অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছঈদ নকৱী

ছঈদ নকৱী (सईद नक़वी,,; জন্ম: ১৯৪০) হৈছে এজন জ্যেষ্ঠ ভাৰতীয় সাংবাদিক, টেলিভিশ্বন মন্তব্যকাৰী আৰু সাক্ষাৎকাৰকাৰী। তেওঁ ভাৰত আৰু বিদেশত বিশ্ব নেতাসকল আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে, যিবোৰ বাতৰি কাকত, আলোচনী আৰু ৰাষ্ট্ৰীয় টেলিভিছনত প্ৰকাশ পাইছে।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ২২৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ছঈদ নকৱী (सईद नक़वी,,; জন্ম: ১৯৪০) হৈছে এজন জ্যেষ্ঠ ভাৰতীয় সাংবাদিক, টেলিভিশ্বন মন্তব্যকাৰী আৰু সাক্ষাৎকাৰকাৰী। তেওঁ ভাৰত আৰু বিদেশত বিশ্ব নেতাসকল আৰু বিশিষ্ট ব্যক্তিসকলৰ সৈতে সাক্ষাৎকাৰ গ্ৰহণ কৰিছে, যিবোৰ বাতৰি কাকত, আলোচনী আৰু ৰাষ্ট্ৰীয় টেলিভিছনত প্ৰকাশ পাইছে। তেওঁ ৱাৰ্ল্ড ৰিপ'ৰ্ট নামৰ বিদেশনীতি সম্পৰ্কীয় এক চিন্ডিকেশ্বন সেৱাৰ সম্পাদক আছিল আৰু বিশ্বব্যাপী আৰু ভাৰতীয় বহু প্ৰকাশনত লিখিছে, যাৰ ভিতৰত আছে বিবিচি নিউজ, দ্য চাণ্ডে অবজাৰ্ৱাৰ, দ্য চাণ্ডে টাইম্‌ছ, দ্য গাৰ্ডিয়ান, ৱাশ্বিংটন প'ষ্ট, দি ইণ্ডিয়ান এক্সপ্ৰেছ, দ্য চিটিজেন আৰু আউটলুক আলোচনী। দি ইণ্ডিয়ান ইণ্ডিয়ান এক্সপ্ৰেছত তেওঁ ১৯৭৭ চনত বিশেষ সংবাদদাতা হিচাপে কাম আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত ইণ্ডিয়ান এক্সপ্ৰেছ, মাদ্ৰাছৰ (১৯৭৯–১৯৮৪) সম্পাদক হৈছিল আৰু ১৯৮৪ চনত ইণ্ডিয়ান এক্সপ্ৰেছ, দিল্লীৰ বিদেশ সম্পাদক হয়। তেওঁ এতিয়াও সেই কাকতখনৰ বাবে কলাম আৰু ফিচাৰ লিখি আছে।১২৩

ব্যক্তিজীৱন

ছঈদ নকৱীৰ জন্ম আৰু প্ৰতিপালন লখনঊৰ মুস্তাফাবাদত হৈছিল।৪ তেওঁ লা মাৰ্তিনিয়েৰ কলেজ, লখনঊত অধ্যয়ন কৰিছিল।৫

নকৱীয়ে অৰুণা নকৱীৰ সৈতে বিবাহ কৰে৬ আৰু তেওঁৰ তিনিগৰাকী জীয়াৰী আছে—সাংবাদিক ছবা নকৱী, লেখিকা ফৰহ নকৱী৭ আৰু জেবা আখতাৰ।৬ তেওঁৰ মাতৃ আতিয়া নকৱী আৰু ভাতৃ শ্বান্নে নকৱী।

কিতাপ

  • Reflections of an Indian Muslim (১৯৯৩)
  • The Last Brahmin Prime Minister (১৯৯৬)
  • Being the Other: The Muslim in India (২০১৬)৮
  • Watan Mein Ghair وطن میں غیر: Hindustani Musalmaan (২০১৮) – Strangers in their own country: The Muslims in India''ৰ উৰ্দু অনুবাদ
  • The Muslim Vanishes (২০২২ )

বঁটা আৰু পুৰস্কাৰ

  • National Integration Award 2003, যাক ১৮ ডিচেম্বৰত নিউ দিল্লীত ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে প্ৰদান কৰিছিল। এই বঁটা "সাম্প্ৰদায়িক সৌহাৰ্দ্য আৰু ৰাষ্ট্ৰীয় ঐক্য প্ৰচাৰৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ অৱদানৰ বাবে" প্ৰদান কৰা হৈছিল।৯

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Research Faculty – Mr. Saeed Naqvi. Observer Research Foundation
  2. ↑ Naqvi, Saeed. (December 2002). Muslim hopes and fears: Analysis. BBC News
  3. ↑ Shri Saeed Naqvi. Department of Education, Govt. of India
  4. ↑ Naqvi, Saeed. (2017-08-18). India is 70, but what celebration for this family?. The Asian Age
  5. ↑ Irfan Ahmad. (7 July 2016). The mourning after. India Today
  6. ↑ Being the Other: The Muslim in India. Free Press Journal
  7. ↑ Book Launch 'In Good Faith' By Saba Naqvi
  8. ↑ From Syncretism to Sectarianism, a Troubled Journey Through Modern India. The Wire
  9. ↑ Awards The Milli Gazette, January 2003, accessed June 2007

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছঈদ নকৱী” প্ৰবন্ধৰ সংশোধন ৬০২২৩৯ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।