অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কৰ্ণাটক সাহিত্য পৰিষদ

কানাড়া সাহিত্য পৰিষদ (Kannada Saahithya Parishath; কানাড়া: ಕನ್ನಡ ಸಾಹಿತ್ಯ ಪರಿಷತ್ತು) এটা ভাৰতীয় অ-লাভজনক সংস্থা, যিয়ে কানাড়া ভাষা আৰু ইয়াৰ সাহিত্যৰ প্ৰসাৰৰ বাবে কাম কৰে। ইয়াৰ মুখ্য কাৰ্যালয় কৰ্ণাটক ৰাজ্যৰ বেংগালুৰু চহৰত।

হালনাগাদ: ২০ ফেব্ৰুৱাৰী ২০২৫ ১৮০ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ
১৯১৫ চনত বাংগালুৰুত অনুষ্ঠিত হোৱা সন্মিলনৰ সদস্যসকলে কানাড়া সাহিত্য পৰিষদৰ সৃষ্টি কৰে
১৯১৫ চনত বাংগালুৰুত অনুষ্ঠিত হোৱা সন্মিলনৰ সদস্যসকলে কানাড়া সাহিত্য পৰিষদৰ সৃষ্টি কৰেছবি: Public domain
website= getpincode.info }}</ref>
website= getpincode.info }}</ref>ছবি: Gpkp · CC BY-SA 4.0

কানাড়া সাহিত্য পৰিষদ (Kannada Saahithya Parishath; কন্নড় ভাষা: ಕನ್ನಡ ಸಾಹಿತ್ಯ ಪರಿಷತ್ತು) এটা ভাৰতীয় অ-লাভজনক সংস্থা, যিয়ে কানাড়া ভাষা আৰু ইয়াৰ সাহিত্যৰ প্ৰসাৰৰ বাবে কাম কৰে। ইয়াৰ মুখ্য কাৰ্যালয় কৰ্ণাটক ৰাজ্যৰ বেংগালুৰু চহৰত। কিতাপ প্ৰকাশ, সাহিত্য আলোচনা চক্ৰ আয়োজন আৰু গৱেষণা প্ৰকল্পৰ প্ৰসাৰৰ জৰিয়তে কানাড়া ভাষাৰ উন্নয়নৰ বাবে চেষ্টা কৰে। ইয়াৰ উপৰিও কানাড়া সাহিত্য সন্মিলন (Kannada Literary Meet) নামেৰে এখন বাৰ্ষিক সন্মিলনৰ আয়োজন কৰে। বৰ্তমান পৰিষদৰ সভাপতি ড° মহেশ যোশী।১

মূল

ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ সময়ত কানাড়া ভাষীসকল বিভিন্ন প্ৰদেশত বিয়পি পৰিছিল। সেই প্ৰদেশসমূহৰ বিভিন্ন ভাষাৰ প্ৰভাৱত কানাড়া ভাষাৰ উচ্চাৰণ আৰু ব্যাকৰণত বিভিন্ন অঞ্চলত বিভিন্ন ৰূপ দেখা গ’ল। ফলস্বৰূপে এই প্ৰদেশসমূহৰ লোকসকলৰ মাজত যোগাযোগৰ ব্যৱধানৰ সৃষ্টি হয় যদিও তেওঁলোকে কানাড়াৰ একেটা ভাষাই কয়।১ মোক্ষগুণ্ডম বিশ্বেশ্বৰিয়া মহীশূৰ ৰাজ্যৰ দেৱান আছিল। তেওঁ কানাড়া ভাষা আৰু সাহিত্যৰ সংৰক্ষণ আৰু প্ৰচাৰৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। এই উদ্দেশ্য আগত ৰাখি তেওঁ মহীশূৰ অৰ্থনৈতিক সন্মিলন আৰম্ভ কৰে আৰু এইচ ভি নানজুণ্ডায়াৰ অধীনত এটা অধ্যয়ন চক্ৰ গঠন কৰে। অধ্যয়ন চক্ৰৰ অধীনত গঠন কৰা এখন উপ-সমিতিই পাঁচটা ভিন্ন বিষয় বাচি উলিয়াইছিল আৰু এই সংক্ৰান্তত পৰামৰ্শ বিচৰা হৈছিল:১

  1. বিভিন্ন অঞ্চলত বিয়পি থকা কানাড়া ভাষীসকলৰ মাজত ঐক্য আৰু সহযোগিতা বৃদ্ধিৰ বাবে ধাৰণা বিকশিত কৰ
  2. বিভিন্ন অঞ্চলত বৈচিত্ৰ্যময় এটা সাধাৰণ লিখিত কানাড়া ভাষাৰ বাবে পৰামৰ্শ প্ৰস্তুত কৰা।
  3. এয়া সুনিশ্চিত কৰা যে কানাড়া ভাষা শিকি থকা ছাত্ৰ-ছাত্ৰীসকলে যাতে একে পাঠ্যপুথি ব্যৱহাৰ কৰে।
  4. উপযুক্ত গ্ৰন্থ প্ৰকাশ কৰি কানাড়াভাষী জনসাধাৰণৰ মাজত সাধাৰণ জ্ঞান উন্নত কৰা।
  5. অন্য ভাষাত ব্যৱহৃত শব্দ বিশেষকৈ বৈজ্ঞানিক শব্দৰ বাবে উপযুক্ত কানাড়া অনুবাদ প্ৰস্তুত কৰা।

বিকাশ

এইচ ভি নানজুণ্ডায়াই পৰিষদৰ আৰম্ভণিৰ প্ৰথম পাঁচ বছৰ সভাপতি হিচাপে আছিল। ১৯৩৫ চনত পৰিষদৰ তত্বাৱধানত কানাড়া সাহিত্য সন্মিলন নামেৰে এক বাৰ্ষিক অনুষ্ঠান আৰম্ভ হয়। কৰ্পুৰা শ্ৰীনিবাস ৰাওৰ সভাপতিত্বত ১৯৩৭ চনৰ ১২ এপ্ৰিলত পৰিষদৰ বাবে এটা সুকীয়া ভৱনৰ প্ৰতিষ্ঠা অনুষ্ঠানৰ আয়োজন কৰা হয়। ১৯৩৮ চনৰ ২৯ মে'ত এই ভৱন নিৰ্মাণ সম্পূৰ্ণ হয়। ১৯৩৮ চনৰ পৰা ১৯৪২ চনলৈকে বি এম শ্ৰীকান্তয়া পৰিষদৰ উপ-সভাপতি আছিল। ১৯৩৮ চনত কৰ্ণাটক সাহিত্য পৰিষদৰ নাম সলনি কৰি কানাড়া সাহিত্য পৰিষদ কৰা হয়। বি এম শ্ৰীকান্তয়াৰ নিৰ্দেশনাত পৰিষদৰ প্ৰতীক চিহ্ন তৈয়াৰ কৰা হয় য'ত মহীশূৰ প্ৰদেশৰ মানচিত্ৰৰ ভিতৰত ‘’চিৰিগন্নদম গেলগে, কানাড়া সাহিত্য পৰিষদ’’ বুলি লিখা আছিল।১ সময়ৰ লগত খোজ মিলাই পৰিষদৰ ৰেপাৰ্টৰীত মহিলা শাখা, প্ৰকাশন প্ৰতিষ্ঠান, কানাড়া আলোচনী আৰু সাহিত্য পৰীক্ষাও সংযোজন কৰা হৈছিল। জিলা আৰু তালুক পৰ্যায়ত কানাড়া সাহিত্য পৰিষদৰ শাখাও সৃষ্টি কৰা হয়। পৰিষদৰ বৰ্তমানৰ অট্টালিকাটোৰ ঠাইত পাঁচ কোটি টকা ব্যয় কৰি এটা নতুন অট্টালিকা নিৰ্মাণ কৰা হৈছে।২ সন্মিলনে বিতৰ্কৰ আয়োজন, গ্ৰন্থ প্ৰকাশ আৰু উন্মোচন, বিশিষ্ট সাহিত্যিকসকলৰ দ্বাৰা আলোচনা চক্ৰ আৰু লগতে বাৰ্ষিক কানাড়া সাহিত্য সন্মিলন অনুষ্ঠিত কৰি কানাড়া ভাষাৰ বৃদ্ধিত অৰিহণা যোগাইছে।

সমালোচনা

ধনৰ অভাৱ আৰু ৰাজনৈতিক হস্তক্ষেপকে ধৰি বিভিন্ন কাৰণত পৰিষদে লক্ষ্যৰ পৰা বিচ্যুত হৈছে।৩ ১৯৮৭ চনত পৰিষদৰ ভিতৰ চৰাত সংঘটিত অনিয়মৰ খবৰো প্ৰকাশ পাইছিল, যাৰ বাবে কৰ্ণাটক চৰকাৰে পৰিষদত এজন প্ৰশাসক মনোনীত কৰিছিল। ১৯৮৯ চনত প্ৰশাসকৰ কাৰ্যালয় আঁতৰাই দিয়া হয়।

আৰু চাওক

  • Kannada Sahitya Sammelana

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The origin of Kannada Sahitya Parishat is mentioned by S. Siddesh Kurki. Kannada Sahitya Parishat, the way it has covered. Online Webpage of That'skannada.com. Greynium Information Technologies Pvt. Ltd
  2. ↑ Proposal to construct a new building to house the Parishat is mentioned by Kannada Sahitya Parishat to get new building. Online webpage of That'skannada.com. Greynium Information Technologies Pvt. Ltd
  3. ↑ Unhealthy trends in the Parishat are mentioned by No jingoism, please. Online Edition of the Deccan Herald, dated 2004-11-03. 2004, The Printers (Mysore) Private Ltd

সম্পৰ্কিত শ্ৰেণী

অব্যৱসায়িক সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্ণাটক সাহিত্য পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪৮০১১৭ (২০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।