চাহ
৬ প্ৰবন্ধ
-
মছলা চাহ
মছলা চাহ বুলিলে সচৰাচৰ সুগন্ধিযুক্ত একপ্ৰকাৰ উষ্ণ পানীয়ক বুজায়, যি ক'লা চাহ পাতৰ লগত বিভিন্ন ধৰণৰ মছলা আৰু ভেষজৰ লগত পানীত গৰম কৰি প্ৰস্তুত কৰা হয়। যি মূলতঃ ভাৰতীয় উপমহাদেশত উদ্ভাৱিত, কিন্তু বিশ্বব্যাপী সমাদৃত হৈছে। মছলা চাহ ৰেস্তোৰাঁ বা কফি হাউজৰ এটি আৱশ্যক বা জনপ্ৰিয় বৈশিষ্ট্য।
-
গ্ৰীণ টী
গ্ৰীণ টী বা সেউজ চাহ হৈছে এক প্ৰকাৰৰ চাহ। ইয়াক কেমেলিয়া চাইনেনচিছৰ (Camellia sinensis) অ'লং চাহ আৰু ৰঙা চাহ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা শুষ্ককৰণ আৰু অক্সাইড প্ৰক্ৰিয়া প্ৰয়োগ নকৰা পাত আৰু কোঁহৰ পৰা প্ৰস্তুত কৰা হয়।
-
ৰঙা চাহ
ৰঙা চাহ বা লাল চাহ (Black Tea) হৈছে এক প্ৰকাৰৰ চাহ যি উলং, হালধীয়া, বগা আৰু সেউজীয়া চাহতকৈ অধিক অক্সিডাইজ যুক্ত। সাধাৰণতে আন চাহতকৈ লাল চাহৰ সোৱাদ অধিক শক্তিশালী।
-
কংৰা চাহ
কংৰা চাহ ভাৰতৰ হিমাচল প্ৰদেশৰ কংৰা জিলাৰ এবিধ চাহ। ১৯ শতিকাৰ মাজভাগৰপৰা কংৰা উপত্যকাত ক’লা চাহ আৰু সেউজীয়া চাহ দুয়োটা উৎপাদন হৈ আহিছে। ২০০৫ চনত কংৰা চাহক ভৌগোলিক সূচক মৰ্যাদা দিয়া হৈছিল।
-
চিলন চাহ
চিলন চাহ (Ceylon tea) শ্ৰীলংকাত উৎপাদিত চাহৰ এবিধ ব্ৰেণ্ড। এই শব্দটোৱে ঐতিহাসিকভাৱে সেই দেশৰ চাহকো সূচায়। চিলন চাহক কেৱল ভৌগোলিক বৰ্ণনাকাৰী হিচাপেই নহয়, শ্ৰীলংকাৰ সংস্কৃতি, ঐতিহ্য আৰু পৰিচয়ৰ ঘাইখুঁটা হিচাপেও বৰ্ণনা কৰা হৈছে।
-
দাৰ্জিলিং চাহ
দাৰ্জিলিং চাহ কেমেলিয়া চিনেনচিচ্ প্ৰজাতিৰপৰা উৎপাদিত, যি ভাৰতৰ পশ্চিম বংগৰ দাৰ্জিলিং জিলা বা কালিম্পং জিলাত খেতি আৰু প্ৰক্ৰিয়াকৰণ কৰা হয়। ২০০৪ চনৰপৰা দাৰ্জিলিং চাহ শব্দটোৱে দাৰ্জিলিং আৰু কালিম্পঙৰ ভিতৰৰ কিছুমান বাগিচাত উৎপাদিত সামগ্ৰীক বুজাই পঞ্জীয়নভুক্ত ভৌগোলিক ইংগিত হিচাপে পৰিগণিত হৈছে।