ৰবাৰ্ট নেষ্টা মাৰ্লি এগৰাকী জামাইকান গায়ক আৰু গীতিকাৰ যি এক আন্তৰ্জাতিক সংগীত শিল্পী হিচাপে খ্যাত।১২৩৪৫ তেওঁৰ গীতত ৰেগে, স্কা আৰু ৰকষ্টিডিৰ মিশ্ৰণ দেখা যায়।.৬ তেওঁ ১৯৬৩ত পৰিবেশন আৰম্ভ কৰিলে দ্য ৱেইলাৰ্ছৰ সৈতে, আৰু নিজৰ অনন্য গীত-লিখন তথা কণ্ঠকলাৰে সমগ্ৰ বিশ্বতে খ্যাতনামা হৈ পৰিল। দ্য ৱেইলাৰ্ছে আতাইতকৈ পুৰণি ৰেগে কিছুমান প্ৰিবেশন কৰিছিল প্ৰযোজক লি "স্ক্ৰেচ"ৰ সহযোগত।
কৰ্ম জীৱন
১৯৭৪ত দ্য ৱেইলাৰ্ছ ভংগ হ'ল।৭ মাৰ্লিয়ে অকলে কাম আগবঢ়াই নিলে, আৰু ১৯৭৭ত 'এগজ'ডাচে' মুক্তি লাভ কৰিলে। এই এল্বামে মাৰ্লিলৈ বিশ্বজোৰা খ্যাতি আনিলে আৰু তেওঁ সৰ্বকালৰ জনপ্ৰিয়তম কণ্ঠ শিল্পীৰ অন্যতম হৈ ৰ'ল, ৭ কোটি ৫০ লাখ ৰেকৰ্ডৰ বিক্ৰীৰে।৮৯ যুক্তৰাজ্যত জনপ্ৰিয় "এগজ'ডাচ", "ৱেইটিং ইন ভেইন", "জেমিং" আৰু "ৱান লাভ" থকা এই এল্বাম ৫৬ সপতাহ ইউকে এল্বাম চাৰ্টত নিৰন্তৰ থাকিল। ১৯৭৮ত মুক্তি লাভ কৰা "কায়া"ত "ইজ দিচ লাভ" আৰু "চেটিস্ফাই মাই চ'ল" গান আছিল। তেওঁৰ আতাইতকৈ জনপ্ৰিয় এল্বাম "লেজেণ্ড" ১৯৮৪ত মুক্ত হ'ল, তেওঁৰ মৃত্যুৰ ৩ বছৰ পাছত। ই সৰ্বকালৰ আতাইতকৈ জনপ্ৰিয় ৰেগে এল্বাম।
ব্যক্তিগত মত আৰু পৰিচয়
১১ মে' ১৯৮১ত মাৰ্লিৰ দেহাৱসান ঘটিল মেলান'মাৰ বাবে। তেওঁ ৰাষ্টাফাৰি ধৰ্মত গভীৰ বিশ্বাস ৰাখিছিল আৰু নিজৰ সংগ্গীতত এক আদ্যাত্মিক ভাৱ প্ৰকট কৰিছিল।১০১১ তেওঁ ৰেগে সংগীত সমগ্ৰ বিশ্বত জনপ্ৰিয় কৰি তুলিলে। তেওঁ বৰ্তমানে এক গণচিহ্নত পৰিণত হৈছে। তদুপৰি চোলা, বা-বস্তু আদিতো তেওঁৰ প্ৰতিচ্ছবি জনপ্ৰিয় হৈ ৰৈছে।
তথ্যসূত্ৰ
- ↑ 7 Fascinating Facts About Bob Marley
- ↑ Bob Marley: Anatomy of an Icon
- ↑ 'Marley' - a new view of a cultural icon -
- ↑ Bob Marley: Herald of a Postcolonial World. John Wiley & Sons
- ↑ Reggae Heritage: Jamaica's Music History, Culture & Politic. AuthorHouse
- ↑ Interview
- ↑ Interview
- ↑ Deadly profitable: The 13 highest-earning dead celebrities. The Globe and Mail
- ↑ 'Exodus' Returns. Nielsen Business Media, Inc
- ↑ Masouri, Jon. Wailing Blues – The Story of Bob Marley's Wailers
- ↑ Soni, Varun. Bob Marley's Spiritual Legacy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বব মাৰ্লি” প্ৰবন্ধৰ সংশোধন ৫১৭৭২৬ (১৩ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।