অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চন্দ্ৰাবতী দেৱী

চন্দ্ৰাবতী দেৱী (Chandrabati Devi; ১৯ অক্টোবৰ ১৯০৯- ২৯ এপ্ৰিল ১৯৯২) এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। অভিজাত পৰিয়ালৰ মহিলাসকলৰ বাবে অভিনয় কল্পনা কৰিব নোৱাৰা যুগত তেওঁ সমাজৰ নীতি-নিয়মক অৱজ্ঞা কৰি হিন্দী আৰু বাংলা চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তুলিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চন্দ্ৰাবতী দেৱী (Chandrabati Devi; ১৯ অক্টোবৰ ১৯০৯- ২৯ এপ্ৰিল ১৯৯২) এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। অভিজাত পৰিয়ালৰ মহিলাসকলৰ বাবে অভিনয় কল্পনা কৰিব নোৱাৰা যুগত তেওঁ সমাজৰ নীতি-নিয়মক অৱজ্ঞা কৰি হিন্দী আৰু বাংলা চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তুলিছিল।১২৩ মুজাফ্ফৰপুৰত জন্মগ্ৰহণ কৰা চন্দ্ৰাৱতী কলকাতালৈ গুচি যায় আৰু তাৰ পৰাই বাংলা সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰি দিনেন্দ্ৰনাথ ঠাকুৰৰ নিৰ্দেশনাত সংগীতৰ প্ৰশিক্ষণ লয়। তেওঁৰ স্বামী বিমল পালে তেওঁক নিৰ্বাক চলচ্চিত্ৰ জগতত প্ৰৱেশৰ সুবিধা কৰি দিছিল। তেওঁ স্বামীৰ সৈতে 'মুভী পিকচাৰ্ছ' প্ৰতিষ্ঠা কৰিছিল আৰু নিৰ্বাক চলচ্চিত্ৰ "পিয়াৰী"ত (১৯২৯) আত্মপ্ৰকাশ কৰি তাৰকাত্বৰ উচ্চতাত উপনীত হৈছিল। সম্ভৱতঃ তেওঁ বংগৰ প্ৰথমগৰাকী মহিলা চলচ্চিত্ৰ প্ৰযোজক হৈছিল। প্ৰত্যাহ্বানৰ মাজতো তেওঁ দেৱকী বসুৰ কাল্ট ক্লাছিক "মীৰাবাই" (১৯৩৩) (মীৰাৰ চৰিত্ৰত), "দেৱদাস" (চন্দ্ৰমুখীৰ চৰিত্ৰত) আৰু "দক্ষযজ্ঞ" অভিনয় কৰি শৰচন্দ্ৰ চট্টোপাধ্যায়ৰ নায়িকাসকলৰ চৰিত্ৰত স্থায়ী প্ৰভাৱ পেলাইছিল।

কেৰিয়াৰ আগবাঢ়ি যোৱাৰ লগে লগে "অগ্নি পৰীক্ষা" আৰু "আমি ছিৰাজেৰ বেগম"ত স্মৰণীয় অভিনয়ৰে তেওঁৰ চৰিত্ৰবোৰলৈও পৰিৱৰ্তিত আহিল। এগৰাকী প্ৰতিভাৱান লেখিকা আৰু সম্পাদিকা চন্দ্ৰাৱতীয়ে গোটেই জীৱন শিল্পৰ বিশুদ্ধতাৰ প্ৰতি দায়বদ্ধ হৈ থাকিল। ১৯৯২ চনৰ ২৯ এপ্ৰিলত ৮২ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ Movies of Chandrabati Devi. fridaycinemas.co
  2. ↑ Artist Chandrabati Debi. Saregama
  3. ↑ Chandrabati Devi movies, filmography, biography and songs - Cinestaan.com. Cinestaan

সম্পৰ্কিত শ্ৰেণী

বঙালী চলচ্চিত্ৰৰ অভিনেত্ৰীনিৰ্বাক চলচ্চিত্ৰৰ অভিনেত্ৰীচলচ্চিত্ৰ প্ৰযোজক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰাবতী দেৱী” প্ৰবন্ধৰ সংশোধন ৬৩৭০৩১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।