অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

চাৰ অধ্যায়

চাৰ অধ্যায় (ইংৰাজী: Four Chapters) হৈছে ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত, কুমাৰ শ্বাহানীৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখনি ড্ৰামা চলচ্চিত্ৰ৷ চলচ্চিত্ৰখনি ৰবীন্দ্ৰনাথ ঠাকুৰৰ অন্তিম উপন্যাসৰ ওপৰত আধাৰিত৷উপন্যাসখন লিখা হৈছিল ১৯৩৪ চনত৷ ১৯৩০আৰু ১৯৪০ৰ দশকৰ বাংলা ৰেনেছাঁৰ অন্তিমছোৱা সময়ৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা…

হালনাগাদ: ৩ অক্টোবৰ ২০২১ ১০৭ শব্দ · ১ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

চাৰ অধ্যায় (ইংৰাজী: Four Chapters) হৈছে ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত, কুমাৰ শ্বাহানীৰ দ্বাৰা লিখিত আৰু পৰিচালিত এখনি ড্ৰামা চলচ্চিত্ৰ৷ চলচ্চিত্ৰখনি ৰবীন্দ্ৰনাথ ঠাকুৰৰ অন্তিম উপন্যাসৰ ওপৰত আধাৰিত৷উপন্যাসখন লিখা হৈছিল ১৯৩৪ চনত৷১

১৯৩০আৰু ১৯৪০ৰ দশকৰ বাংলা ৰেনেছাঁৰ অন্তিমছোৱা সময়ৰ পটভূমিত ছবিখন নিৰ্মাণ কৰা হৈছিল৷ ইয়াৰ লগতে ভাৰতীয় স্বাধীনতা আন্দোলনত অংশ লোৱা এচাম উদীয়ামান ডেকা বিপ্লৱীৰ কৰ্মকাণ্ড ছবিখনত সন্নিৱিষ্ট হৈছিল৷ ১২৩

ছবিখনত অভিনয় কৰা অধিকাংশ অভিনেতাই আছিল অপেছাদাৰী শিল্পী৷ নন্দিনী ঘোষাল আছিল কেলুচৰণ মহাপাত্ৰৰ অধীনত শিক্ষা লোৱা এগৰাকী ওডিছি নৃত্যশিল্পী৷ আনহাতে কৌশিক গোপাল আছিল ছাইক'এনেলিষ্ট৷ সুমন্ত ছট্টোপাধ্যায়ে বিজ্ঞাপনৰ কাম চোৱাৰ লগতে থিয়েটাৰ গোষ্ঠীত অভিনয় কৰিছিল৷৩

অভিনয়-শিল্পী

  • সুমন্ত ছট্টোপাধ্যায় (অতীন্দ্ৰ)
  • নন্দিনী ঘোষাল (ইলা)
  • কৌশিক গোপাল (ইন্দ্ৰনাথ)
  • শিৱপ্ৰসাদ মূখাৰ্জী
  • শ্ৰুতি ইউছিফী
  • ৰজত কাপুৰ
  • ৰামচন্দ্ৰ পৰিহাৰ

তথ্যসূত্ৰ

  1. ↑ Rabindranath Tagore. (2011). The Essential Tagore. Harvard University Press. পৃ. 656. ISBN 978-0-674-05790-6
  2. ↑ Kumar Shahani. The 5th Asia Pacific Triennial of Contemporary Art
  3. ↑ Madhu Jain. (14 July 1997). Char Adhyay: Tagore novel adaptation is set to create ripples. India Today

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰ অধ্যায়” প্ৰবন্ধৰ সংশোধন ৩০২৭৩০ (৩ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।