| Type | Indian Men's rights organization |
| Founded | 2005 |
| Location | Over 50 cities in 20 states১ |
| Leaders | Delhi - Amit Lakkhani; |
| Kerala - Gokul (who was earlier in Mumbai); | |
| Bangalore - Rukma Chary; | |
| Hyderabad - Partha; | |
| Pune - Mahesh & Subir; | |
| Chennai - Suresh; | |
| Lucknow - Yaksh; | |
| Madhya Pradesh - Gaurav; | |
| Gujarat - Kalpesh; | |
| Nagpur - Rajesh Vakharia; | |
| Kolkata - D.S.Rao. | |
| Field | Lobbying and Activism for men's rights |
| Website | saveindianfamily.org |
চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন (Save Indian Family Foundation: SIFF, ভাৰতৰ এক পুৰুষাধিকাৰ সংগঠন। চেভ ইণ্ডিয়ান ফেমিলি আন্দোলনৰ ফলস্বৰূপে এই পঞ্জীকৃত অব্যৱসায়িক আৰু বেচৰকাৰী সংগঠনটোৰ জন্ম হয়। ই একে ধৰণৰ উদ্দেশ্য থকা কেইবাটাও অন্য সংগঠনৰ লগত মিলি কাম কৰে।২
ইতিহাস
ভাৰতীয় যৌতুক সম্পৰ্কীয় আইনসমূহৰ অপব্যৱহাৰৰ বিৰুদ্ধে ২০০৭ চনত SIFF স্থাপন কৰা হয়৩। ই ভাৰতৰ কেইবাখনো মহানগৰ জুৰি বিয়পি থকা কেইবাটাও পুৰুষৰ আৰু পৰিয়ালৰ অধিকাৰৰ সপক্ষে গঠিত কেইবাটাও সংগঠনৰ এক ছত্ৰ সংগঠন (umbrella organization)১৪। ২০০৬ ৰ জুনত মুম্বাইত SIFF-অৰ কামকাজৰ সহায়ক হ'বলৈ 'প্ৰটেক্ট ইণ্ডিয়ান ফেমিলি' বুলি আৰু এক অনা-চৰকাৰী সংগঠন স্থাপনা কৰা হয়।৪৫ SIFF-এ কেইবাটাও সমৰুচিসম্পন্ন সংগঠন যেনে 'অল ইণ্ডিয়া মাডাৰ ইন ল' প্ৰটেকশ্যন ফ'ৰাম'-অৰ৬ and "All India Men's Welfare Association".৭ লগত মিলি জুলি কাম কৰে।
ভাৰতৰ কিছুমান নাৰীবাদী (feminist) সংগঠন আৰু কোনো কোনো সংবাদসেৱাই SIFF-অক নাৰীৰ সমস্যাবোৰক আওকাণ কৰি পুৰণিকলিয়া পুৰুষ কেন্দ্ৰীক ভাবধাৰাক প্ৰশ্ৰয় দিয়া বুলি অভিযোগ কৰা দেখা যায়।১৮৯
নাৰী বিষয়ক কিছুমান আইন যেনে ডাউৰী (498a), ঘৰুৱা হিংসা আদিৰ অপব্যৱহাৰত পৰি বিপৰ্য্যস্ত হোৱা নিৰ্দোষী পুৰুষ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে বাংগালুৰু, চেন্নাই, কোচিন, দিল্লী, গুজৰাট, মুম্বাই, হাইদৰাবাদ, পুনে, নাগপুৰ, নাচিক, চুৰাট, জয়পুৰ আৰু কলকাতাত চহৰত SIFF-এ টেলিফোনিক পৰামৰ্শ তথা সহায় আগবঢ়ায়।১০ ২০১০ চনত তেওঁলোকৰ ৱেবচাইটত গোটটোৱে দাবী কৰা মতে প্ৰায় ৩০,০০০ তৃণমূল পৰ্যায়ৰ সদস্য আৰু প্ৰায় ৩,৫০০ ইন্টাৰনেট সদস্য আছে।১
কাৰ্য্যকলাপ
"অপৰিবৰ্তনীয় সাংসাৰিক বিভংগন" বা irreversible breakdown of marriage -অক বিবাহ বিচ্ছেদৰ সপক্ষে এটা কাৰণ বুলি ধৰা হ'বলৈ আৰু ২০১০ চনৰ বিবাহ আইন সংশোধন গৃহীত হোৱাৰ বিপক্ষে SIFF -এ ইতিমধ্যে দেশজুৰি এক আন্দোলন সফলতাৰে কাৰ্য্যকৰী কৰিছে।১১ সংগঠনটোৱে ২০০৫ চনৰ নাৰীৰ বিৰুদ্ধে ঘৰুৱা হিংসা আইনখনৰো বিৰোধিতা কৰিছে।১২ SIFF-এ "বৈবাহিক বলাৎকাৰ"ক (marital rape) অপৰাধ হিচাবে গণ্য কৰাৰ প্ৰচেষ্টাসমূহৰো বিৰোধিতা কৰি মত আগবঢ়ায় যে এইসমূহ কাৰ্য্যকৰী কৰিলে স্ত্ৰী-পুৰুষৰ মাজৰ সম্পৰ্ক বৰ্তি থকা সম্ভব নহয়।১৩
ৰাষ্ট্ৰীয় সন্মিলন
প্ৰত্যেক বছৰ ১৫ আগষ্টত ভাৰতৰ বিভিন্ন স্থানৰ SIFF সদস্যসকল সন্মিলীত হৈ আলোচনা কৰি SIFF-অৰ ভবিষ্যত কাৰ্য্যসূচী থিৰাং কৰে।
আৰু চাওক
- পুৰুষবিদ্বেষ (Misandry)
- ভাৰতৰ যৌতুক আইন
- ভাৰতীয় দণ্ড বিধি
- Masculism
- ভাৰতত পুৰুষাধিকাৰ আন্দোলন (Men's rights movement in India)
- No-fault divorce
- পুৰুষাধিকাৰ আন্দোলন (:en:Men's rights movement|Men's rights movement]])
External links
তথ্যসূত্ৰ
- ↑ Polanki, Pallavi. (17 July 2010). Men Who Cry. OPEN
- ↑ SIF - About Us. Save Indian Family Foundation
- ↑ (2006-11-29). Wife harassing you? Call for help. IBNLive
- ↑ Aron, Sunita. (2007-01-13). Now, an all male fightclub. হিন্দুস্তান টাইমছ
- ↑ Tanna, Ketan. (2006-12-25). Tortured husband's union: The people in this group had just two choices. Either become henpecked or handcuffed. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ George, Daniel P. (September 6, 2009). Moms-in-law of the world unite.. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Sengupta, Sudipta. (October 31, 2009). Now, a forum for 'tortured' husbands. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Bhattacharya, Chandrima S. (30 October 2006). What are men scared of?. The Telegraph
- ↑ Ramesh, Randeep. (13 December 2007). Dowry law making us the victims, says India's men's movement. The Guardian
- ↑ SIF - Helplines. Save Indian Family Foundation
- ↑ Karnad, Raghu. (3 December 2007). Now, Is That Malevolence?. Outlook
- ↑ Gupta, Monobina. (27 October 2006). Malevolence for women's law – Men go to PM against female 'terrorist activity'. The Telegraph
- ↑ Pandey, Vineeta. (8 March 2010). Husbands can’t get away with marital rape: Government. Daily News and Analysis
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন” প্ৰবন্ধৰ সংশোধন ৬৩৭১১৪ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।