নিৰ্বাক চলচ্চিত্ৰৰ অভিনেত্ৰী
৫ প্ৰবন্ধ
-
উমাশশী
উমাশশী (Umasashi; ১৯১৫-২০০০) এগৰাকী ভাৰতীয় বঙালী চলচ্চিত্ৰ অভিনেত্ৰী আছিল। তেওঁ ১৯২৯-ৰ পৰা ১৯৫১ চনলৈ বিভিন্ন ভূমিকাত অভিনয় কৰিছিল। কুন্দনলাল চাইগল, পাহাড়ী সান্যাল আৰু পৃথ্বীৰাজ কাপুৰ আদিৰ সৈতে তেওঁৰ যুটি সেই সময়ত যথেষ্ঠ জনপ্ৰিয় আছিল।
-
ইন্দিৰা দেৱী
ইন্দিৰা দেৱী (জন্ম: Effie Hippolet; Indira Devi) ভাৰতীয় চলচ্চিত্ৰৰ প্ৰাৰম্ভিক নিৰ্বাক যুগৰ এগৰাকী অভিনেত্ৰী আছিল। তেওঁৰ জন্মৰ নাম আছিল এফি হিপ'লেট।
-
এৰমেলিণ্ডা
এৰমেলিণ্ডা কাৰ্ডোজো (Ermelinda Cardozo; ৭ মে' ১৯০৮ – অজ্ঞাত) ভাৰতীয় চলচ্চিত্ৰৰ নিৰ্বাৰ যুগৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল; যিগৰাকী এৰমেলিন বা মঞ্চনাম সুধাবালা বুলিও পৰিচিত। হিন্দী চলচ্চিত্ৰ জগতৰ কাপুৰ পৰিয়ালৰ পিতৃপুৰুষ পৃথ্বীৰাজ কাপুৰক চলচ্চিত্ৰ অভিনয়লৈ অনাৰ কৃতিত্ব তেওঁক প্ৰায়ে দিয়া হয়।
-
চন্দ্ৰাবতী দেৱী
চন্দ্ৰাবতী দেৱী (Chandrabati Devi; ১৯ অক্টোবৰ ১৯০৯- ২৯ এপ্ৰিল ১৯৯২) এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। অভিজাত পৰিয়ালৰ মহিলাসকলৰ বাবে অভিনয় কল্পনা কৰিব নোৱাৰা যুগত তেওঁ সমাজৰ নীতি-নিয়মক অৱজ্ঞা কৰি হিন্দী আৰু বাংলা চলচ্চিত্ৰত কেৰিয়াৰ গঢ়ি তুলিছিল।
-
ফিৰোজা বেগম
ফিৰোজা বেগম (Firoza Begum) এগৰাকী ইহুদী ভাৰতীয় অভিনেত্ৰী আছিল। তেওঁ কেইবাখনো বলীউড আৰু মলিউড ছবিত অভিনয় কৰিছিল। ১৯২০ আৰু ১৯৩০ দশকত তেওঁ যথেষ্ট জনপ্ৰিয় আছিল।