ছাবিনা ইয়াছমিন (জন্ম ৪ ছেপ্টেম্বৰ ১৯৫৪)১ এগৰাকী বাংলাদেশী কণ্ঠশিল্পী। তেওঁ মূলতঃ বাংলাদেশী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে পৰিচিত। তেওঁ অভিলেখসংখ্যক ১৪ বাৰ শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছে।১২ তেওঁ চলচ্চিত্ৰৰ বাবে ১৫০০তকৈও অধিক গীত আৰু সৰ্বমুঠ ১০,০০০তকৈও অধিক গীত বাণীবদ্ধ কৰিছে।৩
ইয়াছমিনক ১৯৮৪ চনত একুশে পদক আৰু ১৯৯৬ চনত স্বাধীনতা দিৱস বঁটাৰে বাংলাদেশ চৰকাৰে সন্মানিত কৰে।৪৫
প্ৰাৰম্ভিক জীৱন
১৯৫৪ চনৰ ৪ ছেপ্টেম্বৰত ঢাকাত ছাবিনা ইয়াছমিনৰ জন্ম হৈছিল।৩৬ তেওঁৰ পৈতৃক ঘৰ সাতক্ষীৰা জিলাত। তেওঁৰ পিতৃ লুৎফৰ ৰহমান ব্ৰিটিছ ৰাজৰ প্ৰাদেশিক অসামৰিক সেৱাত কৰ্মৰত আছিল আৰু মাতৃ বেগম মৌলুদা খাতুন এগৰাকী কণ্ঠশিল্পী আছিল যিয়ে সংগীতজ্ঞ ওস্তাদ কাদেৰ বক্সৰপৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল। ইয়াছমিন পাঁচগৰাকী ভগ্নীৰ ভিতৰত আটাইতকৈ সৰু; তেওঁৰ জ্যেষ্ঠ ভগ্নীসকল হ’ল কণ্ঠশিল্পী ফৰিদা ইয়াছমিন, ফৌজীয়া ইয়াছমিন, নাজমা ইয়াছমিন আৰু নীলুফাৰ ইয়াছমিন।৭ ঘৰুৱা হাৰমনিয়ামৰ সৈতে ইয়াছমিনে শিকা প্ৰথমটো গীত আছিল 'খোকন মণি সোণা'।৬ ১৯৬৪ চনত তেওঁ 'খেলা ঘৰ' নামৰ এটা ৰেডিঅ’ অনুষ্ঠানত নিয়মীয়াকৈ গীত গাইছিল।৬ পি.চি. গোমেজ তেওঁৰ শাস্ত্ৰীয় সংগীতৰ গুৰু আছিল।৬ সংগীতজ্ঞ আলতাফ মাহমুদে তেওঁৰ চুবুৰীয়াৰ ঘৰলৈ যাওঁতে তেওঁৰ কণ্ঠ আৱিষ্কাৰ কৰিছিল।৬ আমজাদ হোছেইন আৰু নুৰুল হক বাচ্চু পৰিচালিত 'আগুন নিয়ে খেলা' (১৯৬৭) ছবিখনৰ 'মধু জোছনাৰ দিপালী' গীতটোৰ জৰিয়তে তেওঁ নেপথ্য কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰে। শিশু শিল্পী হিচাপে তেওঁ আৰু শাহনাজ ৰহমতুল্লাই ৰাষ্ট্ৰপতি আইয়ুব খানৰপৰা বঁটা লাভ কৰিছিল।৭
কৰ্মজীৱন

শুধু গান গেয়ে পৰিচয় শীৰ্ষক গীতটোৰ জৰিয়তে ইয়াছমিনে প্ৰথম সফলতা লাভ কৰে।৬ ইয়াৰ পিছত তেওঁ আলতাফ মাহমুদৰ অধীনত 'আনোৱাৰা', 'নয়নতৰা' আৰু 'টাকা আনা পাই' আদিকে ধৰি বিভিন্ন ছবিত কাম কৰিবলৈ আৰম্ভ কৰে। লাহে লাহে তেওঁ সত্য সাহা, সুবল দাস, খান আতাউৰ ৰহমান, আলাউদ্দিন আলী, আহমেদ ইমতিয়াজ বুলবুল আৰু গাজী মাজহাৰুল আনোৱাৰৰ সৈতে কাম কৰে।৭
১৯৬০-ৰ দশক
ইয়াছমিনে চলচ্চিত্ৰ, ৰেডিঅ’, টেলিভিছন আৰু গ্ৰাম’ফোন কোম্পানীৰ বাবে গীত গাইছে। তেওঁ পাকিস্তানৰ চলচ্চিত্ৰ উদ্যোগত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৬৯ চনত 'আনাৰী' ছবিৰ বাবে আহমেদ ৰুশ্বদীৰ সৈতে 'বাহাৰো কি য়ে শ্বাম' দ্বৈত গীতটো গাই স্বীকৃতি লাভ কৰিছিল।৮
১৯৭০-ৰ দশক
ইয়াছমিনে যেতিয়া চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰিছিল, তেতিয়া তেওঁৰ সমসাময়িক শাহনাজ ৰহমতুল্লা আছিল শীৰ্ষস্থানীয় কণ্ঠশিল্পী। ১৯৭০ চনত 'জীৱন থেকে নেয়া' ছবিখন মুক্তি পায়। ইয়াত 'একি সোণাৰ আলোয়' গীতটো আছিল যিয়ে ইয়াছমিনক এগৰাকী অগ্ৰণী কণ্ঠশিল্পী হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁ কিছুমান দেশপ্ৰেমমূলক গীত গাইছিল: 'সব কটা জানালা', 'স্বজন হাৰানো দিনেৰ স্মৰণে', 'সেই ৰেল লাইনেৰ ধাৰে', 'স্বাধীনতা তুমি' ইত্যাদি। ১৯৭২ চনৰ 'অবুজ মন' ছবিৰ 'শুদু গান গেয়ে পৰিচয়' গীতটোৰ জৰিয়তে তেওঁ যথেষ্ট খ্যাতি অৰ্জন কৰে। তেওঁ মাহমুদুন্নবীৰ সৈতে 'তুমি যে আমাৰ কবিতা', 'তুমি আছো' আদি দ্বৈত গীত গাইছিল। ১৯৭৫ চনত 'সুজন সখী' ছবিৰ গীতৰ বাবে তেওঁ প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। তেওঁ ধাৰাবাহিকভাৱে তিনিবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল: ১৯৭৮ চনত 'গোলাপী এখন ট্ৰেনে', ১৯৭৯ চনত 'সুন্দৰী' আৰু ১৯৮০ চনত 'কচাই' ছবিৰ বাবে।
১৯৮০-ৰ দশক
তেওঁ 'কতো সাধনায় এমন ভাগ্য মেলে', 'শত জনমেৰ সাধ', 'এ জীৱনে তুমি ওগো এলে'ৰ দৰে অসংখ্য জনপ্ৰিয় গীত গাইছিল। তেওঁৰ বৰ্ধিত জনপ্ৰিয়তাই তেওঁক ভাৰতীয় চলচ্চিত্ৰলৈও লৈ গৈছিল। ১৯৮৫ চনত ইণ্ডো-বাংলাদেশৰ যৌথ প্ৰযোজনাৰ ছবি 'অন্যায় অবিচাৰ'ত তেওঁ কিশোৰ কুমাৰৰ সৈতে 'চেৰোনা চেৰোনা হাত' আৰু 'জলপৰী' গীত দুটা গাইছিল, যাৰ সংগীত পৰিচালনা কৰিছিল আৰ. ডি. বৰ্মনে।
১৯৯০-ৰ দশক
ইয়াছমিনে ১৯৯১ চনত 'দাংগা' আৰু ১৯৯২ চনত 'ৰাধা কৃষ্ণ' ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ১৯৯৪ চনত কনক চাপা 'তোমাকেই চাই' ছবিখনৰ জৰিয়তে সংগীত জগতত প্ৰৱেশ কৰে।
২০০০-ৰ দশক
২০০০ চনৰ ভিতৰত কনক চাপা ইতিমধ্যে আটাইতকৈ জনপ্ৰিয় নেপথ্য কণ্ঠশিল্পী হৈ পৰিছিল। তথাপি ইয়াছমিনে শীৰ্ষস্থানীয় সংগীত পৰিচালকসকলৰদ্বাৰা ৰচিত বহুতো হিট গীত গাবলৈ সুযোগ পাইছিল। 'দুই দুৱাৰী' (২০০০) ছবিত 'বৰ্ষাৰ প্ৰথম দিনে' গীতটোৰ বাবে তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ২০০৪ চনত 'ৰং নম্বৰ' ছবিৰ তেওঁৰ গীত 'প্ৰেমে পৰিছে মন' সংগীতৰ শীৰ্ষ তালিকাত স্থান লাভ কৰিছিল। তেওঁ 'দুই নয়নেৰ আলো'ৰ বাবে দ্বাদশ আৰু শেষবাৰৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
২০১০-ৰ দশক
ইয়াছমিনে 'চেনেল-আই চেৰা কণ্ঠ'ৰ বিজয়ী ইমৰাণৰ সৈতে এটা দ্বৈত গীত গাইছিল। এই বছৰবোৰত তেওঁ অপু বিশ্বাস, সাহাৰা, ৰেচি আৰু অন্যান্য নতুন প্ৰজন্মৰ অভিনেত্ৰীসকলৰ বাবে গীত গাইছিল। তেওঁৰ গীত 'প্ৰেমিকেৰ বুক যেনো সুখেৰ নদী' বহু সপ্তাহ ধৰি শীৰ্ষ তালিকাত আছিল।
ব্যক্তিগত জীৱন
ইয়াছমিনে তিনিবাৰ বিবাহপাশত আবদ্ধ হৈছে। তেওঁৰ প্ৰথম স্বামী আনিচুৰ ৰহমানৰফালৰপৰা ফাইৰুজ ইয়াছমিন (বান্ধন) নামৰ এগৰাকী কন্যা সন্তান আছে, যি এগৰাকী কণ্ঠশিল্পী। তেওঁৰ দ্বিতীয় স্বামী আমিৰ হোছেইনৰফালৰপৰা শ্ৰাৱণ নামৰ এজন পুত্ৰ সন্তান আছে। ১৯৯৮ চনত তেওঁ ভাৰতীয়-বাঙালী সংগীতজ্ঞ আৰু ৰাজনৈতিক কৰ্মী কবীৰ সুমনক লগ পায় আৰু পৰৱৰ্তী সময়ত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।৯
২০০৭ চনৰ জুলাই মাহত ইয়াছমিনৰ দেহত 'নন-হজকিন লিম্ফোমা' ধৰা পৰে।১০ ১২ জুনত তেওঁক লেবএইড হাস্পতালত ভৰ্তি কৰা হয়। চিকিৎসকসকলে তেওঁৰ প্লীহাত সংক্ৰমণ হোৱা বুলি জানিব পাৰে। ২১ জুনত এক জৰুৰীকালীন অস্ত্ৰোপচাৰ কৰা হয় যদিও তেওঁৰ স্বাস্থ্যৰ উন্নতি হোৱা নাছিল। ১১ জুলাইত তেওঁ উন্নত চিকিৎসাৰ বাবে ছিংগাপুৰলৈ উৰা মাৰে। চাৰে তিনি মাহ ধৰি চিকিৎসা গ্ৰহণ কৰাৰ পাছত তেওঁ বাংলাদেশলৈ উভতি আহে।১০১১
বঁটাসমূহ
শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- ১৯৭৫ – সুজন সখী
- ১৯৭৮ – গোলাপী এখন ট্ৰেনে
- ১৯৭৯ – সুন্দৰী
- ১৯৮০ – কচাই
- ১৯৮৪ – চন্দ্ৰনাথ
- ১৯৮৫ – প্ৰেমিক
- ১৯৮৭ – ৰাজলক্ষ্মী শ্ৰীকান্ত
- ১৯৮৮ – দুই জীৱন
- ১৯৯১ – দাংগা
- ১৯৯২ – ৰাধা কৃষ্ণ
- ২০০০ – আজ গায়ে হলুদ
- ২০০৫ – দুই নয়নেৰ আলো
- ২০১২ – দেৱদাস
- ২০১৮ – পুত্ৰ'অন্যান্য'
- ১৯৮৪ – একুশে পদক
- ১৯৯৬ – স্বাধীনতা দিৱস বঁটা
- ২০১৬ – ফিৰোজা বেগম স্বৰ্ণ পদক১২
তথ্যসূত্ৰ
- ↑ 'Taroka Kothon' to honour Sabina Yasmin. The Daily Star
- ↑ (8 November 2019). National Film Awards for 2017 and 2018 announced. The Daily Star
- ↑ Alom, Zahangir. (19 July 2010). Sabina Yasmin honoured. The Daily Star
- ↑ bn:একুশে পদকপ্ৰাপ্ত সুধীবৃন্দ. moca.gov.bd. Government of Bangladesh
- ↑ Independence Day Award. portal.gov.bd. Government of Bangladesh
- ↑ (21 October 2017). Celebrating Greatness. The Daily Star
- ↑ (11 July 2015). In reminiscence and reverence: Sabina Yasmin. The Daily Star
- ↑ (2 April 2012). Sabina Yasmin: Spring in the air. The Daily Star
- ↑ (22 November 2009). Kabir Suman and his 'Jibonmukhi Gaan'. The Daily Star
- ↑ (25 October 2007). Sabina Yasmin returns from Singapore. bdnews24.com
- ↑ (6 January 2008). Face to face with cancer specialists. The Daily Star
- ↑ Sabina Yasmin gets Firoza Begum Gold Medal. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাবিনা ইয়াছমিন” প্ৰবন্ধৰ সংশোধন ৬০৫০২৬ (৭ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।