অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

চিৰ'ছিছ্

চিৰ'ছিছ্, যাক লিভাৰ চিৰ'ছিছ্ বা হেপাটিক চিৰ'ছিছ্ বুলিও কোৱা হয়, আৰু শেষ পৰ্যায়ৰ যকৃতৰ ৰোগ, যকৃতৰ এনে এটা অৱস্থা য'ত দীৰ্ঘদিনীয়া যকৃতৰ ৰোগৰ ফলত স্বাভাৱিক কাৰ্য্যক্ষম কলা বা পেৰেনকাইমাৰ ঠাই ফাইব্ৰ'ছিছ আৰু পুনৰোৎপাদনশীল নোডুলে গ্ৰহণ কৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৫২৩ শব্দ · ৩ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

চিৰ'ছিছ্, যাক লিভাৰ চিৰ'ছিছ্ বা হেপাটিক চিৰ'ছিছ্ বুলিও কোৱা হয়, আৰু শেষ পৰ্যায়ৰ যকৃতৰ ৰোগ, যকৃতৰ এনে এটা অৱস্থা য'ত দীৰ্ঘদিনীয়া যকৃতৰ ৰোগৰ ফলত স্বাভাৱিক কাৰ্য্যক্ষম কলা বা পেৰেনকাইমাৰ ঠাই ফাইব্ৰ'ছিছ আৰু পুনৰোৎপাদনশীল নোডুলে গ্ৰহণ কৰে। ১ ২ ৩ যকৃতৰ ক্ষতিৰ ফলত যকৃতৰ কলা মেৰামতি হয় আৰু পৰৱৰ্তী সময়ত দাগযুক্ত কলা গঠন হয়। সময়ৰ লগে লগে পুনৰুত্পাদনশীল হেপাটোচাইটৰ দাগযুক্ত কলা আৰু নোডুলে পেৰেনকাইমাৰ ঠাই ল'ব পাৰে, যাৰ ফলত যকৃতৰ কেপিলাৰী — যকৃতৰ চাইন'ইডত তেজৰ প্ৰবাহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় ৪ — ফলস্বৰূপে পৰ্টেল হাইপাৰটেনচন, লগতে যকৃতৰ কাৰ্য্যক্ষমতাৰ অন্যান্য দিশত বিকলতাই দেখা দিয়ে। ১ ৫ সাধাৰণতে এই ৰোগ মাহ বা বছৰ ধৰি লাহে লাহে বিকশিত হয়।

চিৰ’ছিছৰ পৰ্যায়সমূহৰ ভিতৰত কম্পেন্সেটেড চিৰ’ছিছ আৰু ডিকম্পেন্সেটেড চিৰ’ছিছ আদি অন্তৰ্ভুক্ত। ৬ ৭ এই ৰোগৰ প্ৰাথমিক লক্ষণসমূহৰ ভিতৰত ভাগৰুৱা, দুৰ্বলতা, ভোক কমি যোৱা, আকস্মিকভাৱে ওজন কমি যোৱা, বমি বমি ভাৱ হোৱা, আৰু পেটৰ সোঁ-ফালে ওপৰৰ চতুৰ্থ অংশত অস্বস্তি হোৱা আদি লক্ষণে দেখা দিব পাৰে। ৮ এই ৰোগে বেছি জটিলতাৰ দিশে আগবাঢ়িলে ভৰিৰ তলৰ অংশত খজুৱতি, ভৰিৰ তলৰ অংশ ফুলা, পেটত তৰল পদাৰ্থ জমা হোৱা, জণ্ডিচ, সহজে ঘাঁ হোৱা, ছালত মকৰা সদৃশ ৰক্তবাহী নলী গঠন হোৱা আদি লক্ষণ দেখা দিব পাৰে। ৮ পেটত তৰল পদাৰ্থ জমা হোৱাৰ ফলত স্বতঃস্ফূৰ্ত সংক্ৰমণ হ'ব পাৰে। যকৃতৰ এনকেফেলোপেথী, খাদ্যনলী, পেট বা অন্ত্ৰৰ প্ৰসাৰিত শিৰাৰ পৰা ৰক্তক্ষৰণ আৰু যকৃতৰ কেন্সাৰ আদি অধিক গুৰুতৰ জটিলতাই দেখা দিয়ে। ৯

মদ্যপান সম্পৰ্কীয় যকৃতৰ ৰোগ, বিপাকীয় অকাৰ্য্যকৰীতা–সংক্ৰান্তিয় ষ্টেট’হেপাটাইটিছ ১০১১ হেৰ'ইনৰ অপব্যৱহাৰ, ১২ দীৰ্ঘদিনীয়া হেপাটাইটিছ বি, আৰু ক্ৰনিক হেপাটাইটিছ চি আদিবোৰেই চিৰ’ছিছৰ সাধাৰণ কাৰণ।৮১৩ কেইবাবছৰ ধৰি অধিক পৰিমাণে মদ্যপান কৰিলে যকৃতৰ ৰোগ হ'ব পাৰে। ১৪ যকৃতৰ ক্ষতিৰ আন এটা কাৰণ দীৰ্ঘ সময়ৰ বাবে হেৰ’ইন ব্যৱহাৰ বুলিও কোৱা হৈছে। ১৫ MASH ৰ কেইবাটাও কাৰণ আছে, মেদবহুলতা, উচ্চ ৰক্তচাপ, কলেষ্টেৰলৰ অস্বাভাৱিক মাত্ৰা, ২য় প্ৰকাৰৰ ডায়েবেটিছ, আৰু বিপাকীয় চিনড্ৰম। ১৬ চিৰ'ছিছৰ আন কিছুমান লঘু কাৰণ হ'ল অটোইম্যুন হেপাটাইটিছ, প্ৰাথমিক পিত্ত কলেঞ্জাইটিছ, আৰু পিত্তনলীৰ কাৰ্য্যকলাপত ব্যাঘাত জন্মোৱা প্ৰাথমিক স্ক্লেৰ'ছিং কলেঞ্জাইটিছ, জিনীয় বিকাৰ যেনে উইলছন ৰোগ আৰু বংশগত হিম'ক্ৰ'মেট'ছিছ, আৰু যকৃত কংজেছনৰ লগতে দীৰ্ঘদিনীয়া হৃদযন্ত্ৰৰ বিকলতা। ৮

ৰোগ নিৰ্ণয় তেজৰ পৰীক্ষা, মেডিকেল ইমেজিং, আৰু লিভাৰ বায়’প্সিৰ ওপৰত আধাৰিত।

হেপাটাইটিছ বি ভেকচিনে হেপাটাইটিছ বি আৰু ইয়াৰ পৰা চিৰ’ছিছৰ বিকাশ প্ৰতিৰোধ কৰিব পাৰে। কিন্তু হেপাটাইটিছ চিৰ কোনো প্ৰতিষেধক উপলব্ধ নহয়। ১৭ চিৰ’ছিছৰ কোনো নিৰ্দিষ্ট চিকিৎসা জনা নাযায় যদিও বহুতো অন্তৰ্নিহিত কাৰণ কেইবাটাও ঔষধৰ দ্বাৰা চিকিৎসা কৰা হ’ব পাৰে যিয়ে ৰোগীৰ অৱস্থা একেবাৰেই বেয়া হোৱাটো লেহেমীয়া বা ৰোধ কৰিব পাৰে। হেপাটাইটিছ বি আৰু চি এণ্টিভাইৰেল ঔষধৰ দ্বাৰা চিকিৎসা কৰিব পাৰি। ১৭ সকলো ক্ষেত্ৰতে মদ্যপান পৰিহাৰ কৰাটো বাঞ্ছনীয়। ১৭ ষ্টেৰইড ঔষধৰ দ্বাৰা অটোইম্যুন হেপাটাইটিছৰ চিকিৎসা কৰিব পাৰি। ১৭ পিত্তনলী বন্ধ হোৱাৰ বাবে যদি এই ৰোগ হয় তেন্তে উৰ্ছডিঅল উপযোগী হ’ব পাৰে। ১৭ পেট বা ভৰি ফুলা, যকৃতৰ এনকেফেলোপেথী, আৰু খাদ্যনলীৰ শিৰা প্ৰসাৰিত হোৱা জটিলতাৰ বাবে অন্যান্য ঔষধ উপযোগী হ'ব পাৰে। ১৭ যদি চিৰ'ছিছৰ ফলত যকৃত বিকল হয়, যকৃত প্ৰতিষ্ঠাপন এটা বিকল্প হ'ব পাৰে। ১৮ পেটৰ আল্ট্ৰাছাউণ্ড ব্যৱহাৰ কৰি যকৃতৰ কৰ্কট ৰোগৰ বাবে দ্বিবাৰ্ষিক পৰীক্ষা কৰাটো বাঞ্ছনীয় ১৯ ২০ কাৰণ ডিছপ্লাষ্টিক নোডুলৰ পৰা উদ্ভৱ হোৱা হেপাটোচেলুলাৰ কাৰ্চিনোমাৰ আশংকা বেছি। ২১

২০১৫ চনত চিৰ’ছিছ ৰোগত আক্ৰান্ত হৈছিল প্ৰায় ২.৮ মিলিয়ন লোক। ইয়াৰ ফলত ১.৩ লাখ লোকৰ মৃত্যু হয়। ২২ ২৩ এই মৃত্যুৰ ভিতৰত মদ্যপানৰ ফলত ৩ লাখ ৪৮ হাজাৰ (২৭%), হেপাটাইটিছ চি ৰ ফলত ৩২৬,০০০ (২৫%), আৰু হেপাটাইটিছ বিৰ ফলত ৩ লাখ ৭১ হাজাৰ (২৮%)। ২৩ আমেৰিকাত মহিলাতকৈ অধিক পুৰুষৰ চিৰ’ছিছ ৰোগত মৃত্যু হয়। ২৪ এই অৱস্থাৰ প্ৰথম জ্ঞাত বৰ্ণনা খ্ৰীষ্টপূৰ্ব পঞ্চম শতিকাত হিপ’ক্ৰেটিছে। ২৫ "চিৰ'ছিছ" শব্দটো ১৮১৯ চনত গ্ৰীক শব্দ "কিৰ'ছ"ৰ পৰা উদ্ভৱ হৈছিল, যিটোৱে ৰোগীয়া যকৃতৰ হালধীয়া ৰং বুজায়। ২৬

চিৰ "ছিছ সম্পৰ্কীয় ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিকলতা চি3, চি4 ধৰি যকৃতত পৰিপূৰক উপাদান সংশ্লেষণ হ্ৰাস হোৱা আৰু মুঠ পৰিপূৰৰ কাৰ্য্যকলাপ হ্ৰাস পোৱাৰ ফলত হয় (চি. এইচ. 50)।২৭ পৰিপূৰক প্ৰণালীটো সহজাত ৰোগ প্ৰতিৰোধ প্ৰণালীৰ এটা অংশ আৰু ই ৰোগ প্ৰৱণ কোষ আৰু এণ্টিবডিবোৰক ৰোগাণু ধ্বংস কৰাত সহায় কৰে। যকৃতই কমপ্লিমেণ্ট কাৰক উৎপন্ন কৰে, কিন্তু চিৰ "ছিছত ই হ্ৰাস হ" ব পাৰে, যাৰ ফলত সংক্ৰমণৰ আশংকা বৃদ্ধি পায়। তীব্ৰ পৰ্যায়ৰ প্ৰ 'টিন (যি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে) আৰু দ্ৰৱণীয় আৰ্হি চিনাক্তকৰণ গ্ৰাহক (যি ৰক্তকণিকাৰ দ্বাৰা ৰোগ সৃষ্টিকাৰী জীৱাণু চিনাক্তকৰণত সহায় কৰা হয়) চিৰ "ছিছ থকা লোকসকলৰ ক্ষেত্ৰতো হ্ৰাস পায়, যাৰ ফলত ৰোগ প্ৰৱণ ক্ষমতা অধিক দুৰ্বল হৈ পৰে।২৭ চিৰ "ছিছ কুপফাৰ কোষ কাৰ্য্যক্ষমতা হ্ৰাস হোৱাৰ সৈতেও জড়িত, যিয়ে সংক্ৰমণৰ আশংকা আৰু বৃদ্ধি কৰে। কুপফাৰ কোষসমূহ যকৃতত থকা স্থায়ী মেক্ৰ 'ফেজ যিয়ে ৰোগাণু ধ্বংস কৰাত সহায় কৰে।২৭

তথ্যসূত্ৰ

  1. ↑ (29 June 2020). Cirrhosis. nhs.uk
  2. ↑ (2014). Liver cirrhosis. The Lancet. পৃ. 1749–1761
  3. ↑ (31 October 2022). StatPearls (Internet). StatPearls Publishing
  4. ↑ (8 June 2018). Sherlock's diseases of the liver and biliary system. Wiley Blackwell. পৃ. 82–92. ISBN 978-1-119-23756-3
  5. ↑ (2021). The Inside-Out of End-Stage Liver Disease: Hepatocytes are the Keystone. Seminars in Liver Disease. পৃ. 213–224
  6. ↑ (2024). Cirrhosis of the liver. Cleveland clinic
  7. ↑ (8 June 2018). Sherlock's diseases of the liver and biliary system. Wiley Blackwell. পৃ. 107–126. ISBN 978-1-119-23756-3
  8. ↑ Symptoms & Causes of Cirrhosis · NIDDK. National Institute of Diabetes and Digestive and Kidney Diseases
  9. ↑ Definition & Facts for Cirrhosis · NIDDK. National Institute of Diabetes and Digestive and Kidney Diseases
  10. ↑ (2024). A multisociety Delphi consensus statement on new fatty liver disease nomenclature. Annals of Hepatology
  11. ↑ (April 2019). Noninvasive Assessment of Liver Disease in Patients With Nonalcoholic Fatty Liver Disease. Gastroenterology. পৃ. 1264–1281.e4
  12. ↑ (February 2010). Ultrastructural Changes In The Liver Of Intravenous Heroin Addiction. Journal of the Association of Basic Medical Sciences. পৃ. 36–43
  13. ↑ (January 2015). Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990-2013: a systematic analysis for the Global Burden of Disease Study 2013. Lancet. পৃ. 117–171
  14. ↑ Alcoholic liver disease. MedlinePlus Medical Encyclopedia
  15. ↑ Heroin and Liver Damage. Banyan Medical Centers
  16. ↑ Definition & Facts of NAFLD & NASH · NIDDK. National Institute of Diabetes and Digestive and Kidney Diseases
  17. ↑ (April 23, 2014). Cirrhosis. National Institute of Diabetes and Digestive and Kidney Diseases
  18. ↑ Definition & Facts of NAFLD & NASH · NIDDK. National Institute of Diabetes and Digestive and Kidney Diseases
  19. ↑ Grady, John. (15 February 2024). Back to Basics: Outpatient Management of Cirrhosis. Liver Fellow Network. American Association for the Study of Liver Diseases
  20. ↑ (2023). AASLD Practice Guidance on prevention, diagnosis, and treatment of hepatocellular carcinoma. Hepatology. পৃ. 1922–1965
  21. ↑ (2023). Current Concepts of Precancerous Lesions of Hepatocellular Carcinoma: Recent Progress in Diagnosis. Diagnostics. পৃ. 1211
  22. ↑ Vos; Allen, Christine; Arora, Megha. (October 2016). Global, regional, and national incidence, prevalence, and years lived with disability for 310 diseases and injuries, 1990-2015: a systematic analysis for the Global Burden of Disease Study 2015. Lancet. পৃ. 1545–1602
  23. ↑ (October 2016). Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015. Lancet. পৃ. 1459–1544
  24. ↑ (April 23, 2014). Cirrhosis. National Institute of Diabetes and Digestive and Kidney Diseases
  25. ↑ (2012). Elective general surgery: an evidence-based approach. McGraw-Hill Medical. পৃ. 36. ISBN 978-1-60795-109-4
  26. ↑ (September 2006). Rene Theophile Hyacinthe Laënnec (1781-1826): the man behind the stethoscope. Clinical Medicine & Research. পৃ. 230–235
  27. ↑ Bajaj; Kamath, Patrick S.; Reddy, K. Rajender. (17 June 2021). The Evolving Challenge of Infections in Cirrhosis. New England Journal of Medicine. পৃ. 2317–2330

সম্পৰ্কিত শ্ৰেণী

ৰোগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰ'ছিছ্” প্ৰবন্ধৰ সংশোধন ৬২৪৮৮৫ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।