অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লিলি ৰছ টেইলৰ

লিলি ৰছ টেইলৰ (জন্ম: ১২ আগষ্ট, ১৮৮৬ চন – মৃত্যু: ১৮ নৱেম্বৰ, ১৯৬৯ চন) এগৰাকী আমেৰিকান একাডেমিক আৰু লেখিকা আছিল, যি ১৯১৭ চনত ৰোমৰ আমেৰিকান একাডেমীৰ প্ৰথম মহিলা ফেলো হয়।

হালনাগাদ: ৪ মাৰ্চ ২০২৬ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লিলি ৰছ টেইলৰ (জন্ম: ১২ আগষ্ট, ১৮৮৬ চন – মৃত্যু: ১৮ নৱেম্বৰ, ১৯৬৯ চন) এগৰাকী আমেৰিকান একাডেমিক আৰু লেখিকা আছিল, যি ১৯১৭ চনত ৰোমৰ আমেৰিকান একাডেমীৰ প্ৰথম মহিলা ফেলো হয়।১২

জীৱনী

আলাবামাৰ অবাৰ্নত জন্মগ্ৰহণ কৰা লিলি ৰছ টেইলৰে উইচকনচিন–মেডিচন বিশ্ববিদ্যালয়ত ৰোমান অধ্যয়নৰ প্ৰতি আগ্ৰহ গঢ়ি তুলিছিল আৰু ১৯০৬ চনত এ.বি. ডিগ্ৰী লাভ কৰিছিল। সেই বছৰতে স্নাতক ছাত্ৰী হিচাপে ব্ৰিন মাউৰ কলেজলৈ গৈছিল, আৰু পি এইচ ডি লাভ কৰিছিল। ১৯১২ চনত লেটিন ভাষাত। তেওঁৰ ডিচাৰ্টেচন উপদেষ্টা আছিল টেনি ফ্ৰেংক। ১৯১২ চনৰপৰা ১৯২৭ চনলৈকে তেওঁ ভাছাৰত অধ্যাপনা কৰে আৰু ১৯১৭ চনত ৰোমৰ আমেৰিকান একাডেমীৰ চতুৰ্থ মহিলা ফেলো হয়।৩

১৯২৭ চনত টেইলৰ লেটিন ভাষাৰ অধ্যাপক আৰু ব্ৰিন মাউৰত সেই বিভাগৰ অধ্যক্ষ হয়। ১৯৪২ চনত তাত থকা স্নাতক বিদ্যালয়ৰ ডীন হিচাপে উঠিছিল। সেই বছৰতে তেওঁ আমেৰিকান ফিল’লজিকেল এছ’চিয়েশ্যনৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৪৭ চনত প্ৰথম মহিলা বিজ্ঞানী হিচাপে তেওঁক কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ছাথেৰ অধ্যাপিকা হিচাপে নিযুক্তি দিয়া হৈছিল। ১৯৪৩ চনৰপৰা ১৯৪৪ চনলৈকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ কৌশলগত সেৱাৰ কাৰ্যালয়ৰ প্ৰধান সমাজ বিজ্ঞান বিশ্লেষক আছিল। ১৯৪৫ চনত তেওঁ আমেৰিকান ফিল'চফিকেল ছ'চাইটিৰ সদস্য হিচাপে নিৰ্বাচিত হয়।৪ ১৯৫১ চনত তেওঁ আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইন্সেছৰ ফেলো নিৰ্বাচিত হয়।৫

১৯৫২ চনত ব্ৰিন মাউৰৰপৰা অৱসৰ গ্ৰহণ কৰি তেওঁ ৰোমৰ আমেৰিকান একাডেমীৰ ক্লাছিকেল স্কুলৰ প্ৰফেচাৰ-ইন-চাৰ্জ হিচাপে সক্ৰিয় হৈ থাকে,৬ আৰু নিউ জাৰ্চিৰ প্ৰিন্সটনৰ ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিৰ সদস্য হিচাপে সক্ৰিয় হৈ থাকে। সেই বছৰতে তেওঁ আমেৰিকান এছ’চিয়েশ্যন অৱ ইউনিভাৰ্চিটি উইমেনৰপৰা এচিভমেণ্ট বঁটা লাভ কৰে।

তেওঁ ব্ৰিন মাউৰত অসংখ্য স্নাতক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিছিল, বিশেষকৈ আইৰিন ৰ'জেনজৱেইগ (১৯৩১), বাৰ্থ মাৰ্টি (১৯৩৪), এগনেছ কিৰ্চপ লেক মিচেলছ (১৯৩৪), আৰু বেৰিল ৰ'ছন (১৯৬১)।১

১৯৬৯ চনৰ ১৮ নৱেম্বৰত পেনচিলভেনিয়াৰ ব্ৰিন মাউৰত এক হিট এণ্ড ৰাণ ঘটনাত ড্ৰাইভাৰে তেওঁক হত্যা কৰে।৭

তথ্যসূত্ৰ

  1. ↑ Ross Taylor
  2. ↑ Jennifer Scanlon; Shaaron Cosner. (1 January 1996). American Women Historians, 1700s-1990s: A Biographical Dictionary. Greenwood Publishing Group. পৃ. 220–. ISBN 978-0-313-29664-2
  3. ↑ "From the town of Ciciliano in Lazio, a notable tribute to Lily Ross Taylor FAAR’18" sofaarome.wordpress.com/2009/10/12/from-the-town
  4. ↑ APS Member History. search.amphilsoc.org
  5. ↑ Book of Members, 1780–2010: Chapter T. American Academy of Arts and Sciences
  6. ↑ timesmachine.nytimes.com/timesmachine/1952/04/07 "Named by School in Rome To Head Classical Studies" New York Times April 7, 1952
  7. ↑ "Dr. Lily R. Taylor of Bryn Mawr, 83" New York Times November 20, 1969 timesmachine.nytimes.com/timesmachine/1969/11/20

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লিলি ৰছ টেইলৰ” প্ৰবন্ধৰ সংশোধন ৫৮৪৭৯২ (৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।