দিয়া ফেনাৰবাট্শ্ব্ ক্লাব ২০০৭-০৮ চনৰ ইউৰোপীয়ান চেম্পিয়ন্ছ লীগৰ কোৱাৰ্টাৰ ফাইনেলৰ উপনীত হৈছিল। ২০০৯ চনৰ জানুৱাৰীত তেওঁক CSKA মস্ক' দলৰ প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হয়। আকৌ ২০০৯ চনৰ ১৬ ছেপ্টেম্বৰত গ্ৰীক ক্লাব অলিম্পিয়াক'ছে তেওঁ দুবছৰৰ বাবে প্ৰশিক্ষক নিয়োগ কৰে, কিন্তু চাৰিমাহ পাছতে তেওঁক সেই পদৰ পৰা নিৰ্বাসন দিয়া হয়।৮
বাহ্যিক লিংক
- জিক'ৰ আনুষ্ঠানিক ৱেবছাইট
- zico in the goals totality
- Russia fan’s club Zico
- Zico: Goals First Division
- ''Prolific Scorers Data
- Zico goals of the Brazilian team
- Zico: The Movie
- Zico na rede: The Movie
- Profil on TFF.org
- Brazilian 20th century in sports
- Brazilian Football Museum Hall of Fame
- ''Brazilian footballer of the year - Bola de ouro / Bola de prata
- Brazilian gunners
- The Best Brazilian player in Italy
- South American Player of the Year
- Jornal do Brasil newspapers 5º Footballer of the Year - " Guerin Sportivo " Magazine 1980
- World Footballer of the Year - "Guerin Sportivo Magazine" 1981
- FIFA Awards - World Cup 1982
- FIFA Awards - ten best players in world cup 1982
- "World Soccer" - 4º Footballer of the Year 1982
- "World Soccer" - Footballer of the Year 1983
- "World Soccer" - 3º Footballer of the Year 1984
- Greatest Brazilian player of century
- South America Player of the Century
- Player of the Century " France Football"
- The Greatest Footballers of All-Time "World soccer"
- The World's best Player of the Century "IFFHS"
- "The Best of The Best"
- All-Time World Squad "World soccer"
- Hall of the fame FIFA
- Zico statistics "FIFA World Cup
- Golden foot Legends
- official website Udinese tribute to Zico "Pour sa maestà Zico"
- Zico matter, at the height of his career magazine Veja
- Tribute to 50 years of Zico, with interviews and testimonials
- Tribute Site Globo.com by 25 years of winning the World Interclubes
- Zico Legends
- Youtube, Zico goals
- Zico’s Profile
তথ্যসূত্ৰ
- ↑ John Brewin. (23 April 2002). World Cup 1982 (Spain). Soccernet
- ↑ FIFA Player of the Century. touri.com
- ↑ (4 March 2004). Pele's list of the greatest. BBC Sport
- ↑ Oswaldo Tinhorão
- ↑ Ricardo Pontes. Arthur Antunes Coimbra "Zico" - Goals in International Matches. RSSSF
- ↑ Daniel Pearl. (3 April 2006). No flair please, he's Brazilian. BBC
- ↑ Brasileño Zico--futbolista del año
- ↑ (19 January 2010). Olympiacos sack Zico after four months in charge. ESPN. ESPN
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জিক'” প্ৰবন্ধৰ সংশোধন ৬৩৭১৫৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।