চোখ (Chokh) ১৯৮২ চনত মুক্তি পোৱা আৰু উৎপলেন্দু চক্ৰৱৰ্তী পৰিচালিত এখন বঙালী ছবি, য'ত ওম পুৰী, অনিল চেটাৰ্জী, শ্যামানন্দ জালান আৰু শ্ৰীলা মজুমদাৰে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ কাহিনীভাগ ১৯৭৫ চনৰ পটভূমিত কলিকতাৰ এটা মৰাপাট কলৰ শ্ৰমিকসকলৰ ওপৰত হোৱা অত্যাচাৰ আৰু শোষণৰ আধাৰত ৰচনা কৰা হৈছে।১২
ছবিখনে শ্ৰেষ্ঠ পূ্ৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ আৰু শ্ৰেষ্ঠ পৰিচালনাৰ বাবে দুটাকৈ ৩০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।৩৪
কাহিনীৰ সাৰাংশ
১৯৭৫ চনৰ জৰুৰীকালীন সময়ছোৱাৰ পৰিৱেশত ছবিৰ কাহিনী ৰচিত হৈছে। কলকাতাৰ জেথিয়া মৰাপাত কলৰ মালিকৰ ভাতৃ আৰু আন এজন শ্ৰমিকৰ হত্যাৰ অপৰাধত শ্ৰমিক সংঘৰ নেতা যদুনাথক মৃত্যুদণ্ড দিয়া হয়। অথচ যদুনাথে এই হত্যাকাণ্ড সংঘটিত কৰা নাছিল। মৃত্যুৰ আগেয়ে তেওঁ চকু দুটা দানৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু মিলৰ মালিকে এই দানৰ কথা গম পাই কুটিল উপায়েৰে নিজৰ অন্ধ পুত্ৰৰ বাবে দুয়োটা চকু লাভ কৰিবলৈ চেষ্টা কৰে। ইফালে ডাক্তৰে আৱিষ্কাৰ কৰে যে জেথিয়াই দিয়া দান সংক্ৰান্তীয় নথিবোৰ ভুৱা। মালিক জেথিয়াৰ এই অন্যায়ৰ বিৰুদ্ধে অতি সোনকালেই মিলৰ শ্ৰমিকসকল যদুনাথৰ বিধৱা পত্নীৰ নেতৃত্বত সংগঠিত হয় আৰু প্ৰতিবাদী সমদল উলিয়ায়।৫
অভিনয়শিল্পী
- ওম পুৰী (যদু নাথ)
- অনিল চক্ৰৱৰ্তী (অনিল চট্টোপাধ্যায়)
- শ্যামানন্দ জালান (কাৰখানাৰ মালিক)
- শ্ৰীলা মজুমদাৰ (যদুনাথৰ পত্নী)
- মাধৱী মুখাৰ্জী (অতিথি শিল্পী)
- অশোক বেনাৰ্জী
- বৈদ্যনাথ বেনাৰ্জী
- গৌতম বেনাৰ্জী
- মঞ্জু বেনাৰ্জী
- নেপাল বনিক
বঁটা
- ১৯৮২-৩০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
- শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবি
- শ্ৰেষ্ঠ পৰিচালক: উৎপলেন্দু চক্ৰৱৰ্তী
তথ্যসূত্ৰ
- ↑ Chokh. Upperstall.com
- ↑ Chaudhuri, Sukanta. (1990). Calcutta, the Living City: The present and future. Oxford University Press. পৃ. 313. ISBN 9780195625868
- ↑ 30th National Film Awards. International Film Festival of India
- ↑ 30th National Film Awards (PDF). Directorate of Film Festivals
- ↑ 30th National Film Festival, May 1983. Directorate of Film Festivals, Govt. of India. পৃ. pdf-44
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চোখ” প্ৰবন্ধৰ সংশোধন ৪০১২৩১ (৭ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।