চৌ ইউন-ফ্যাট এছবিএছ (: Chow Yun-fat SBS); ( জন্ম: ১৮ মে' ১৯৫৫), এজন হংকঙৰ অভিনেতা আৰু চলচ্চিত্ৰ নিৰ্মাতা। ইয়াৰ আগতে তেওঁ ড'নাল্ড চৌ নামেৰে পৰিচিত আছিল১২। মেলোড্ৰামা আৰু কমেডী আৰু একচন ধৰ্মী ঐতিহাসিক নাটকলৈকে সামৰি লোৱা তেওঁৰ বহুমুখী প্ৰতিভাৰ বাবে বৰ্তমানলৈকে বহুতো প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে, সেইবোৰৰ ভিতৰত শ্ৰেষ্ঠ অভিনেতাৰ বাবে তিনিটা হংকং চলচ্চিত্ৰ বঁটা আৰু দুটা গোল্ডেন হৰ্চ বঁটাউল্লেখযোগ্য।৩ চল্লিশ বছৰতকৈও অধিক সময়ৰ চলচ্চিত্ৰ কেৰিয়াৰত চৌৱে ১০০ খনতকৈও অধিক টেলিভিছন ধাৰাবাহিক নাটক আৰু ছবিত অভিনয় কৰিছে।৪ টিভিবি় ৰ নাটক যেনে, দ্য গুড, দ্য বেড এণ্ড দ্য আগলি(১৯৭৯) আৰু দ্য বাণ্ড(১৯৮০) আদিয়ে চৌক খ্যাতিৰ উচ্চ শিখৰত অৱস্থান কৰাইছে। তেওঁৰ প্ৰথমখন প্ৰশংসিত ছবি আছিল হংকঙৰ ৰাজনৈতিক নাটক দ্য ষ্ট'ৰী অৱ উ ভিয়েট(১৯৮১), য'ত তেওঁ আমেৰিকাত উপনীত হ'বলৈ সংগ্ৰাম কৰা এজন ভিয়েটনামী শৰণাৰ্থীৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ তেওঁ চলচ্চিত্ৰ নিৰ্মাতা জন উৰ সৈতে হংকঙৰ পাঁচখন একচন ছবিত সহযোগিতা কৰাৰ বাবে সকলোৰে হৃদয়ত ঠাই পাইছিল: এ বেটাৰ টুমৰ' (১৯৮৬)এ বেটাৰ টুম'ৰ'- ২ (১৯৮৭), দ্য কিলাৰ-১(১৯৮৯),ওৱান্স এ থিফ(১৯৯১), আৰু হাৰ্ড বয়ল্ড(১৯৯২)।ইয়াৰ ভিতৰত এ বেটাৰ টুমৰ' চলচ্চিত্ৰ খনে চৌ'ক এছিয়ান বক্স অফিচত ছুপাৰষ্টাৰ কৰি তুলিছিল,৬ উৰ দ্বাৰা নিৰ্মিত ভিডিঅ’ গেম ষ্ট্ৰেংগলহ’ল্ড (২০০৭)তো তেওঁ অভিনয় কৰিছিল। চৌৱে হংকঙৰ পৰিচালক ৰিংগো লামৰসৈতেও কেইবাখনো জনপ্ৰিয় একচন ছবি নিৰ্মাণ কৰিছিল, সেই বোৰ হ’ল চিটি অন ফায়াৰ(১৯৮৭), ৱাইল্ড চাৰ্চ(১৯৮৯), আৰু ফুল কন্টাক্ট(১৯৯২) আদি। হংকঙৰ গেংষ্টাৰ ছবিক বিশ্বৰ দৰবাৰত প্ৰতিস্থা কৰাৰ কৃতিত্ব চৌক দিয়া হৈছে।৭ তেওঁৰ আন উল্লেখযোগ্য হংকং আৰু চীনা ছবিসমূহৰ ভিতৰত গড অৱ গেম্বলাৰ্ছ (১৯৮৯),কাৰ্ছ অৱ দ্য গোল্ডেন ফ্লাৱাৰ(২০০৬),লেট দ্য বুলেটছ ফ্লাই(২০১০),ফ্ৰম ভেগাছ টু মাকাউ(২০১৪) আৰু ইয়াৰ দুখন ছিকুৱেল (২০১৫, ২০১৬), আৰু অফিচ(২০১৫)। চৌৱে হলিউডত অভিষেক ঘটায় দ্য ৰিপ্লেচমেণ্ট কিলাৰ্ছ(১৯৯৮) ছবিখনৰ জৰিয়তে। পশ্চিমত তেওঁ আন্না এণ্ড দ্য কিং (১৯৯৯),ক্ৰাউচিং টাইগাৰ,হিডেন ড্ৰেগন(২০০০), বুলেটপ্ৰুফ মংক(২০০৩), পাইৰেটছ অৱ দ্য কেৰিবিয়ান: এট ৱৰ্ল্ডছ এণ্ড(২০০৭)ৰ বাবেও পৰিচিত।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
চৌৰ জন্ম হৈছিল ১৯৫৫ চনৰ ১৮ মে'ত হংকঙৰ লাম্মা দ্বীপত। তেও পিতৃৰ নাম চৌ ইউং-ৱান,যিশ্বেল অইল কোম্পানীৰ টেংকাৰত কাম কৰিছিল আৰু মাতৃৰ নাম চান লাই-ফঙ এগৰাকী চাফাই কৰ্মী আৰু শাক-পাচলি খেতিয়ক আছিল।৮৯১০১১ চৌ লম্মা দ্বীপৰ এটা কৃষক সম্প্ৰদায়ত, বিদ্যুৎ নথকা ঘৰত ডাঙৰ-দীঘল হৈছিল।১২১৩১৪ প্ৰতিদিনে দোকমোকালিতে ভোৰভোৰাই সাৰ পাই উঠি মাকক ৰাস্তাত বনৌষধি জেলী আৰু হাক্কা চাহ-পুডিং বিক্ৰী কৰাত সহায় কৰিছিল; দুপৰীয়া পথাৰত কাম কৰিবলৈ গৈছিল। দহ বছৰ বয়সত তেওঁৰ পৰিয়াল ক’লুনলৈ গুচি যায়। ১৭ বছৰ বয়সত চৌৱে স্কুল এৰি বেলবয়,১৫ ডাকোৱাল, কেমেৰা বিক্ৰেতা, টেক্সি চালককে ধৰি অদ্ভুত ধৰণৰ কাম কৰি পৰিয়ালটো পোহপাল দিয়াত সহায় কৰিছিল।
কৰ্ম জীৱন
১৯৭৩ চনত ১৮ বছৰ বয়ষত চৌৱে টি ভি বিৰ এবছৰীয়া অভিনেতা প্ৰশিক্ষণ কাৰ্যসূচীত যোগ দিয়ে। প্ৰশিক্ষণৰ অন্তত টিভি ষ্টেচনৰ সৈতে তিনি বছৰৰ চুক্তি স্বাক্ষৰ কৰি ছ’প অপেৰাৰ যোগেদি অভিনয়ত আত্মপ্ৰকাশ কৰে। দ্য কিলাৰ (১৯৭৬) আৰু হোটেল (১৯৭৬) আদি নাটকত তেওঁ স্বীকৃতি লাভ কৰে। ১৯৩০ চনৰ চাংহাইত গেংষ্টাৰসকলৰ ওপৰত নিৰ্মিত ধাৰাবাহিক দ্য বাণ্ড ছবিখনৰ পিছতে দ্য গুড, দ্য বেড এণ্ড দ্য আগলি(১৯৭৯)ত কৰা প্ৰশংসনীয় অভিনয়ে চৌক সমগ্ৰ এছিয়াতে তাৰকা শাৰীলৈ উন্নিত কৰিলে। চৌৱে টিভিৰ সফলতা অব্যাহত ৰাখিছিল যদিও, তেওঁৰ লক্ষ্য আছিল চলচ্চিত্ৰ অভিনেতা হোৱা। ১৯৭৬ চনত হংকঙৰ তেতিয়াৰ তৃতীয় বৃহত্তম চলচ্চিত্ৰ কোম্পানী গোল্ডিগ ফিল্মছ ৰ সৈতে একচেটিয়া চুক্তি স্বাক্ষৰ কৰি তেওঁ চলচ্চিত্ৰত অভিষেক ঘটায়।১৬ ইণ্ডোনেছিয়ান চীনা ব্যৱসায়ী গৌ হিয়াপ কিয়ানে প্ৰতিষ্ঠা আৰু কেৱল পুঁজিৰে সহায় কৰা গোল্ডিগ ফিল্মছে ১৭ ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈকে ১০০খনতকৈও অধিক চিনেমা নিৰ্মাণ আৰু বিতৰণ কৰে।১৮
১৯৮৬ চনত চলচ্চিত্ৰ পৰিচালক জন উৰৰৰ গেংষ্টাৰ একচন-মেলোড্ৰামা এ বেটাৰ টুম’ৰ’ত অভিনয় কৰি তেওঁ সফলতাৰ উচ্ছ শিখৰত আৰোহণ কৰে।এ বেটাৰ টুম’ৰ’ৱে এছিয়াৰ বক্স অফিচত স্থান দখল কৰিছিল আৰু চৌ আৰু পৰিচালক জন উক মেগাষ্টাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল। হংকং চলচ্চিত্ৰ বঁটাত তেওঁক প্ৰথম শ্ৰেষ্ঠ অভিনেতাৰ বঁটা প্ৰদান কৰে এ বেটাৰ টুম’ৰ’ৱে। এই ছবি খন আছিল সেই সময়ত হংকঙৰ ইতিহাসত সৰ্বাধিক উপাৰ্জন কৰা ছবি, যিয়ে হংকঙৰ গেংষ্টাৰ ছবিৰ বাবে এক নতুন মানদণ্ড প্ৰতিস্থা কৰিলে। এই সুযোগতে চৌৱে সম্পূৰ্ণৰূপে টিভি ৰ কাম এৰি দিলে। এ বেটাৰ টুমৰ’ৰ পৰা লাভ কৰা প্ৰাচুৰ্য্যই তেওঁক বহুত নতুন নতুন ছবি নিৰ্মাণ কৰিবলৈ উৎসাহ যোগাই। সেই বোৰ হ’ল; এ বেটাৰ টুম’ৰ’-২ (১৯৮৭), প্ৰিজন অন ফায়াৰ (১৯৮৭), প্ৰিজন অন ফায়াৰ-২ (১৯৯১), দ্য... কুৱেন্টিন টেৰেন্টিনোৰ ৰিজাৰ্ভাৰ ডগছৰ বাবে প্ৰেৰণাদায়ক কিলাৰ (১৯৮৯), এ বেটাৰ টুম’ৰ’-৩ (১৯৯০), হাৰ্ড বয়ল্ড (১৯৯২) আৰু চিটি অন ফায়াৰ (১৯৮৭) আদি।
ইয়াৰ উপৰি তেওঁ কমেডী ছবি ডায়েৰী অৱ এ বিগ মেন (১৯৮৮) আৰু নাও ইউ ছি লাভ, নাও ইউ ডন'ট (১৯৯২) আৰু ৰোমান্টিক ব্লকবাষ্টাৰ ছবি লাভ ইন এ ফ'লেন চিটি (১৯৮৪) আৰু এণ অটমছ টেল (১৯৮৭)ত অভিনয় কৰি গোল্ডেন হৰ্চ বঁটাৰ বাবে শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত হয়। ১৯৮৯ চনত বিখ্যাত ৱং জিঙ ৰ পৰিচালনাত নিৰ্মিত গড অৱ গেম্বলাৰ্ছ ছবিখনত তেওঁ নিজৰ পৃথক ব্যক্তিত্বক একত্ৰিত কৰিছিল, য'ত তেওঁ পাল পাতি এজন চুৱেভ চাৰ্মাৰ, এজন বহল কমেডিয়ান আৰু এজন একচন হিৰো হিচাপে অভিনয় কৰি দৰ্শকক আচৰিত কৰি তুলিছিল। ছবি খন ইমান জনপ্ৰিয় হৈ পৰিছিল যে হংকঙৰ সৰ্বকালৰ বক্স অফিচৰ অভিলেখ ভংগ কৰিছিল আৰু জুৱাৰ ছবিৰ ধাৰাবাহিকতাৰ লগতে এণ্ডি লাউ আৰু ষ্টিফেন চৌ অভিনীত কেইবাখনো কমিক ছিকুৱেলৰ জন্ম দিছিল। চৌৰ অভিনিত চৰিত্ৰসমূহত সততে ফুটি উঠা ৰুক্ষ স্বভাৱ আৰু কঠোৰ যুৱ অৱয়ৱৰ কাৰণে তেওঁক "বেবিফেচ কিলাৰ" উপনামেৰেও জনা যায়। অৱশ্যে লছ এঞ্জেলছ টাইমছে চৌ ইউন-ফেটক "বিশ্বৰ আটাইতকৈ শীতল অভিনেতা" বুলি ঘোষণা কৰিছিল।১৯ ২০০৩ চনত চৌৱে বুলেটপ্ৰুফ মংকত অভিনয় কৰে। ২০০৪ চনত চৌৱে ৱেইটিং এল’ন ত প্ৰথমবাৰৰ বাবে মূল চীনৰ ছবি এখনত চমকপ্ৰদ অভিনয় কৰে।২০ ২০০৬ চনত তেওঁ গং লি আৰু জে চৌৰ সৈতে মিলি জাং ইমৌৰ পৰিচালনাত নিৰ্মিত কাৰ্ছ অৱ দ্য গোল্ডেন ফ্লাৱাৰ ছবিত কাম কৰে। ২০০৭ চনত পাইৰেটছ অৱ দ্য কেৰিবিয়ান: এট ৱৰ্ল্ডছ এণ্ডত পাইৰেট অধিনায়ক ছাও ফেঙৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৪ চনৰ পৰা ২০১৬ চনলৈকে চৌৱে তেওঁৰ গড অৱ গেম্বলাৰ্ছৰ পৰিচালক ৱং জিঙৰ সৈতে পুনৰ মিলি ফ্ৰম ভেগাছ টু মাকাউ ফ্ৰেঞ্চাইজি নিৰ্মাণ কৰে। ২০১৮ চনত তেওঁ এৰন কোৱাকৰ সৈতে প্ৰজেক্ট গুটেনবাৰ্গত অভিনয় কৰে আৰু ৩৮ সংখ্যক হংকং চলচ্চিত্ৰ বঁটাত তেওঁক আন এক শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন লাভ কৰে।২১ ২০২৩ চনত তেওঁ টনি লিউঙৰ পিছত ২৮ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদানত বছৰৰ এছিয়ান চলচ্চিত্ৰ নিৰ্মাতা হিচাপে নিৰ্বাচিত হোৱা দ্বিতীয়জন হংকং অভিনেতা হিচাপে পৰিগণিত হয়।২
ব্যক্তিগত জীৱন
১৯৮৩ চনত তেওঁ এছিয়া টেলিভিছনৰ অভিনেত্ৰী কেণ্ডিচ ইউৰ সৈতে আৰু ১৯৮৬ চনত চৌৱে ছিংগাপুৰৰ জেচমিন টানৰ সৈতে বিবাহপাশত আবদ্ধ হয়। প্ৰথম খন বিবাহৰ মাত্ৰ ন মাহৰ পিছত বিচ্ছেদ হেৱাত দ্বিতীয় খন সম্পন্ন হয়। ১৯৯১ চনত মৃত কন্যা সন্তান জন্ম দিয়াৰ পিছত তেওঁলোকে নিঃসন্তান হৈ থকাৰ সিদ্ধান্ত লয়। পৰ্দাত সমৰ কলা দেখুৱাৰ বাবে বিখ্যাত হোৱা চৌৱে ষ্টাণ্ট সমন্বয়কৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল। তেওঁ দেখাত ‘এথলেটিক’ যেন লাগিলেও এটা সাক্ষাত কাৰত “মই ব্ৰুচ লী বা... জেকি চানৰ দৰে নহয়” বুলি প্ৰকাশ কৰে।২২২৩ ২০১৮ চনত চৌৰ পত্নী জেচমিন টানে প্ৰকাশ কৰিছিল যে চৌ’ৰ সম্পত্তিৰ পৰিমাণ হৈছে ৫.৬ বিলিয়ন হংকং ডলাৰ। চৌৱে কয় যে তেওঁ নিজৰ সম্পত্তিৰ ৯৯% দাতব্য সংস্থালৈ দান কৰিব।২৪ চৌৱে জনসাধাৰনৰ লগত ৰাজহুৱা ভাবমূৰ্তি বজাই ৰাখিবলৈ হংকঙৰ খাদ্যৰ ষ্টল আৰু ৰাজহুৱা পৰিবহণ স্থলি সমূহত সঘনাই উপস্থিত হয় গৈ।২৫ চৌৱে ২০২৩ চনৰ নৱেম্বৰ মাহত ২ ঘণ্টা ৩০ মিনিটতকৈও কম সময়ত হাফ মাৰাথন দৌৰিছিল।২৬ ২০১৪ চনৰ অক্টোবৰ মাহত চৌৱে হংকঙত সাৰ্বজনীন ভোটাধিকাৰৰ বাবে নাগৰিক অধিকাৰ আন্দোলন ছাতি আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সমৰ্থন আগবঢ়ায়।২৭২৮২৯
তথ্যসূত্ৰ
- ↑ Yang, Jeff. ((2003).). "Frequently Asked Questions and Additional Information". Retrieved 13 May 2016 – via Google Books.. পৃ. p. 275. ISBN ISBN 9780743448178
- ↑ "Chow Yun-fat to win Asian Filmmaker of the Year at Busan International Film Festival".
- ↑ "Hong Kong star Chow Yun-fat named Asian Filmmaker of the Year at Busan film festival".. South China Morning Post. 6
- ↑ hk/sites/g/files/asqsls3821/files/2019-06/chow-en.pdf
- ↑ biography/Chow-Yun-Fat#:~:text=Chow%20Yun%2DFat%20(born%20May,career%20in%20the%20United%20States.
- ↑ (Retrieved 10 October 2024.). "Chow Yun-Fat
- ↑ "Hong Kong star Chow Yun-fat named Asian Filmmaker of the Year at Busan film festival". Retrieved 10 October 2024.. South China Morning Post. 6 September 2023.
- ↑ Chow Yun-Fat. Biography.com
- ↑ ((Editors of Encyclopaedia Britannica, The)). (14 May 2018). Chow Yun-fat. Encyclopaedia Britannica
- ↑ Yun-Fat Chow Biography (1955-). Filmreference.com
- ↑ (1999-03-15). A man of melodrama: Action films made Chow Slightly-Fat famous, but 'The Corruptor' star says he's an actor. The Kansas City Star. পৃ. D4
- ↑ Honorary Doctor of Letters - Mr CHOW Yun-fat
- ↑ Slotek, Jim. Martial parts. Jam.canoe.ca
- ↑ (2003-04-18). Film chat: Chow Yun-Fat - Chowing the Fat; How Eastern Hero Chow Not-Fat came to hold the West hostage. By Anna Day. (Features) Article from The Mirror (London, England)
- ↑ Boland, Rory. (2007-07-15). Hong Kong feels like a movie set because it is. The Boston Globe
- ↑ Hong Kong film archive
- ↑ Goldig Films ----- History. goldigfilms.com.hk
- ↑ Goldig Films - Productions. HKMDB
- ↑ Smith, RJ. (1995-03-12). the coolest actor in the world: In This Country, Chow Yun-fat Is Only a Cult Figure. But the Hong Kong Action Star Has a Global Audience That Has Made His Movies International Blockbusters. With China About to Take Back the Crown Colony, He Has His Eye on the United States.. Los Angeles Times
- ↑ Rojas, Carlos; Chow, Eileen. (2013-04-25). The Oxford Handbook of Chinese Cinemas. OUP USA. ISBN 978-0-19-976560-7
- ↑ From Vegas to Macau. Yahoo.net
- ↑ (2023-01-19). Chow Yun-fat: 10 interesting facts about Hong Kong's megastar. Lifestyle Asia Hong Kong
- ↑ (2021-10-17). ‘I felt like crying’: Zhang Ziyi on filming Crouching Tiger, Hidden Dragon. South China Morning Post
- ↑ (20 December 2018). 56億全捐!發哥霸氣一句話韓網跪了. tw.news.yahoo.com
- ↑ (15 October 2018). Chow Yun-fat lives on just $100 a month, will leave entire $714 million fortune to charity. shanghaiist
- ↑ Chow Yun-fat steals show as 8,000 run 'perfect' inaugural Hong Kong-Zhuhai-Macau Bridge Half Marathon. South China Morning Post
- ↑ 周润发无奈被卷入封杀传闻 并未支持占中--人民网娱乐频道--人民网. ent.people.com.cn
- ↑ 狄雨霏. (2014-10-30). 宁愿"少赚点",周润发亦挺"占中". 纽约时报中文网
- ↑ Chow Yun-Fat Speaks Out in Support of Hong Kong Democracy Protestors. The Hollywood Reporter
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চৌ ইউন-ফ্যাট” প্ৰবন্ধৰ সংশোধন ৬৩৭১১৭ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।