অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চোকিয়ে চম' কাৰ্চুং

চোকিয়ে চম' কাৰ্চুং (ইংৰাজী: Tsokye Tsomo Karchung; জন্ম ২০ আগষ্ট, ১৯৮৪) এগৰাকী ভূটানী অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভূটান ২০০৮ লাভ কৰিছিল আৰু মিছ আৰ্থ ২০০৮-ত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ মিছ ভূটানৰ মুকুট পিন্ধা প্ৰথমগৰাকী ভূটানী মহিলা।

হালনাগাদ: ১১ মাৰ্চ ২০২৬ ৩৩৪ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

চোকিয়ে চম' কাৰ্চুং (ইংৰাজী ভাষা: Tsokye Tsomo Karchung; জন্ম ২০ আগষ্ট, ১৯৮৪) এগৰাকী ভূটানী অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ভূটান ২০০৮ লাভ কৰিছিল আৰু মিছ আৰ্থ ২০০৮-ত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ মিছ ভূটানৰ মুকুট পিন্ধা প্ৰথমগৰাকী ভূটানী মহিলা।১

অভিনেত্ৰী হিচাপে তেওঁ মাই টিচাৰ, মাই ৱৰ্ল্ড, ৱাই লামা কেনচো আৰু মেটো পেমাকে ধৰি বহুতো ভূটানী চলচ্চিত্ৰত অভিনয় কৰিছে।

চোকিয়েয়ে 'চেম গাৱাই টাশ্বা' নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল, যিখন এখন সফল ছবি আছিল। চলচ্চিত্ৰ সমালোচকসকলে তেওঁৰ অভিনয়ৰ প্ৰশংসা কৰিছিল আৰু জনসাধাৰণেও ইয়াক আদৰি লৈছিল। এই ছবিখনৰ বাবে তেওঁ ২০১২ চনত শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ চাৰ্চোগপা জামিন, শ্ব্... গালুয়া মালাপ, মিছ কোটা আৰু ড্ৰুকপা কুয়েনলেৰ দৰে বহুতো সফল ছবিত অভিনয় কৰে।

চোকিয়েৰ নামত ধাৰাবাহিকভাৱে চাৰি বছৰ ধৰি শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত নেচনেল ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ অভিলেখ আছে। ২০১৬ চনত তেওঁ নিজৰ প্ৰযোজনাত নিৰ্মিত ছবি ৱাই লামা কেনচোৰ বাবে এই বঁটা লাভ কৰে। তেওঁ এগৰাকী সক্ৰিয় জনপ্ৰিয় ব্যক্তি আৰু ভূটানী ছোৱালীৰ বাবে আদৰ্শ হৈ পৰিছে।২

চোকিয়েৰ শেহতীয়া ছবি থ্ৰুং থ্ৰুং কাৰ্মো ২০১৬ চনৰ ডিচেম্বৰত মুক্তি পাইছিল। এই ছবিখনে ভূটান চলচ্চিত্ৰ বঁটা ২০১৭-ত সন্মানীয় প্ৰধানমন্ত্ৰী বঁটা (শীৰ্ষ তিনিখন ছবিক প্ৰদান কৰা হয়) লাভ কৰিছিল। চোকিয়েক শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটাৰ বাবেও মনোনীত কৰা হৈছিল।৩

সৌন্দৰ্য প্ৰতিযোগিতা

মিছ ভূটান ২০০৮

কাৰ্চুঙে ১৯ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি মিছ ভূটান ২০০৮ খিতাপ অৰ্জন কৰে। এই বিজয়ে তেওঁক মিছ আৰ্থ ২০০৮-ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পথ প্ৰশস্ত কৰে।৪

মিছ আৰ্থ ২০০৮

কাৰ্চুং মিছ আৰ্থ প্ৰতিযোগিতাত ভূটানৰ প্ৰথমগৰাকী প্ৰতিনিধি হিচাপে পৰিগণিত হয়। তেওঁ ম্যানিলাত ৮৪খন দেশৰ প্ৰতিনিধিৰ সৈতে যোগদান কৰিছিল। তেওঁ প্ৰথমে চৰকাৰী ফটো শ্বুট আৰু ককটেল ডিনাৰত অংশগ্ৰহণ কৰে। ইয়াৰ পিছত প্ৰতিনিধিসকল ফিলিপাইনছৰ অন্যতম পৰ্যটন কেন্দ্ৰ পালৱানৰ কৰণলৈ তিনিদিনীয়া ভ্ৰমণৰ বাবে উৰা মাৰে আৰু অধিক পৰিৱেশ সজাগতামূলক কাৰ্যসূচীৰ বাবে ম্যানিলাৰ দক্ষিণৰ এখন প্ৰদেশ লাগুনালৈ উভতি আহে।

মিছ ভূটান প্ৰতিযোগিতাৰ সঞ্চালক কৰ্ম শ্বেৰিং, ভূটানৰ জনপ্ৰিয় গায়ক তথা অভিনেতা ৰিনচেন নামগায়ে আৰু চোকিয়ে চম'ৰ ভগ্নী ইউথ্ৰা কাৰ্চুং গ্ৰেণ্ড ফিনালেত ভূটানী পৰম্পৰাগত সাজ-পাৰত উপস্থিত আছিল।৫৬

তেওঁ এই প্ৰতিযোগিতাত কোনো স্থান লাভ কৰা নাছিল।

চলচ্চিত্ৰপঞ্জী

  • ২০১৩ - জাৰিম চাৰিম চ্যে চোগাই
  • ২০১৪ - বেউল - দ্য হিডেন পেৰাডাইছ
  • ২০১৫ - ৱাই লামা কেনচো
  • ২০১৬ - থ্ৰুং থ্ৰুং কাৰ্মো
  • ২০১৬ - ছিংগ্যে ধা গাৱা

তথ্যসূত্ৰ

  1. ↑ (Oct 13, 2008). Tshokey Tshomo crowned first Miss Bhutan - Times of India. The Times of India. PTI
  2. ↑ 16th Bhutan National Film Awards to be held on February 21
  3. ↑ The Historic 16th National Film Awards
  4. ↑ "Twenty women vied for top honours at the first Miss Bhutan beauty pageant"
  5. ↑ "What next for Miss Bhutan ?"
  6. ↑ "Miss Bhutan 2008 at Miss Earth 2008"

সম্পৰ্কিত শ্ৰেণী

ভূটানৰ ব্যক্তিসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চোকিয়ে চম' কাৰ্চুং” প্ৰবন্ধৰ সংশোধন ৫৮৬৮৭৬ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।