প্ৰশাসনিক অঞ্চল
৬ প্ৰবন্ধ
-
দেশ
ভূগোলৰ মতে দেশ হ'ল একোটা ভৌগোলিক অঞ্চল। এই দেশ শব্দটিয়ে প্ৰায়েই ৰাজনৈতিক বিভাগ বা সাৰ্বভৌমিক ৰাষ্ট্ৰ অঞ্চল বা জনৈক ৰাজনৈতিক বিভাগৰ ভৌগোলিক অঞ্চলক সূচিত কৰে। সাধাৰণতে দেশ বুলিলে সাৰ্বভৌমিক ৰাষ্ট্ৰৰ ধাৰণাৰ স’তে মিলি যায় যায় আৰু ই ৰাষ্ট্ৰ, জাতি বা চৰকাৰৰ সৈতে সংযুক্ত।
-
চহৰ
চহৰ (City) হ'ল অপেক্ষাকৃতভাৱে ডাঙৰ আৰু স্থায়ী নিবাস। প্ৰায় একে অৰ্থ বুজোৱা নগৰ শব্দৰ পৰা চহৰক কেনেকৈ পৃথক কৰা হয়, সেই বিষয়ে ভিন্নমত আছে। অনেক চহৰৰ নিজস্ব প্ৰশাসন, ইতিহাস আৰু আইন থাকে। সাধাৰণতে চহৰৰ নিজস্ব বিভিন্ন ব্যৱস্থা থাকে, যেনে: পয়োঃনিষ্কাশন, মাটিৰ ব্যৱহাৰ, ঘৰ, পৰিবহণ ইত্যাদি।
-
মটক ৰাজ্য
মটক ৰাজ্য বা মটক সাম্ৰাজ্য অসমৰ আহোম ৰাজ্যৰ ভিতৰত ১৯ শতিকাৰ স্বায়ত্তশাসিত অঞ্চল। ইয়াক বৰসেনাপতি ("গ্ৰেট জেনেৰেল") দ্বাৰা পৰিচালিত কৰিছিল।
-
মৌজা
বাংলাদেশ, পাকিস্তান আৰু ভাৰতৰ কিছু অংশত মৌজা হৈছে একপ্ৰকাৰৰ প্ৰশাসনিক জিলা, যিটো এটা নিৰ্দিষ্ট ভূমি অঞ্চলৰ সৈতে মিল খায় যাৰ ভিতৰত এটা বা ততোধিক বসতি থাকিব পাৰে। ২০ শতিকাৰ আগতে এই শব্দটোৱে পৰগনা বা ৰাজহ জিলাৰ ঠিক তলত থকা ৰাজহ সংগ্ৰহৰ এককক বুজাইছিল।
-
আকছাই চীন
আকছাই চীন (Aksai Chin: ﺋﺎﻗﺴﺎﻱ ﭼﯩﻦ: 阿克赛钦) এটি জিনজিয়াং আৰু তিব্বত স্বায়ত্তশাসিত অঞ্চল (বেছিভাগ জিনজিয়াংৰ হোটন কাউণ্টিৰ অংশ) দ্বাৰা পৰিচালিত এটি অঞ্চল, লাদাখৰ কেন্দ্ৰীয় শাসিত অঞ্চল বুলি ভাৰত দাবি কৰিছে আৰু বৃহত্তৰ পুৱ অংশটো গঠন কৰিছে কাশ্মীৰ অঞ্চল যিটো ১৯৬২ চনৰ পৰা ভাৰত আৰু চীনৰ মাজত বিবাদৰ বিষয়।
-
আৰক্ষী অভিযোগ কৰ্তৃপক্ষ (ভাৰত)
আৰক্ষী অভিযোগ কৰ্তৃপক্ষ (PCA) হৈছে এটা সংস্থা যিয়ে ভুল বা তদন্তৰ কেণা লগা, এফআইআৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰা, জিম্মাত লোৱা নিৰ্যাতন আৰু আৰক্ষীৰ বিৰুদ্ধে উচ্চ হাতৰ অভিযোগৰ ওপৰত বিচাৰ কৰে।