
ছাণ্টাক্লজ (Santa Claus) হ'ল বৰদিনৰ ৰাতি সৰু ল'ৰা-ছোৱালীলৈ উপহাৰ লৈ আহে বুলি কল্পিত, পকা দাঢ়ি-চুলি আৰু শুভ্ৰ পোছাক পৰিহিত এজন বুঢ়া। ছাণ্টাক্লজৰ চৰিত্ৰৰ বিষয়ে প্ৰাচীন কালৰপৰা বিভিন্ন ধাৰণা প্ৰচলিত আছে। তেওঁক নাৰী, শিশু, দুখীয়া আদি লোকসকলক বিপদত ৰক্ষা কৰিবলৈ ঈশ্বৰে পঠিয়াইছিল বুলি ভবা হয়।<ref name="গ্ৰন্থ ১"১
ইতিহাস
এটা কাহিনী অনু্সৰি ইটালীৰ মায়াবা নগৰৰ বিছপ, নিকোলাছ নামৰ এজন বৃদ্ধ ভদ্ৰলোকে চতুৰ্থ শতিকাৰ বৰদিন এটাত ৰাতি বাটলৈ ওলাই আহি সকলোকে আনন্দ দিবৰ বাবে যীচু পৃথিৱীলৈ নামি আহিছে বুলি চিঞৰি চিঞৰি কণ কণ ল'ৰা-ছোৱালীবোৰক মৰ্টন, টফি আদি উপহাৰ বিলাই দি আৰ্শীবাদ দিছিল। এই ঘটনাৰ পিছৰ পৰাই সকলোৰে মুখে মুখে কেৱল বৃদ্ধ নিকোলাছৰ কথা। এইদৰেই শুভ্ৰ পোছাক আৰু মুখভৰা বগা দাঢ়িৰে বৃদ্ধ নিকোলাছ কিংবদন্তি হৈ পৰিল। নিকোলাছৰ মৃত্যুৰ পাছত ধৰ্মগুৰু পোপে তেওঁক ছেইণ্ট উপাধি প্ৰদান কৰে। বিছপ নিকোলাছ ছেইণ্ট নিকোলাছ নামেৰে জনাজাত হৈ পৰিল। পাছত ইংৰাজীৰ St. (ছেইণ্ট) শব্দৰ পৰিবৰ্তন হৈ ছাণ্টা (Santa) হ'ল আৰু নিকোলাছৰ প্ৰথম আখৰটো হেৰাই মাথোঁন থাকিল ক্লজ (Claus); ছেইণ্ট নিকোলাছ ছাণ্টাক্লজ ৰূপে জনাজাত হৈ পৰিল।
খ্ৰিষ্টমাছ ফাদাৰ
ছাণ্টাক্লজক খ্ৰিষ্টমাছ ফাডাৰ বুলিও কোৱা হয়। ইউৰোপ বা অন্য দেশৰ শিশুসকলে বিশ্বাস কৰে যে বৰদিনৰ ৰাতি ছাণ্টাক্লজ আহি তেওঁলোকৰ বাবে বিভিন্ন উপহাৰ দি থৈ যায়। সেয়েহে শিশুসকলে ছিমনি, দুৱাৰমুখ আদিত নিজৰ জোতা, মোজা, মোনা আদি ওলমাই থৈ দিয়ে, যাতে খ্ৰিষ্টমাছ ফাডাৰে সেইবোৰত তেওঁলোকৰ বাবে উপহাৰ দি থৈ যাব পাৰে। শিশুসকলৰ বিশ্বাস অটুট ৰাখিবলৈ তেওঁলোকৰ মাক-দেউতাকে সেইবোৰত তেওঁলোকৰ মনৰ পছন্দৰ বস্তুবোৰ সুমুৱাই থয়। ইটালী, জাৰ্মানী, ফ্ৰান্স আদি দেশত ঘৰৰে এজন সদস্যই ছাণ্টাক্লজৰ দৰে ভেশ ধৰি বৰদিনৰ মেলত (Christmas Party) উপহাৰ বিলাই ফুৰে।
তথ্যসূত্ৰ
- ↑ (২০১৩). জ্ঞানাঞ্জন. প্ৰান্তিক. পৃ. পৃষ্ঠা ৬৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাণ্টাক্লজ” প্ৰবন্ধৰ সংশোধন ৪৩৩৭২৩ (২৬ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।